প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ক'ভিড-১৯ৰ সৈতে যুঁজিবলৈ চিকিৎসা কৰ্মীৰ পৰ্যাপ্ততা বৃদ্ধি কৰিবলৈ মুখ্য সিদ্ধান্তৰ অনুমোদন কৰে

নীট-পিজি পৰীক্ষা কমেও ৪ মাহলৈ স্থগিত ৰখাৰ সিদ্ধান্ত

ক'ভিড ডিউটীৰ ১০০ দিন সম্পূৰ্ণ কৰা চিকিৎসা কৰ্মীক অহা নিয়মীয়া চৰকাৰী ভৰ্তিত অগ্ৰাধিকাৰ দিয়া হ'ব

মেডিকেল ইণ্টাৰ্নক নিজৰ ফেকাল্টীৰ তত্বাৱধানত ক'ভিড প্ৰবন্ধন ডিউটীত লগোৱা হ'ব

এমবিবিএছৰ অন্তিম বৰ্ষৰ বিদ্যাৰ্থীৰ ব্যৱহাৰ ফেকাল্টীৰ তত্বাৱধানত পাতলীয়া লক্ষণযুক্ত ক'ভিড ৰোগীৰ টেলি-পৰামৰ্শ আৰু চোৱাচিতাত কৰিব পৰা যায়

বিএছচি/জিএনএম যোগ্য নাৰ্ছৰ ব্যৱহাৰ জ্যেষ্ঠ ডাক্তৰ আৰু নাৰ্ছৰ তত্বাৱধানত পূৰ্ণকালীন ক'ভিড নাৰ্ছিং ডিউটীত কৰা হ'ব

ক'ভিড ডিউটীৰ ১০০ দিন সম্পূৰ্ণ কৰা চিকিৎসা কৰ্মীক 'প্ৰধানমন্ত্ৰীৰ প্ৰতিষ্ঠিত ক'ভিড ৰাষ্ট্ৰীয় সেৱা সন্মান' দিয়া হ'ব

Posted On: 03 MAY 2021 2:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশত ক'ভিড ১৯ মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ পৰ্যাপ্ত মানৱ সম্পদৰ বৰ্দ্ধিত আৱশ্যকতাৰ সমীক্ষা কৰে। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যাৰ ফলত ক'ভিড ডিউটীত চিকিৎসা কৰ্মীৰ পৰ্যাপ্ততা যথেষ্ট বৃদ্ধি পাব।

 

নীট-পিজি পৰীক্ষা কমেও ৪ মাহলৈ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই পৰীক্ষা ৩১ আগষ্ট, ২০২১ৰ আগতে আয়োজন কৰা নহ'ব। ইয়াৰ উপৰিও, পৰীক্ষাৰ ঘোষণাৰ পিছত ইয়াৰ আয়োজনৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলক কমেও এমাহৰ সময় দিয়া হ'ব। ইয়াৰ ফলত বৃহৎ সংখ্যক যোগ্য ডাক্তৰ ক'ভিড ডিউটী কৰিবৰ বাবে উপলব্ধ হ'ব।

 

ইণ্টাৰ্নশ্বিপ ৰোটেচনৰ অংশ হিচাপে মেডিকেল ইণ্টাৰ্নক নিজৰ ফেকাল্টীৰ তত্বাৱধানত ক'ভিড প্ৰবন্ধন ডিউটীত লগোৱাৰ অনুমতি দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এমবিবিএছৰ অন্তিম বৰ্ষৰ বিদ্যাৰ্থীৰ সেৱাৰ ব্যৱহাৰ ফেকাল্টীৰ দ্বাৰা তেওঁলোকৰ যথোচিত উন্নতি সাধন কৰাৰ পিছত আৰু তেওঁলোকৰ তত্বাৱধানত ক'ভিডৰ পাতলীয়া লক্ষণযুক্ত ৰোগীৰ টেলি-পৰামৰ্শ আৰু চোৱাচিতাৰ দৰে সেৱা প্ৰদান কৰাত কৰিব পৰা যায়। ইয়াৰ ফলত ক'ভিড ডিউটীত নিয়োজিত বৰ্তমানৰ ডাক্তৰৰ ওপৰত কামৰ হেঁচা কম হ'ব আৰু ইয়াৰ লগে লগে অগ্ৰাধিকাৰ দিয়াৰ চেষ্টা যথেষ্ট সফলকাম হ'ব।

 

