প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘পৰীক্ষা পে চৰ্চা, ২০২১’ৰ ভাৰ্চুৱেল সংস্কৰণত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ

Posted On: 07 APR 2021 9:45PM by PIB Guwahati

পৰীক্ষা পে চর্চাৰ চতুর্থ সংস্কৰণত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভাৰ্চুৱেল মাধ্যমেৰে ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ সৈতে মত বিনিময় কৰে৷ ৯০ মিনিটতকৈও অধিক সময়ত ধৰি হোৱা বাৰ্তালাপত ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে প্রধানমন্ত্রীৰ পৰা বিভিন্ন গুৰুত্বপূর্ণ বিষয়ত মাৰ্গদৰ্শন বিচাৰে৷ এইবছৰো সমগ্ৰ দেশৰ ছাত্র-ছাত্রী আৰু বিদেশত বসবাস কৰা ভাৰতীয় ছাত্র-ছাত্রীয়েও অনুষ্ঠানত অংশ গ্ৰহণ কৰে। 
এই বছৰৰ মত বিনিময় অনুষ্ঠান পৰীক্ষা-পে-চর্চাৰ প্রথম ভার্চুয়াল সংস্কৰণ আখ্যা দি প্রধানমন্ত্রীয়ে কয় যে ক’ৰোনাই বহু উদ্ভাৱনৰ জন্ম দিছে আৰু ছাত্র-ছাত্রীসকলৰ মুখামুখি হ’ব নোৱাৰাৰ হতাশা সত্ত্বেও এই বছৰৰ পৰীক্ষা-পে-চর্চাৰ বিৰাম ঘটা নাই৷ তেওঁ কয় যে পৰীক্ষা পে চর্চা কেৱল পৰীক্ষাক লৈয়ে আলোচনা নহয়, বৰঞ্চ পৰিয়ালৰ সদস্য আৰু বন্ধুসকলৰ মাজত সুস্থ পৰিৱেশত আলোচনাৰ সুযোগ আৰু যি নতুন বিশ্বাস জগায়। অন্ধ্রপ্রদেশৰ এম পল্লৱী আৰু কুৱালালামপুৰৰ অর্পণ পাণ্ডেই প্রধানমন্ত্রীক প্ৰশ্ন কৰে যে কিদৰে পৰীক্ষাৰ ভয় হ্ৰাস কৰিব পাৰি৷ শ্রী মোদীয়ে কয় যে আতংক প্রধানত এনে পৰিৱেশত সৃষ্টি হয় য’ত পৰীক্ষাই সকলো আৰু জীৱনৰ সকলো বুলি ধৰা হয়, যাতে ছাত্র-ছাত্রীসকল অতি সজাগ হৈ পৰে৷ প্রধানমন্ত্রীয়ে কয় যে জীৱন অনেক দীঘলীয়া আৰু এইবোৰ জীৱনৰ একো একোটা ধাপ৷ তেওঁ অভিভাৱক, শিক্ষক আৰু অন্যান্যসকলক ছাত্র-ছাত্রীসকলৰ ওপৰত চাপ সৃষ্টি নকৰিবলৈ পৰামর্শ দিয়ে৷ তেওঁ কয় যে পৰীক্ষাক ব্যৱহাৰ কৰিব লাগিব কেৱল এজনৰ পৰীক্ষা লোৱাৰ ভাল অনুষ্ঠান হিচাপে আৰু তাক জীৱন-মৰণৰ প্রশ্ন কৰি তোলা অনুচিত৷ তেওঁ কয় যে অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ শক্তি আৰু দুর্বলতা সম্পর্কে সজাগ৷
