কেবিনেট
কেন্দ্ৰীয় কেবিনেটে বিমান যাত্ৰীৰ ৰজ্জুপথ প্ৰণালী বিকাশৰ বাবে ভাৰত-তিব্বত সীমান্ত আৰক্ষী বাহিনীৰ (আইটিবিপি) ভূমি উত্তৰাখণ্ড চৰকাৰলৈ হস্তান্তৰ কৰিবলৈ অনুমোদন জনাইছে
प्रविष्टि तिथि:
13 MAY 2021 12:42PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত কেন্দ্ৰীয় কেবিনেটে আজি মুছৌৰীত ১৫০০ বৰ্গ মিটাৰ ভাৰত-তিব্বত সীমান্ত আৰক্ষী বাহিনীৰ (আইটিবিপি) ভূমি উত্তৰাখণ্ড চৰকাৰলৈ হস্তান্তৰ কৰাৰ বাবে অনুমোদন জনায়I ৰাজ্য চৰকাৰক ইয়াৰ অন্যতম মৌলিক প্ৰকল্প ডেৰাডুন আৰু মুছৌৰীৰ মাজত বিমান যাত্ৰীৰ ৰজ্জুপথ ব্যৱস্থা নিৰ্মাণ কৰিবলৈ সক্ষম কৰে।
প্ৰস্তাৱিত ৰ'পৱে হৈছে ৫৫৮০ মিটাৰ দৈৰ্ঘ্যৰ মনো-কেবল ৰ'পৱে যাক ডেৰাডুনৰ ইয়াৰ নিম্ন টাৰ্মিনেল ষ্টেচন পুৰকুল গাঁৱত ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ (পি) অধীনত নিৰ্মাণ কৰা হ'ব আৰু মুচুৰীৰ আপাৰ টাৰ্মিনেল ষ্টেচন লাইব্ৰেৰীত নিৰ্মাণ কৰা হ'ব। আনুমানিক ২৮৫ কোটি টকা ব্যয় হোৱা ৰ'পৱেটোৱে দুয়োদিশৰ পৰা প্ৰতি ঘণ্টাত ১০০০ যাত্ৰী होगीI কৰে, যাৰ ফলত ডেৰাডুন আৰু মুচুৰীৰ মাজৰ পথত যান-বাহনৰ চলাচল যথেষ্ট হ্ৰাস পাব।
ইয়াৰ উপৰিও, প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পিছত এই ৰ'পৱে পৰ্যটকৰ বাবে এক মুখ্য আকৰ্ষণ হ'ব। ৩৫০ জন লোকৰ লগতে ১৫০০ ৰো অধিক লোকক প্ৰত্যক্ষ নিযুক্তি প্ৰদান কৰিব ই, যি ৰাজ্যখনৰ পৰ্যটন উদ্যোগক উৎসাহিত কৰাৰ লগতে পৰ্যটন খণ্ডত অতিৰিক্ত নিযুক্তিৰ সুযোগ সৃষ্টি কৰিবI
*****
DS/RD
(रिलीज़ आईडी: 1718228)
आगंतुक पटल : 239
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam