স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰত চৰকাৰে এই পৰ্যন্ত ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহলৈ ১৬.৫৪ কোটি প্ৰতিষেধকৰ যোগান ধৰিছে

ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহত এই পৰ্যন্ত ৭৫ লক্ষাধিক প্ৰতিষেধকৰ পালি উপলব্ধ আছে

আগন্তুক ৩ দিনত ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহে প্ৰায় ৬০ লাখ প্ৰতিষেধকৰ পালি লাভ কৰিব

Posted On: 03 MAY 2021 11:38AM by PIB Guwahati

ভাৰত চৰকাৰে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহৰ সহযোগত ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে তীব্ৰ যুঁজত অৱতীৰ্ণ হৈছে৷ পৰীক্ষণ, অনুসৰণ, চিকিৎসা তথা ক’ভিডৰ সময়ত প্ৰকৃত আচৰণবিধি, টীকাকৰণ এই পাঁচটা কৌশল নীতিৰ সৈতে ভাৰত চৰকাৰে ক’ভিড মহামাৰীৰ বিৰুদ্ধে মোকাবিলা কৰিছে৷

ভাৰত চৰকাৰে এই পৰ্যন্ত প্ৰায় ১৬.৫৪ কোটি প্ৰতিষেধকৰ পালি (১৬,৫৪,৯৩,৪১০) ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহলৈ বিনামূল্যে প্ৰেৰণ কৰিছে৷ ইয়াৰে নষ্ট হোৱা প্ৰতিষেধকৰ পালি অন্তৰ্ভুক্ত কৰি ১৫,৭৯,২১,৫৩৭ পালি ব্যৱহৃত হৈছে৷ (আজি পুৱা ৮ বজা পৰ্যন্ত তথ্য অনুসৰি)৷

ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহৰ সৈতে  ৭৫ লক্ষাধিক প্ৰতিষেধকৰ পালি (৭৫,৭১,৮৭৩) এতিয়াও মজুত আছে৷

তাৰোপৰি আগন্তুক ৩ দিনত ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহে ৫৯ লাখ (৫৯,৭০,৬৭০) প্ৰতিষেধকৰ পালি লাভ কৰিব৷

 

*****

 

MV



(Release ID: 1715828) Visitor Counter : 217