স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ এতিয়ালৈকে ১৬.১৬ কোটি ভেকচিন ড’জ বিনামূলীয়াকৈ আগবঢ়াইছে ভাৰত চৰকাৰে

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হাতত এতিয়া ১ কোটিতকৈ অধিক ভেকচিন ড’জ আছে

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে অহা ৩ দিনত ২০ লাখতকৈ অধিক অতিৰিক্ত ভেকচিন ড’জ লাভ কৰিব

Posted On: 29 APR 2021 10:39AM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজত ভাৰত চৰকাৰে অগ্ৰণী ভূমিকা পালন কৰি আহিছে৷ পৰীক্ষা, চিনাক্ত আৰু চিকিৎসাৰ লগতে ক’ভিডৰ উপযুক্ত ব্যৱহাৰ, টিকাকৰণ এই পাঁচটা হৈছে মহামাৰীৰ বিৰুদ্ধে যুঁজত ভাৰত চৰকাৰৰ প্ৰধান স্তম্ভ৷

এক মে’ৰ পৰা দেশত তৃতীয় পৰ্যায়ৰ ক’ভিড টিকাকৰণ ৰূপায়ণ কৰা হ’ব৷ কালি(২৮ এপ্ৰিল)ৰে পৰা টিকাকৰণৰ নতুন গ্ৰুপৰ বাবে উপযুক্তসকলে পঞ্জীয়ন আৰম্ভ কৰিছে৷ হিতাধিকাৰীসকলে ক’ৱিন প’ৰ্টেল (cowin.gov.in) ৰ জৰিয়তে পোনপটীয়াকৈ বা আৰোগ্য সেতু এপৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব৷

ভাৰত চৰকাৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ এতিয়ালৈকে ১৬.১৬ কোটি ভেকচিন ড’জ বিনামূলীয়াকৈ আগবঢ়াইছে৷ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হাতত এতিয়া ১ কোটিতকৈ অধিক ভেকচিন ড’জ আছে৷ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে অহা ৩ দিনৰ ভিতৰত ২০ লাখতকৈ অধিক অতিৰিক্ত ভেকচিন ড’জ লাভ কৰিব৷

মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনত ভেকচিন শেষ হোৱা বুলি ছ’চিয়েল মিডিয়াযোগে উল্লেখ কৰি ইয়াৰ ফলত ৰাজ্যখনত বিৰুপ প্ৰভাৱ পৰা বুলি প্ৰচাৰ কৰিছে৷

এই সন্দৰ্ভত এইটো স্পষ্ট কৰা হৈছে যে ২৮ এপ্ৰিলৰ পুৱা ৮ বজালৈকে ৰাজ্যখনত ১,৬৩,৬২,৪৭০টা ভেকচিন ড’জ লাভ কৰিছে৷ ইয়াৰে ভিতৰত পেলনীয়াকে ধৰি মুঠ ১,৫৬,১২,৫১০টা ড’জ ব্যৱহাৰ হৈছে৷ বৰ্তমান ৰাজ্যখনত ৭,৪৯,৯৬০টা ভেকচিন ড’জ মজুত আছে৷

তদুপৰি, অহা তিনি দিনৰ ভিতৰত ২০,৪৮,৮৯০টা ভেকচিন ড’জ ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হ’ব৷

 

******

 

 



(Release ID: 1714987) Visitor Counter : 218