প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উত্তৰপ্ৰদেশৰ মন্ত্ৰী শ্ৰী বিজয় কাশ্যপৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 18 MAY 2021 11:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশৰ মন্ত্ৰী শ্ৰী বিজয় কাশ্যপৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটাৰযোগে এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “বিজেপি নেতা তথা উত্তৰপ্ৰদেশ চৰকাৰৰ মন্ত্ৰী বিজয় কাশ্যপ জীৰ বিয়োগত অত্যন্ত দুখ অনুভৱ কৰিছো৷ তেওঁ তৃণমূল কৰ্মীৰ সৈতে জড়িত নেতা আৰু সদায় জনহিতকৰ কামৰ প্ৰতি সমৰ্পিত আছিল৷ এই শোকাকূল মুহূৰ্তত তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো৷ ঔম শান্তি!”

*****

DS/SH/DB


(Release ID: 1719933) Visitor Counter : 91