জটিল অধ্যায় আৰু বিষয় সম্পর্কে প্রধানমন্ত্রীয়ে পৰামর্শ দি কয় যে একেই মনোভাৱ লৈ প্রতিটো বিষয়কে গ্রহণ কৰা আৰু প্রাণশক্তিকে সমানভাবে ভাগ কৰি দিব লাগিব৷ প্রধানমন্ত্রীয়ে কয় যে পঢ়া-শুনা সম্পর্কে তেওঁৰ মনোভাৱ হ’ল জটিল অংশ এৰাই চলা উচিত নহয়, বৰঞ্চ সতেজ মন লৈ সেইবোৰৰ মোকাবিলা কৰা উচিত৷ তেওঁ কয় যে প্রধানমন্ত্রী হিচাপে আৰু তাৰ পূৰ্বে মুখ্যমন্ত্রী হিচাপে তেওঁ পুৱা সতেজ মন লৈ জটিল বিষয়সমূহৰ মোকাবিলা কৰাটো পছন্দ কৰে৷ তেওঁ লগতে কয় যে যিবোৰ বিষয়ত ভাল হোৱা গুৰুত্বপূর্ণ নহয়, আনকি যিবোৰ মানুহে অত্যন্ত সফল তেওঁলোকৰ এটা বিশেষত সম্পূৰ্ণ দখল থাকে৷ তেওঁ লতা মংগেশকাৰৰ উদাহৰণ দিয়ে, যি তেওঁৰ সমগ্র জীৱন কেৱল সংগীততে মনোনিৱেশ কৰিছে৷ কোনো বিষয়ত জটিল ঠেকা কোনো প্রতিবন্ধকতা নহয় আৰু জটিল বিষয়ৰ পৰা কোনেও পলাই যোৱা উচিত নহয় বুলি কয় প্রধানমন্ত্রীয়ে৷
প্রধানমন্ত্রীয়ে বহু সময় ধৰি আজৰি সময়ৰ গুৰুত্ব সম্পৰ্কে কয়৷ তেওঁ কয় যে আজৰি সময়ক ধৰিব ৰাখিব লাগিব, যিবোৰৰ জীৱন এইবোৰ নাথাকে, সেইবোৰ এটা ৰবটৰ দৰে৷ যেতিয়া এইটো অর্জন কৰা যায়, তেতিয়া আজৰি সময়ৰ মূল্য এজনে লোকে বেচি বুজিব পাৰে৷ গুৰুত্বপূর্ণ কথাটো এই যে প্রধানমন্ত্রী সজাগ কৰি দি কয় যে আমি সতর্ক থাকিব লাগিব যে সেই আজৰি সময়ৰ সকলো যাতে নষ্ট নহয়, সেইটোক এৰাই চলিব লাগিব৷ সেয়া নহ’লে তোমালোক ক্লান্ত হৈ পৰিবা৷ আজৰি সময়য়েই আটাইতকৈ ডাঙৰ সুযোগ নতুন দক্ষতা অর্জন কৰাৰ ক্ষেত্ৰত৷ তেওঁ কয় যে আজৰি সময়ৰ ব্যৱহাৰ  এনেদৰে কৰা উচিত, যাতে এজনৰ অভিনৱত্ব প্ৰকাশ পায়৷
প্রধানমন্ত্রীয়ে শিক্ষক আৰু অভিভাৱকসকলক কয় যে সন্তানসকল অত্যন্ত তৎপৰ৷ তেওঁলোকে মৌখিক নির্দেশতকৈ অধিক ডাঙৰৰ কার্যকলাপ অনুসৰণ কৰে৷ সেইবাবে গুৰুত্বপূর্ণ যে আমাৰ বিশ্বদর্শন আৰু উপদেশ দিয়া, আমাৰ ব্যৱহাৰৰ জৰিয়তে প্রকাশ কৰিব লাগিব৷ ডাঙৰসকলে আদর্শ জীৱন-যাপন কৰাত উৎসাহ দিয়াৰ চেষ্টা কৰা উচিত৷ 
প্রধানমন্ত্রীয়ে শিশুসকলক ভয় দেখুওৱাৰ দৰে নেতিবাচক মনোভাৱৰ বিৰুদ্ধে ইতিবাচক পুনৰ যোজনৰ প্রয়োজনীয়তাৰ ওপৰত আৰু সতর্ক কৰি দিয়ে৷ তেওঁ নির্দিষ্ট কৰি কয় যে ডাঙৰসকলৰ সক্রিয় প্রয়াসত শিশুসকলে নিজৰ মাজৰ পোহৰ বিচাৰে, যেতিয়া তেওঁলোকে ডাঙৰসকলৰ উদাহৰণযোগ্য আচাৰ-আচৰণ অনুসৰণ কৰে৷ তেওঁ কয় যে ‘ইতিবাচক উৎসাহে তৰুণসকলৰ বৃদ্ধি আৰু উন্নয়ন ত্বৰান্বিত কৰে’৷ উৎসাহৰ প্রথম অংশটো প্রশিক্ষণ আৰু প্রশিক্ষিত মন থাকে উৎসাহ দানৰ পূৰ্বে, তেওঁ লগতে কয়৷ শ্রী মোদীয়ে ছাত্র-ছাত্রীসকল তেওঁলোকৰ স্বপ্ন যে পূৰণ কৰাৰ সংকল্প