PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 28 APR 2021 6:17PM by PIB Guwahati

 

  • ভাৰতৰ মুঠ টিকাদান  ক’ভাৰেজে ১৪.৭৮ কোটি অতিক্ৰম কৰিলে
  • ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ ৮২.৩৩%
  • ভাৰত চৰকাৰে এতিয়ালৈকৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰায় ১৬ কোটি পালি ভেকচিন বিনামূলীয়াকৈ আগবঢ়াইছে
  • পিএম কেয়াৰ্ছ ফাণ্ডৰপৰা ১ লাখ পৰ্টেবল অক্সিজেন কনচেনট্ৰেটৰ ক্ৰয় কৰা হ’ব
  • উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, দিল্লী আৰু মধ্য প্ৰদেশলৈ মুঠ ৫১০ মেট্ৰিক টন অক্সিজেন কঢ়িয়াইছে অক্সিজেন এক্সপ্ৰেছ
  • ক’ভিড ৰোগীসকলৰ অৰ্থে দৈনিক ৫০ মেট্ৰিক টন (MT) মেডিকেল অক্সিজেন যোগান ধৰিব সাৰ কোম্পানীসমূহে

 

#Unite2FightCorona

#IndiaFightsCorona

 

ভাৰতৰ মুঠ টিকাদান  ক’ভাৰেজে ১৪.৭৮ কোটি অতিক্ৰম কৰিলে

· যোৱা ২৪ ঘন্টাত ২৫ লাখৰো অধিক পালি ভেকচিন প্ৰদান।

  • আজি ভাৰতৰ মুঠ আৰোগ্য লাভৰ সংখ্যা হয় ১,৪৮,১৭,৩৭১ টা।
  • ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ ৮২.৩৩%।
  • যোৱা ২৪ ঘন্টাত ৩,৬০,৯৬০ টা নতুন ঘটনা লাভ।

· ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ অৱনমিত হৈ আছে আৰু সম্প্ৰতি ইয়াৰ হাৰ হৈছে ১.১২%।

· যোৱা ২৪ ঘন্টাত পাঁচখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এটাও ক’ভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাই। সেয়া হৈছেঃ দমন ও ডিউ ও দাদৰা ও নগৰ হাভেলী, লক্ষদ্বীপ, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ।

অধিক বিৱৰণৰ বাবেঃ

 

ভাৰত চৰকাৰে এতিয়ালৈকৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰায় ১৬ কোটি পালি ভেকচিন বিনামূলীয়াকৈ আগবঢ়াইছে

২০২১ ৰ ১ মে’ৰপৰা এটা উদাৰীকৃত আৰু ক্ষীপ্ৰ ক’ভিড-১৯ টিকাদানৰ ৩য় পৰ্যায়ৰ কৌশল ৰূপায়ণ কৰা হ’ব। ভাৰত চৰকাৰে এতিয়ালৈকৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰায় ১৬ কোটি (১৫,৯৫,৯৬,১৪০) পালি ভেকচিন বিনামূলীয়াকৈ আগবঢ়াইছে। ইয়াৰ ভিতৰত, অপচয়কে ধৰি মুঠ ব্যৱহাৰ হৈছে ১৪,৮৯,৭৬,২৪৮।

অধিক বিৱৰণৰ বাবেঃ

 

পিএম কেয়াৰ্ছ ফাণ্ডৰপৰা ১ লাখ পৰ্টেবল অক্সিজেন কনচেনট্ৰেটৰ ক্ৰয় কৰা হ

পিএম কেয়াৰ্ছৰ অধীনত ডিআৰডিঅ’ৰদ্বাৰা প্ৰতিষ্ঠাপিত প্ৰযুক্তি নিৰ্ভৰ ৫০০ ৰোধিক পিএছএ অক্সিজেন প্লান্টত অনুমোদন জনোৱা হৈছে। এই অক্সিজেন কনচেনট্ৰেটৰ ও পিএছএ প্লান্টসমূহে চাহিদাৰ এই সময়ছোৱাত অক্সিজেনৰ যোগানত বহুলাংশে প্ৰভাৱ বিস্তাৰ কৰিব।

অধিক বিৱৰণৰ বাবেঃ

 

ভাৰতীয় বায়ু সেনাই হাতত লোৱা কভিড সম্পৰ্কীয় ব্যৱস্থাৰাজিৰ পৰ্যালোচনা কৰিলে প্ৰধানমন্ত্ৰীয়ে

বায়ু সেনাৰ মুৰব্বী আৰকেএছ ভাদৌৰিয়াই প্ৰধানমন্ত্ৰীগৰাকীক অৱগত কৰে যে সমগ্ৰ দেশখনত ক’ভিড সম্পৰ্কীয় কাম-কাজসমূহ ক্ষীপ্ৰতাৰে সমাধা কৰিবলৈ সাজু হৈ থাকিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষসমূহক নিৰ্দেশনা প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে অক্সিজেন টেংকাৰ ও আন অপৰিহাৰ্য্য় সা-সামগ্ৰীৰ সৰবৰাহত ক্ষীপ্ৰতা, মাত্ৰা ও সম্পাদনৰ সুৰক্ষা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ক’ভিড সম্পৰ্কীয় কাৰ্য সম্পাদনৰ সময়ত আইএএফৰ বিষয়া-জোৱানসকলে সংক্ৰমণৰপৰা সুৰক্ষিত হোৱাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়।

অধিক বিৱৰণৰ বাবেঃ

 

উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, দিল্লী আৰু মধ্য প্ৰদেশলৈ মুঠ ৫১০ মেট্ৰিক টন অক্সিজেন কঢ়িয়াইছে অক্সিজেন এক্সপ্ৰেছ

এতিয়ালৈকে ভাৰতীয় ৰেলে উত্তৰ প্ৰদেশলৈ ২০২ মেট্ৰিক টন, মহাৰাষ্ট্ৰলৈ ১৭৪ মেট্ৰিক টন, দিল্লীলৈ ৭০ মেট্ৰিক টন আৰু মধ্য প্ৰদেশলৈ ৬৪ মেট্ৰিক টন অক্সিজেন যোগান ধৰিছে।

অধিক বিৱৰণৰ বাবেঃ

 

ভিড ঘটনা বৃদ্ধিৰে যুঁজিবলৈ দিল্লী কেন্টনমেন্টত হাস্পতাল ফেচিলিটি বৃদ্ধি ভাৰতীয় সেনাৰ

ৰাষ্ট্ৰৰ প্ৰতি নিঃস্বাৰ্থ সেৱাৰ তত্ত্বক সাৰোগত কৰি, দ্বিগজ আৰু তেওঁলোকৰ পৰিজনক বিভিন্ন স্থানত ব্যাপক মেডিকেল সহায়তা আগবঢ়োৱাৰ অৰ্থে ভাৰতীয় সেনাই যুদ্ধকালীন ক্ষীপ্ৰতাৰে বহু সংখ্যক ক’ভিড ফেচিলিটি গঢ়ি তুলিছে। তেনে এটা ব্যৱস্থাই বেছ হাস্পতাল দিল্লী কেন্টনমেন্ট (BHDC) ত গঢ়ি তোলা হৈছে। ইয়াৰ জৰিয়তে সমগ্ৰ চিকিৎসালয়খনিকে ক’ভিড চিকিৎসালয়লৈ ৰূপান্তৰিত কৰা যায়।

এই সুবিধা লাভ কৰিবলৈ নাগৰিকে নিম্ন উল্লেখিত নম্বৰ কেইটালৈ ফোন কৰিব পাৰেঃ -

  • 011-25683580
  • 011-25683585
  • 011-25683581
  • 37176 (আৰ্মি লাইনৰ জৰিয়তে)

অধিক বিৱৰণৰ বাবেঃ

 

ভিড ৰোগীসকলৰ অৰ্থে দৈনিক ৫০ মেট্ৰিক টন (MT) মেডিকেল অক্সিজেন যোগান ধৰিব সাৰ কোম্পানীসমূহে

সাৰ কোম্পানীসমূহৰদ্বাৰা ক’ভিড ৰোগীসকলৰ অৰ্থে প্ৰতি দিনে প্ৰায় ৫০ মেট্ৰিক টন (MT) মেডিকেল অক্সিজেন উপলব্ধ কৰিব পৰা যাব বুলি আশা কৰা হৈছে। এই ব্যৱস্থাই আগন্তুক দিনসমূহত দেশখনৰ চিকিৎসালয়সমূহলৈ মেডিকেল গ্ৰেড অক্সিজেনৰ যোগান বৃদ্ধি কৰিব।

অধিক বিৱৰণৰ বাবেঃ

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুটসমূহ

 

মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰ কেবিনেটে আজি ১৮ ৰপৰা ৪৪ বছৰ বয়সৰ সকলো লোকৰ অৰ্থে বিনামূলীয়া টিকাদানত অনুমোদন জনালে। এই বয়সৰ প্ৰায় ৫৭.১ নিযুত লোকক টিকাদান কৰিবলৈ ৰাজ্য চৰকাৰখনে ৬,৫০০ কোটি টকা ব্যয় কৰিব। কেন্দ্ৰই সকলো প্ৰাপ্তবয়স্ক লোকৰ অৰ্থে টিকাদান অভিযানটো সম্প্ৰসাৰিত কৰাৰ অংশ স্বৰূপে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

গুজৰাটঃ গুজৰাটত কভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত, ৰাজ্য চৰকাৰখনে কঠোৰ বাধ্যবাধকতা আৰোপ কৰিছে। ইয়াৰে অংশস্বৰূপে বৰ্তমানে ২০ খন নগৰ আৰু চহৰত বাহাল থকা নৈশ সান্ধ্য আইন ২৯ খনলৈ সম্প্ৰসাৰিত কৰা হৈছে। ২৯ এপ্ৰিলৰপৰা ৫ মে’লৈকে উক্ত নতুন নিৰ্দেশনা কাৰ্যকৰী হ’ব।

 

মধ্য প্ৰদেশঃ মুঠ ৬৪ মেট্ৰিক টন মেডিকেল অক্সিজেন থকা ৬ টেংকাৰ কঢ়িয়াই অনা ‘অক্সিজেন এক্সপ্ৰেছ’ আজি উপস্থিত হয়হি ভূপালৰ সমীপৱৰ্তী মেণ্ডীদীপত। এই টেংকাৰসমূহৰ দুটাক গ্ৰীন কৰিডৰৰ জৰিয়তে ভূপাললৈ অনা যায়।

 

গোৱাঃ গোৱা ৰাজ্য চৰকাৰে বৃহস্পতিবাৰৰ নিশা ১০ বজাৰপৰা সোমবাৰৰ পুৱা ৬ বজালৈকে ৮০-ঘন্টীয়া লকডাউন ঘোষণা কৰিছে। এই সময়ছোৱাত, সকলো অপৰিহাৰ্য্য সেৱা আৰু গ্ৰচাৰি দোকান দিনটো অব্যাহত আৰু খোলা থাকিব। ইয়াৰ বিপৰীতে কেৱল হ’ম ডেলিভাৰীৰ বাবেহে ৰেষ্টুৰেন্টসমূহ খুলিব পৰা যাব।

 

কেৰালাঃ কেৰালা ৰাজ্য চৰকাৰখনে ক’ভিড ভেকচিনৰ এক কোটি পালি ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰে ৭০ লাখ পালি ক’ভিশ্বিল্ড আৰু ৩০ লাখ পালি ক’ভাক্সিন। ইফালে ৰাজ্য চৰকাৰখনে লকডাউন আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই।

 

তামিল নাডুঃ ১ মে’ৰপৰা তামিল নাডুৰ ১৮ বছৰ বয়সৰ সকলো লোকক বিনামূলীয়াকৈ ক’ভিড-১৯ ভেকচিন প্ৰদানৰ অৰ্থে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত, ৰাজ্য চৰকাৰখনে প্ৰথম পৰ্য়ায়ত ১.৫০ কোটি ক’ভিড-১৯ ভেকচিনৰ অৰ্ডাৰ দিয়ে। তামিল নাডুৰ লোক নিৰ্মাণ বিভাগে মঙলবাৰে কয় যে বিভাগটোৱে সমগ্ৰ ৰাজ্যখনতে ১২,৩৭০ অতিৰিক্ত বিছনালৈ অক্সিজেন পাইপলাইন আগবঢ়াব। সোমবাৰে ৰাজ্যখনত ১৫,৬৮৪ পজিটিভ ঘটনা লাভ কৰা যায়।

