PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 12 APR 2021 5:42PM by PIB Guwahati

 

#Unite2FightCorona

#IndiaFightsCorona

 

 

  • ‘টিকা উৎসৱ’ৰ প্ৰথম দিনটোতে প্ৰায় ৩০লাখ ড’জ ভেকচিন প্ৰদানেৰে ভাৰতত এতিয়ালৈকে মুঠ ১০.৪৫ কোটি লোকক সামৰি লোৱা হৈছে
  • বিগত ২৪ ঘণ্টাত দেশত ১,৬৮,৯১২গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে
  • মহাৰাষ্ট্ৰ, ছত্তীশগড়, কৰ্ণাটক, উত্তৰপ্ৰদেশ আৰু কেৰালাত মুঠ চিকিৎসাধীন ৰোগীৰ ৭০.১৬% ৰোগী আছে
  • বিগত ২৪ ঘণ্টাত ৯খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এজনো ৰোগীৰ মৃত্যুৰ তথ্য পোৱা নাই
  • দেশৰ পৰিস্থিতি উন্নত নোহোৱালৈকে ৰেমডিছিভিৰ বেজী আৰু ৰেমডেছিভিৰ এপি ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰিছে

 

Image

 

টিকা উৎসৱৰ প্ৰথম দিনটোতে প্ৰায় ৩০লাখ ভেকচিন প্ৰদানেৰে মুঠ ১০.৪৫ কোটি লোকক সামৰি লোৱা হৈছে; ভাৰতৰ প্ৰতি দিনে গড় প্ৰদানৰ সংখ্যাই অতিক্ৰম কৰিলে ৪০ লাখৰ সীমা, যি বিশ্বৰ ভিতৰতে সৰ্বাধিক; দৈনিক নতুন আক্ৰান্তৰ ৮১% লাভ ১০ ৰাজ্য, চিকিৎসাধীন ৰোগীৰ ৭০.১৬% আছে ৫ ৰাজ্য 