থাকে, তাৰ পৰামৰ্শ দিয়ে৷ তেওঁলোক চেলিব্ৰেটী সংস্কৃতিৰ গ্লেমাৰত হতাশ হৈ পৰাটো অনুচিত৷ তেওঁ কয় যে দ্রুত পৰিৱর্তনশীল বিশ্বই অনেক সুযোগ লৈ আহিছে আৰু সেই সকলো সুযোগ আয়ত্ত কৰিবলৈ কৌতূহলৰ পৰিধি বৃদ্ধি কৰাৰ প্রয়োজন আছে৷ তেওঁ কয় যে দশম আৰু দ্বাদশ শ্রেণীৰ ছাত্র-ছাত্রীসকলে নিজৰ চাৰিওফালৰ জীৱন নিৰীক্ষণ কৰা উচিত কামৰ প্রকৃতি আৰু নতুন পৰিৱবর্তনৰ বাবে৷ তেওঁলোকে নিজকে প্রশিক্ষিত আৰু দক্ষ কৰি তোলাৰ কাম আৰম্ভ কৰিব লাগিব৷ তেওঁ সজোৰে একাগ্ৰতাৰে সংকল্পৰ ওপৰত গুৰুত্ব দিয়াৰ প্রয়োজনীয়তাৰ ওপৰত যে সংকল্প এগৰাকী ছাত্রক তেওঁৰ জীৱনৰ মুখ্য সংকল্প কৰি তুলিব বিচাৰে৷ এবাৰ সেয়া হ’লে, ৰাস্তা পৰিষ্কাৰ হৈ যাব বুলি কয় শ্রী মোদীয়ে৷
প্রধানমন্ত্রীয়ে স্বাস্থ্যসন্মত খাদ্য খোৱাৰ প্রয়োজনীয়তাৰ কথাও ব্যাখ্যা কৰে আৰু চিৰাচৰিত খাদ্যৰ উপকাৰিতা আৰু স্বাদ লোৱাৰো আহ্বান জনায়৷
পঢ়া মনত ৰখাৰ অসুবিধাৰ বিষয়ে ক’বলৈ গৈ তীক্ষ্ণ স্মৃতি শক্তি অর্জন কৰাৰ পথ হিচাপে প্রধানমন্ত্রীয়ে ‘ইনভলভ, ইণ্টাৰনেলাইজ, এছোচিয়েট এণ্ড ভিজুৱেলাইজ’ ফর্মুলা দিয়ে। তেওঁ কয় যে যিবোৰ দিশ আত্মীকৰণ কৰা হয় আৰু ভাৱনাৰ অংগ হৈ উঠে, সেয়া কেতিয়াও পাহৰি নাযায়৷ মুখস্থ কৰাটো এজনৰ উচিত আত্মীকৰণ কৰা৷
প্রধানমন্ত্রীয়ে ছাত্র-ছাত্রীসকলক পৰীক্ষাক খোলা মনেৰে ল’বলৈ কয়৷ তেওঁ কয় যে ‘সকলো চাপ পৰীক্ষা হলৰ বাহিৰত এৰি আহিব লাগিব’। তেওঁ ছাত্র-ছাত্রীসকলক প্রস্তুতি হৈছে নে নাই আৰু এই ধৰণৰ অন্যান্য উদ্বেগৰ চাপ এৰাই চলি পাৰ্যমানে ভালদৰে উত্তৰ লিখাৰ পৰামর্শ দিয়ে৷
মহামাৰীৰ সন্দৰ্ভত প্রধানমন্ত্রীয়ে কয় যে ‘ক’ৰোনা ভাইৰাছ সামাজিক দূৰত্ব বৃদ্ধি কৰিছে যদিও পাৰিবাৰিক বন্ধন অটুট কৰিছে’। তেওঁ কয় যে যদিও আমি মহামাৰীৰ সময়ত বহু হেৰুৱাইছো, তথাপি আমি বহুত কিবা-কিবি লাভ কৰিছো জীৱনৰ প্রশস্তি আৰু জীৱনৰ সম্পর্কৰ ক্ষেত্রত৷ আমি বুজিব পাৰিছো, কোনো সামগ্ৰী বা কোনো লোকক তুচ্ছ নকৰাৰ বিষয়টো। ক’ৰোনাৰ সময়ত আমাৰ পাৰিবাৰিক মূল্যবোধ আৰু সৰু লোকসকলৰ জীৱনযাত্রা গঢ় দিয়াত তেওঁলোক ভূমিকা উপলব্ধি কৰিছে৷
প্রধানমন্ত্রীয়ে কয় যে যদি ডাঙৰসকলে সৰুসকলক আৰু তেওঁলোকৰ প্রজন্মেৰ বিষয়ত আগ্রহ দেখুৱায় তেতিয়াহ’লে প্রজন্মৰ ব্যৱধান আঁতৰ হ’ব৷ এজনৰ সৈতে আন এজনৰ সংযোগ আৰু বুজাপৰা হ্ৰাস কৰিবলৈ ডাঙৰ আৰু সৰুসকলৰ মাজত মু্ক্ত পৰিৱেশৰ প্রয়োজন আছে৷ শিশুসকলৰ ওচৰত মুকলি মনেৰে যোৱা উচিত আৰু তেওঁলোকৰ সৈতে মিলাপ্ৰীতি কৰাৰ পাছৰ পৰিৱর্তনৰ প্ৰতি ইচ্ছুক হ’ব লাগিব৷