 

কৰ্ণাটকঃ কৰ্ণাটকত শেহতীয়াভাৱে লাভ কৰা নতুন ক’ভিড ঘটনাৰ সংখ্যা ৩১৮৩০ টা। ৰাজ্যখনৰ মুঠ সক্ৰিয় ঘটনা ৩০১৮৯৯ টা। নতুন ক’ভিড-১৯ জনিত মৃত্যুৰ ঘটনা হৈছে ১৮০ টা।

 

অন্ধ্ৰ প্ৰদেশঃ অন্ধ্ৰ প্ৰদেশত যোৱা ২৪ ঘন্টাত ১১,৪৩৪ টা নতুন ক’ভিড-১৯ ঘটনা লাভ কৰা হয়। একে সময়তে ৬৪ ক’ভিড আক্ৰান্তই মৃত্যুবৰণ কৰিছে। ইফালে ৭০৫৫ জন ক’ভিড আক্ৰান্তই আৰোগ্য লাভ কৰাত তেওঁলোকক ডিচাৰ্জ দিয়া হৈছে।

 

তেলেংগানাঃ তেলেংগানাত মঙলবাৰে লাভ কৰা দৈনিক নতুন ঘটনাৰ মুঠ সংখ্যা হৈছে ৮,০৬১ টা। একে সময়তে ৫৬ ক’ভিড আক্ৰান্তই মৃত্যুবৰণ কৰে। মঙলবাৰে সন্ধিয়ালৈকে ৰাজ্যখনত ক’ভিড-১৯ ভেকচিন লাভ কৰা সকলো বয়সৰ লোকৰ সংখ্যা হৈছে ৩৮,৪৮,৫৯১ (প্ৰথম পালি) আৰু ৫,৪৯,৮৯৮ (দ্বিতীয় পালি) জন।

 

অসমঃ ক’ভিড-১৯ ঘটনাৰ সংখ্যা বৃদ্ধিৰ মাজতে অসম চৰকাৰে সমগ্ৰ ৰাজ্যখনত নিশা ৮ বজাৰপৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন বলবৎ কৰিছে। মঙলবাৰে ৰাজ্যখনে ৫ লাখ পালি ভেকচিন লাভ কৰে। ৩০০ ৰোধিক ক’ভিড-১৯ ঘটনা লাভ কৰা জিলাসমূহত ১৫ দিনৰ বাবে প্ৰাক-প্ৰাথমিকৰপৰা বিশ্ববিদ্য়ালয় পৰ্যায়লৈকে সকলো বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে।

মণিপুৰঃ যোৱা ২৪ ঘন্টাত মণিপুৰত তিনিটা ক’ভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হৈছে। একে সময়তে ৰাজ্য়খনত ১৭৫ জন লোকৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰে। এতিয়ালৈকে ৰাজ্যখনৰ ১,৩৯,৪৫৭ জন লোকক ক’ভিডৰ ভেকচিন প্ৰদান কৰা হৈছে।

মেঘালয়ঃ মেঘালয়ত মঙলবাৰে নৱম দিনাৰ বাবে ১০০ ৰোধিক নতুন ঘটনা লাভ কৰা যায়। একে দিনাই ৰাজ্যখনত চাৰিজন ক’ভিড আক্ৰান্ত মৃত্যুমুখত পৰাত মৃত্যুৰ ঘটনা ১৬৫ লৈ বৃদ্ধি পালে। মঙলবাৰে ১৪৭ টা নতুন ঘটনাৰে ৰাজ্যখনত এতিয়া সক্ৰিয় ঘটনাৰ সংখ্যা ১,৪৫৬ টা। তদুপৰি, মঙলবাৰে ৰাজ্যখনত ৯০ জন ক’ভিড আক্ৰান্তই আৰোগ্য লাভ কৰিছে। মঙলবাৰে ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী এএল হেকে কয় যে চৰকাৰখনে ২০ মে’ৰ ভিতৰত ৰাজ্যখনত তিনিটা অক্সিজেন জেনেৰেশ্যন প্লান্ট স্থাপনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তুলিব। ৰাজ্য চৰকাৰখনে ক’ভিড-১৯ ৰ কোনটো ষ্ট্ৰেইনে মেঘালয়ত ঘটনাৰ দ্ৰুত বৃদ্ধি আৰু মৃত্যুৰ ঘটনা বঢ়াত অৰিহনা যোগাইছে, তাক নিৰূপণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

