PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 17 MAY 2021 2:31PM by PIB Guwahati

#Unite2FightCorona

#IndiaFightsCorona

প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ভাৰত চৰকাৰ

 

২৬দিনৰ পিচত নতুনকৈ কভিড আক্ৰান্তৰ সংখ্যা ৩লাখৰ তললৈ নামিল

  • আজিৰ তাৰিখত ভাৰতৰ আৰোগ্য লাভ কৰা লোকৰ সৰ্বমুঠ সংখ্যা হৈছেগৈ ২,১১,৭৪,০৭৬গৰাকী। আৰোগ্যৰ ৰাষ্ট্ৰীয় গড় হাৰ হল ৬৪.৮১%
  • যোৱা ২৪ঘণ্টাত আৰোগ্য লাভ কৰে ৩,৭৮,৭৮১গৰাকীয়ে।
  • সেইদৰে ২৪ঘণ্টাত আৰোগ্য লাভ কৰা লোকৰ সংখ্যাই অতিক্ৰম কৰিছে নতুন আক্ৰান্তৰ সংখ্যাক। যোৱা ৭দিনত এয়া ষষ্ঠবাৰৰ বাবে আৰু একেৰাহে চতুৰ্থটো দিনৰ বাবে সম্ভৱ হৈছে।
  • মৃত্যুৰ ৰাষ্ট্ৰীয় গড় হাৰ হৈছে ১.১০%
  • তদুপৰি, বিদেশী সাহাষ্য সামগ্ৰী তত্কালীন ভাবে মোকলাই দিয়া, বিতৰণ কৰা আৰু ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰেৰণৰ দিহা কৰা হৈছে। সামগ্ৰিক ভাবে ১১,০৫৮টা অক্সিজেন কনচেণ্ট্ৰেটৰ, ১৩,৪৯৬টা অক্সিজেন চিলিণ্ডাৰ, ১৯টা অক্সিজেন জেনেৰেটৰ প্লাণ্ট, ৭৩৬৫টা ভেণ্টিলেটৰ/বাই পেপ, ৫.৩লাখ ৰেমডিচিভিৰ ভাইল এই পৰ্যন্ত প্ৰেৰণ আৰু প্ৰদান কৰা হৈছে।.

সবিশেষ জনাৰ বাবে : https://pib.gov.in/PressReleasePage.aspx?PRID=1719267

 

কেন্দ্ৰীয় চৰকাৰে এই পৰ্যন্ত ২০কোটিৰো অধিক পালি প্ৰতিষেধক ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ যোগান ধৰিছে

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হাতত এতিয়াও দিব পৰাকৈ ২কোটি পালিৰো অধিক প্ৰতিষেধক মজুত আছে। ইফালে, আগন্তুক ৩টা দিনত প্ৰায় ৩লাখ পালি অতিৰিক্ত ভাবে লাভ কৰিব ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে।

 

সবিশেষ জনাৰ বাবে  : https://pib.gov.in/PressReleasePage.aspx?PRID=1719266

 

ডুবাইলৈ অক্সিজেন কণ্টেইনাৰ কঢ়িয়াইছে আইএএফ-ই

ইফালে, ভাৰতীয় বায়ু সেনা বাহিনীৰ গধুৰ সামগ্ৰী পৰিবাহী বিমানসমূহে যোৱা ২২দিন ধৰি ক্ৰায়জেনিক অক্সিজেনৰ খালী টেংকাৰসমূহ ভাৰতৰ বিভিন্ন ফিলিং ষ্টেশ্যনসমূহলৈ কঢ়িয়াই নিছে, যাতে সেইসমূহত গেছ ভৰোৱাৰ পিচত স্থলপথ আৰু ৰেলপথৰে নিৰ্দ্ধাৰিত গন্তব্য স্থানসমূহৈ নিয়াৰ ব্যৱস্থা কৰিব পৰা যায়।

 

For Details: https://pib.gov.in/PressReleasePage.aspx?PRID=1719272

 

IMPORTANT TWEETS

 

***

MV/AP



(Release ID: 1719481) Visitor Counter : 109


Read this release in: English , Marathi , Bengali , Punjabi