প্রধানমন্ত্রীয়ে সজোৰে কয় যে ‘তোমালোকে যি পঢ়িছা, সেইবোৰে তোমালোকৰ জীৱনৰ সাফল্যৰ মাপকাঠি নহয়, তোমালোকে জীৱনত যি কৰিবা, সেইবোৰেহে তোমাসকল জীৱনৰ সাফল্য আৰু ব্যর্থতা নির্ধাৰণ কৰিব৷’ সেইবাবে শিশুসকলক মানুহ, অভিভাৱক আৰু সমাজৰ চাপৰ পৰা বাহিৰ কৰি ৰখা উচিত৷ 
প্রধানমন্ত্রীয়ে ছাত্র-ছাত্রীসকলক ‘ভোকেল ফৰ লোকেল’ অভিযানত অৱদান আগবঢ়োৱাৰ আহ্বান জনায়৷ তেওঁ কয় যে তেওঁ বিচাৰে ছাত্র-ছাত্রীয়ে এই পৰীক্ষায় ১০০ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হওক আৰু ভাৰতক আত্মনির্ভৰ কৰক৷ প্রধানমন্ত্রীয়ে ছাত্র-ছাত্রীসকলক আজাদী-কা-অমৃত মহোৎসৱৰ সৈতে জড়িত হ’বলৈ আহ্বান জনায় কয় যে স্বাধীনতা সংগ্রামৰ বিভিন্ন ঘটনাৰ তথ্য সংগ্রহ কৰি সেই সম্পর্কে লিখা আৰম্ভ কৰা৷
প্রধানমন্ত্রীয়ে নিম্নোলিখিত ছাত্র-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকসকল প্রশ্নৰ উত্তৰ দিয়ে-এম পল্লৱী, গৱর্মেণ্ট হাইস্কুল, পৰিলি, প্রকাশম, অন্ধ্রপ্রদেশ; অর্পণ পাণ্ডে, গ্ল’বেল ইণ্ডিয়া ইণ্টাৰনেচনেল স্কুল, মালয়েছিয়া; পুণ্যশূন্য-বিবেকানন্দ কেন্দ্র বিদ্যালয়, পাপুমপাৰে, অৰুণাচল প্রদেশ; শ্রীমতী বিনীতা গর্গ(শিক্ষয়িত্ৰী), এছআৰডিএভি পাবলিক স্কুল, দয়ানন্দ বিহাৰ, দিল্লী; নীল অনন্ত, কে. এম. – শ্রী আব্রাহাম লিংডম, বিবেকানন্দ কেন্দ্র বিদ্যালয় মাট্রিক, কন্যাকুমাৰী, তামিলনাড়ু ; অক্ষয় কেকাতপুৰে,(অভিভাৱক) বাংগালুৰু, কর্ণাটক; প্রবীণ কুমাৰ, পাটনা, বিহাৰ; প্রতিভা গুপ্তা(অভিভাৱক) লুধিয়ানা, পাঞ্জাব; তনহয়, বিদেশী ছাত্র, ছামিয়া ইণ্ডিয়ান মডেল স্কুল, কুৱেট; আশ্ৰফ খান, মিছৌৰি, উত্তৰাখণ্ড; অমৃতা জৈন, মোৰাদাবাদ, উত্তৰপ্রদেশ; সুনীতা পল, (অভিভাৱক) ৰায়পুৰ, ছত্তীশগড়; দিব্যাংক, পুস্কৰ, ৰাজস্থান; ছুহান চেহগল, আলকন ইণ্টাৰ নেচনেল, ময়ূৰ বিহাৰ, দিল্লী; ধাৰভি বোপাত, গ্ল’বেল মিচন ইণ্টাৰ নেচনেল স্কুল, আমেদাবাদ; কৃষ্টি শইকীয়া, কেন্দ্রীয় বিদ্যালয় আই আইটি গুৱাহাটী; আৰু শ্রেয়ান ৰায়, চেন্ট্রাল মডেল স্কুল, বাৰাকপুৰ, কলকাতা।

*****
DS/DB



(Release ID: 1715457) Visitor Counter : 206