প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ভিড ব্যৱস্থাপনাত সহায়ৰ অৰ্থে সশস্ত্ৰ বাহিনীৰ প্ৰস্তুতিৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ

Posted On: 26 APR 2021 3:29PM by PIB Guwahati

ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান বিপিন ৰাৱাতে আজি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে। তেওঁলোকে মহামাৰীটোৰে মোকাবিলা কৰিবলৈ সশস্ত্ৰ বাহিনীসমূহে গ্ৰহণ কৰা ব্যৱস্থা আৰু প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীক ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ প্ৰধানজনে চমুকৈ অৱগত কৰে যে সশস্ত্ৰ বাহিনীসমূহৰপৰা যিসকল মেডিকেল পাৰ্ছনেলে যোৱা ২ টা বছৰত অৱসৰ বা সময়-পূৰ্ব অৱসৰ গ্ৰহণ কৰিছিল, তেওঁলোক সকলোকে তেওঁলোকৰ বৰ্তমান বাসস্থানৰ নিকটৱৰ্তী ক’ভিড ব্যৱস্থাসমূহত কাম কৰিবলৈ মাতি অনা হৈছে। ইয়াৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰা আন চিকিৎসা বিষয়াসকলকো চিকিৎসা জৰুৰীকালীন হেল্পলাইনৰ জৰিয়তে আলোচনাৰ অৰ্থে সেৱা আগবঢ়াবলৈ অনুৰোধ জনোৱা হৈছে।

প্ৰধানমন্ত্ৰীক তদুপৰি জনোৱা হয় যে কমাণ্ড সদৰ, কৰ্পছ সদৰ, ডিভিজন সদৰ ও নৌ সেনা আৰু বায়ু সেনাৰ একে সদৰসমূহত নিয়োজিত সকলো চিকিৎসা বিষয়াকে চিকিৎসালয়সমূহত নিযুক্ত কৰা হ’ব।

ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ প্ৰধানজনে প্ৰধানমন্ত্ৰীগৰাকীক অৱগত কৰে যে চিকিৎসালয়সমূহত চিকিৎসকসকলক সহায়ৰ অৰ্থে বৃহৎসংখ্যক নাৰ্ছিং পাৰ্ছনেলক নিয়োজিত কৰা হৈছে। প্ৰধানমন্ত্ৰীক তদুপৰি অৱগত কৰা হয় যে বিভিন্ন প্ৰতিষ্ঠানত সশস্ত্ৰ বাহিনীসমূহৰ সৈতে থকা অক্সিজেন চিলিণ্ডাৰসমূহ চিকিৎসালয়সমূহৰ বাবে মুকলি কৰি দিয়া যাব।

ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ প্ৰধানজনে লগতে কয় যে তেওঁলোকে বৃহৎসংখ্যক মেডিকেল ফেচেলিটি গঢ়ি তুলিছে আৰু সম্ভৱ হ’লে মিলিটেৰী মেডিকেল আন্তঃগাঁথনিসমূহ নাগৰিকৰ বাবে উপলব্ধ কৰি তোলা যাব।

প্ৰধানমন্ত্ৰীয়ে তদুপৰি ভাৰতীয় বায়ু সেনাই ভাৰত আৰু বিদেশলৈ অক্সিজেন আৰু আন অপৰিহাৰ্য্য সা-সামগ্ৰীসমূহ সৰবৰাহৰ অৰ্থে গ্ৰহণ কৰা ব্যৱস্থাৰ পৰ্যালোচনা কৰে।

তদুপৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ প্ৰধানজনৰ সৈতে ভেটেৰান চেলসমূহত ভিন্ন সদৰত নিয়োজিত কেন্দ্ৰীয় আৰু ৰাজ্য সৈনিক কল্যাণ পৰিষদ আৰু বিষয়াসকলক প্ৰত্যন্ত অঞ্চলসমূহত সৰ্বাধিক ব্যাপক সম্ভাৱ্য অন্তৰ্ভুক্তিৰ অৰ্থে প্ৰবীণসকলৰ সেৱাত সহায়ৰ পৰামৰ্শ প্ৰদান কৰিব পৰা যাব নেকি, সেই সন্দৰ্ভতো আলোচনা কৰে।

*****

DS/SB



(Release ID: 1714252) Visitor Counter : 168