ছিকিমঃ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীয়ে ছিকিমৰ ৰাজ্যপালৰ সৈতে ৰাজ্যখনৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে। ৰাজ্যখনত শেহতীয়াভাৱে ৯৭ টা নতুন ঘটনা লাভ আৰু ২ জন ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাতে দুসপ্তাহৰ বাবে চৰকাৰী কাৰ্যালয়সমূহ বন্ধ থাকিব। ভাৰতত ক’ভিড ঘটনা বৃদ্ধি পোৱাতে দেশখনৰে থকা সীমান্তত নেপালে নজৰ প্ৰদান কৰিছে।

ত্ৰিপুৰাঃ যোৱা ২৪ ঘন্টাত ত্ৰিপুৰাত ১১১ টা নতুন ক’ভিড পজিটিভ ঘটনা লাভ কৰাৰ বিপৰীতে ২ জন আক্ৰান্তই মৃত্যুবৰণ কৰিছে। ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে অহা ৩১ মে’লৈকে ভিন্ন গোচৰসমূহৰ শুনানি ভাৰ্চুৱেলী গ্ৰহণ কৰিব। নিম্ন আদালতে জৰুৰী প্ৰসংগসমূহৰ শুনানি গ্ৰহণ কৰিব যদিও ক’ৰ্ট ৰুমতহে এনে গোচৰসমূহৰ শুনানি গ্ৰহণ কৰা হ’ব।

নাগালেণ্ডঃ মঙলবাৰে নাগালেণ্ডত এদিনতে সৰ্বাধিক ২০৭ টা নতুন ক’ভিড ঘটনা লাভ কৰা যায়। ৰাজ্যখনত বৰ্তমান সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৮৭৪ টা। নাগালেণ্ড কেবিনেটে অহা ৩০ এপ্ৰিলৰপৰা ১৪ মে’লৈকে লকডাউন-সদৃশ ব্যৱস্থা আৰোপৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কাইলৈ এই সম্পৰ্কীয় নীতি-নিৰ্দেশনা জাৰি কৰা যাব। ৰাজ্য়খনতো ১৮ বছৰ বয়সৰ উৰ্ধ সকলো লোককে বিনামূলীয়াকৈ ক’ভিড ভেকচিন প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

 

পঞ্জাৱঃ পঞ্জাৱত পজিটিভ ধৰা পৰা লোকৰ মুঠ সংখ্যা ৩৫১২৮২ হৈছেগৈ। ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৫১৯৩৬ টা। মুঠ মৃত্যুৰ ঘটনা হৈছে ৮৬৩০ টা।

 

চণ্ডীগড়ঃ চণ্ডীগড়ত মুঠ নিশ্চিত ক’ভিড-১৯ ঘটনাৰ সংখ্যা হৈছেগৈ ৪০৩৫০ টা। মুঠ সক্ৰিয় ঘটনাৰ সংখ্যা ৫৯৮০ টা। আজিলৈকে মুঠ ক’ভিড-১৯ জনিত মৃত্যুৰ ঘটনা হৈছে ৪৪৬ টা।

 

হিমাচল প্ৰদেশঃ হিমাচল প্ৰদেশত আজিলৈকে ক’ভিড পজিটিভ ধৰা পৰা ৰোগীৰ মুঠ সংখ্যা হৈছে ৯১৩৫০ জন। সক্ৰিয় ঘটনাৰ মুঠ সংখ্যা ১৫১৫১ টা। আজিলৈকে মৃত্যুবৰণ কৰা লোকৰ মুঠ সংখ্যা হৈছে ১৩৭৪ জন।

 

গুৰুত্বপূৰ্ণ টুইট

ফেক্ট চেক

 

 


***********



(Release ID: 1714779) Visitor Counter : 141