ৰেছিডেণ্টৰ ৰূপত অন্তিম বৰ্ষৰ পিজি ছাত্ৰ-ছাত্ৰী (ব'ৰ্ডৰ লগতে ছুপাৰ-স্পেচিয়েলিটী)ৰ সেৱাৰ ব্যৱহাৰ আগলৈও তেতিয়ালৈকে কৰিব পৰা যায় যেতিয়ালৈকে পিজি ছাত্ৰ-ছাত্ৰীৰ নতুন বেচ্ছ অন্তৰ্ভুক্ত নহ'ব।

 

বিএছচি/জিএনএম যোগ্য নাৰ্ছৰ ব্যৱহাৰ জ্যেষ্ঠ ডাক্তৰ আৰু নাৰ্ছৰ তত্বাৱধানত পূৰ্ণ কালীন ক'ভিড নাৰ্ছিং ডিউটীত কৰিব পৰা যায়।

 

ক'ভিড প্ৰবন্ধনত সেৱা প্ৰদান কৰা কৰ্মীক ক'ভিড ডিউটীৰ ন্যূনতম ১০০ দিন সম্পূৰ্ণ কৰাত অহা নিয়মীয়া চৰকাৰী ভৰ্তিসমূহত অগ্ৰাধিকাৰ দিয়া হ'ব।

 

ক'ভিড সংক্ৰান্তীয় কামত লগোৱা মেডিকেল ছাত্ৰ-ছাত্ৰী/বৃত্তিধাৰীক উপযুক্তভাৱে টীকা লগোৱা হ'ব। এনেদৰে কৰ্মৰত হোৱা সকলো স্বাস্থ্য বৃত্তিধাৰীক 'ক'ভিড-১৯ৰে যুঁজত নিয়োজিত স্বাস্থ্য কৰ্মীৰ বাবে চৰকাৰৰ বীমা যোজনা'ৰ জৰিয়তে সামৰি লোৱা হ'ব।

 

এনেকৈয়ে সকলো বৃত্তিধাৰী, যি ক'ভিড ডিউটীৰ ন্যূনতম ১০০ দিনৰ বাবে স্বাক্ষৰ কৰে আৰু ইয়াক সফলতাৰে সম্পূৰ্ণ কৰে, তেওঁলোকক ভাৰত চৰকাৰৰ ফালৰ পৰা 'প্ৰধানমন্ত্ৰীৰ প্ৰতিষ্ঠিত ক'ভিড ৰাষ্ট্ৰীয় সেৱা সন্মান' দিয়া হ'ব।

 

ডাক্তৰ, নাৰ্ছ আৰু সম্পৰ্কিত বৃত্তিধাৰীহে ক'ভিড প্ৰবন্ধনৰ ৰাজহাড় স্বৰূপ আৰু ইয়াৰ লগতে আগশাৰীৰ কৰ্মীও আছে। পৰ্যাপ্ত সংখ্যাত তেওঁলোকৰ উপস্থিতিয়ে ৰোগীৰ আৱশ্যকতাক ভালদৰে সম্পূৰ্ণ কৰাত দৰকাৰ। এই সময়ত চিকিৎসা সমুদায়ৰ উল্লেখযোগ্য যোগদান আৰু গভীৰ সংকল্পবদ্ধতাক ৰেখাংকিত কৰা হৈছে।

 

কেন্দ্ৰীয় চৰকাৰে ক'ভিড ডিউটীৰ বাবে ডাক্তৰ/নাৰ্ছৰ সহযোগিতা সুবিধাজনক কৰি তুলিবলৈ ১৬ জুন ২০২০ত গাইডলাইন জাৰি কৰিছিল। কেন্দ্ৰীয় চৰকাৰে ক'ভিড প্ৰবন্ধনৰ বাবে সুবিধাৱলী আৰু মানৱ সম্পদ বৃদ্ধি কৰিবলৈ ১৫,০০০ কোটি টকাৰ বিশেষ সাৰ্বজনীন স্বাস্থ্য তৎকালীন সাহায্য প্ৰদান কৰিছিল। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ মাধ্যমেৰে কৰ্মীসকলক অন্তৰ্ভুক্ত কৰি এই প্ৰক্ৰিয়াৰ জৰিয়তে অতিৰিক্ত ২২০৬জন বিশেষজ্ঞ, ৪৬৮৫জন চিকিৎসা বিষয়া আৰু ২৫,৫৯৩গৰাকী ষ্টাফ নাৰ্ছ ভৰ্তি কৰা হয়।

 

****

 

DS



(Release ID: 1715774) Visitor Counter : 208