বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

অসমৰ ৬গৰাকী যুৱতীয়ে বিকশিত কৰা জৈৱিক ভাবে পচন যোগ্য যোগাসনে সম্ভৱ কৰিব পাৰে জলাশয়বোৰত মেটেকাই সৃষ্টি কৰা সমস্যাৰ সমাধান

Posted On: 04 MAY 2021 1:14PM by PIB Guwahati

অসমৰ মাচুৱৈ সম্প্ৰদায়ৰ ছগৰাকী যুৱতীয়ে বিকশিত কৰা জৈৱিক ভাবে পচনযোগ্য যোগাসনে জলাশয়বোৰত মেটেকাই সৃষ্টি কৰা সমস্যা সমাধানৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে।

গুৱাহাটী মহানগৰীৰ দক্ষিণ-পশ্চিম দিশত অৱস্থিত, আন্তঃৰাষ্ট্ৰীয় গুৰুত্ব বহণ কৰা জলাশয় তথা পক্ষী-অভয়াৰণ্য দীপৰ বিলৰ কাষৰ গাঁৱৰ আবাসী এইকেইগৰাকী যুৱতী। বিলখনে সমীপবৰ্তি নখন গাঁৱৰ মাচুৱৈসকলক যুগ যুগ ধৰি জীৱিকাৰ সাধন প্ৰদান কৰি আহিছে যদিও বিলখনত ব্যাপক হাৰত বাঢ়ি অহা মেটেকাই ইতিমধ্যে সমস্যাৰ সৃষ্টি কৰি আহিছিল।

এই জলাশয়ৰ ওপৰতে জীৱিকাৰ বাবে প্ৰত্যক্ষ ভাবে নিৰ্ভৰশীল পৰিয়ালৰ এইকেইগৰাকী ছোৱালীয়ে কৰা উদ্ভাৱনে দীপৰ বিলৰ পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰাৰ লগতে বহণক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াৱ পাৰিব বুলি আশাৰ সঞ্চাৰ কৰিছে। স্বাভাৱিকতেই এই উদ্ভাৱনে স্থানীয় লোকসকলৰ জীৱিকাৰ বাবেও এক বিকল্পৰ সন্ধান দিছে। মেটেকাৰে প্ৰস্তুত কৰা ‘মুৰহেঁ যোগা মেট’ (মেটেকাৰ যোগাসন) শীৰ্ষক কথবিধ অচিৰেই আন্তঃৰাষ্ট্ৰীয় বজাৰত বিপণনৰ বাবে মুকলি কৰা হ’ব।

পানী মেটেকাক সম্পদ আহৰণৰ আহিলা কৰাৰ মানসেৰে ছগৰাকী যুৱতীয়ে গঠন কৰা ‘সিমাং’ অৰ্থাত্ ‘সপোন’ শীৰ্ষক সংগঠনটোৰ সৈতে এলোকাটোৰ মহিলাসকলক জড়িত কৰাৰ বাবে আগবাঢ়ি আহিছে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনস্থ স্বতন্ত্ৰ সংস্থা ‘নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন’লজী এপ্লিকেশ্যন এণ্ড ৰিছাৰ্চ’(এনইচিটিএআৰ)।

পৰম্পৰাগত অসমীয়া তাঁতশালত বিভিন্ন প্ৰযুক্তি ব্যৱহাৰ কৰি পানী মেটেকা বৈ উচ্চ মানৰ যোগাসন প্ৰস্তুত কৰি উলিওৱাৰ প্ৰয়াস কৰা হৈছে। এই পৰ্যন্ত এই কাৰ্যত কেওঁটপাৰা, নতুন বস্তি আৰু বৰবৰি নামৰ গাঁও তিনিখনৰ ৩৮গৰাকী শিপিনী জড়িত হৈছে। প্ৰযুক্তিৰ ব্যৱহাৰে এওঁলোকৰ উত্পাদনৰ হাৰ নিশ্চয় বৃদ্ধি কৰিব।

ইফালে, কামৰূপ জিলাৰ লোহাৰঘাট বন সংমণ্ডলৰ অন্তৰ্গত এলেকাৰ ‘৭-উইভাৰ্ছ’ নামৰ ভগ্নী সংগঠনটোৱে এওঁলোকক স্থানীয় ভাবে উপলব্ধ প্ৰাকৃতিক সামগ্ৰীৰে প্ৰস্তুত কৰা ৰঙেৰে এই মেটসমূহ ৰঙীন কৰাৰ নৈপুন্য প্ৰদান কৰিছে। এই নৈপুন্য ব্যৱহাৰ কৰি ‘এনইচিটিএআৰ’-য়ে লা, পিয়াজৰ বাকলি, গুড় আদিৰে প্ৰস্তুত কৰা ৰঙেৰে বোলাৱা সুঁতা এই ‘মেট’সমূহৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে।

দীপৰ বিল অন্যতম প্ৰধান আবাসী ‘কাম চৰাই’ৰ নামৰে নামকৰণ কৰা এই যোগাসনসমূহ ভৰাই ৰখাৰ বাবে কপাহী কেনভাছৰ এবিধ বেগ ব্যৱহাৰ কৰা হৈছে। এই বেগত ধাতুৰ ‘জিপাৰ’ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে জৈৱিক ভাবে পচনযোগ্য সামগ্ৰীৰে প্ৰস্তুত কৰা ৰচীহে ব্যৱহাৰ কৰা হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0017DPN.jpg

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image002YPEJ.jpg

Women engaged in the process of mat making

 

অধিক জানিবৰ বাবে Prof. (Dr.) ArunK. Sarma, Director General, North East Centre for Technology Application & Reach (NECTAR) (011 26566778; 7358473508) ৰ সৈতে যোগাযোগ কৰিব পাৰে।

****

RP (DST Media Cell)/KB



(Release ID: 1716047) Visitor Counter : 253