আজি দেশজোৰা টিকা উৎসৱৰ দ্বিতীয় দিন। আজি দেশখনত প্ৰদান কৰা ক’ভিড-১৯ ভেকচিন ড’জৰ মুঠ সংখ্যাই ১০.৪৫ কোটি অতিক্ৰম কৰিলে। ক্ৰমবৰ্ধমানভাৱে, আজি পুৱা ৭ বজা পৰ্যন্ত লাভ কৰা অস্থায়ী তথ্য অনুসৰি, ১৫,৫৬,৩৬১ পৰ্ব ১০,৪৫,২৮,৫৬৫ ড’জ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াত অন্তৰ্ভুক্ত হৈছেঃ ৯০,১৩,২৮৯ স্বাস্থ্যকৰ্মীক ১ম ড’জ আৰু ৫৫,২৪,৩৪৪ স্বাস্থ্যকৰ্মীক দ্বিতীয় ড’জ, ৯৯,৯৬,৮৭৯ আগশাৰীৰ  কৰ্মী (ড’জ), ৪৭,৯৫,৭৫৬ আগশাৰীৰ কৰ্মী (দ্বিতীয় ড’জ), ৬০ বছৰ বয়সৰ উৰ্ধ ৪,০৫,৩০,৩২১ হিতাধিকাৰীক ড’জ আৰু ১৯,৪২,৭০৫ হিতাধিকাৰীক দ্বিতীয় ড’জ আৰু ৪৫ ৰপৰা ৬০ বছৰ বয়সৰ ৩,২০,৪৬,৯১১ হিতাধিকাৰী (১ম ড’জ) আৰু ,৭৮,৩৬০ হিতাধিকাৰী (দ্বিতীয় ড’জ) দেশখনত অদ্যপি প্ৰদান কৰা মুঠ ড’জৰ ৬০.১৩% প্ৰদান কৰা হয় আঠখন ৰাজ্যত। টিকা উৎসৱৰ ১ম দিনা অৰ্থাৎ কালি প্ৰায় ৩০ লাখ ড’জ টিকাকৰণ কৰা যায়। দেশজোৰা টিকা উৎসৱৰ ১ম দিনা দেখা যায় যে ৬৩,৮০০ ক’ভিডৰ টিকাকৰণ কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে, যি গড়ে ১৮,৮০০ কাৰ্যক্ষম চিভিচিৰপৰা বৃদ্ধি হৈ পৰে। গৰিষ্ঠসংখ্যক চিভিচি ব্যক্তিগত কৰ্ম স্থানত কাৰ্যক্ষম হৈ আছিল। অতিৰিক্তভাৱে, দেওবাৰ হোৱা সত্বেও, সাধাৰণতে টিকাকৰণৰ সংখ্যা নিম্ন হোৱা সত্বেও, টিকা উৎসৱৰ প্ৰথম দিনটোত প্ৰায় ৩০ লাখ ড’জ টিকাকৰণ কৰা যায়। টিকাকৰণ কাৰ্যক্ৰমৰ ৮৬-সংখ্যক দিন (১১ এপ্ৰিল, ২০২১) অনুসৰি, ২৯,৩৩,৪১৮ ড’জ ভেকচিন প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত, ৩৮,৩৯৮ পৰ্বত ২৭,০১,৪৩৯ হিতাধিকাৰীক ১ম ড’জ আৰু ২,৩১,৯৭৯ হিতাধিকাৰীক দ্বিতীয় ড’জ ভেকচিন প্ৰদান কৰা যায়। বৈশ্বিকভাৱে প্ৰদান কৰা দৈনিক ড’জৰ সংখ্যাৰ ক্ষেত্ৰত, প্ৰতি দিনে গড়ে ৪০,৫৫,০৫৫ ড’জ প্ৰদানেৰে ভাৰতে শীৰ্ষস্থান অধিকাৰ কৰি আহিছে। কালি এই পৰিমাণ আছিল ৩৮,৩৪,৫৭৪। ভাৰতৰ দৈনিক নতুন আক্ৰান্তবৃদ্ধি পাই আহিছে। যোৱা ২৪ ঘন্টাত ১,৬৮,৯১২ টা নতুন আক্ৰান্তলাভ কৰা হয়। মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, দিল্লী, চত্তীশগড়, কৰ্ণাটক, কেৰালা, তামিল নাডু, মধ্য প্ৰদেশ, গুজৰাট আৰু ৰাজস্থানকে ধৰি দহ ৰাজ্যত ক’ভিডৰ দৈনিক নতুন আক্ৰান্তবৃদ্ধি পাইছে। নতুন ঘটনাৰ ৮৩.০২% লাভ কৰা হৈছে এই ১০ খন ৰাজ্যত। মহাৰাষ্ট্ৰত দৈনিক নতুন আক্ৰান্ত সৰ্বাধিক ৬৩,২৯৪জন। ইয়াৰ পাছতে উত্তৰ প্ৰদেশত ১৫,২৭৬জন আৰু দিল্লীত ১০,৭৭৪জন লোক নতুনকৈ আক্ৰান্ত হয়। ১৬খন ৰাজ্যত দৈনিক নতুন আক্ৰান্ত উৰ্ধমুখী হৈ পৰিছে। ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ সংখ্যাই ১২,০১,০০৯ স্পৰ্শ কৰিছে। ইয়াৰ জৰিয়তে দেশৰ মুঠ পজিটিভ হাৰ ৮.৮৮% হৈছে। যোৱা ২৪ ঘন্টাত মুঠ চিকিৎসাধীন ৰোগীৰ সংখ্যাত নতুনকৈ ৯২,৯২২জন যোগ হয়। ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ ৭০.১৬% লাভ কৰা যায় পাঁচখন ৰাজ্য যেনে- মহাৰাষ্ট্ৰ, চত্তীশগড়, কৰ্ণাটক, উত্তৰ প্ৰদেশ আৰু কেৰালাৰ। দেশখনৰ মুঠ চিকিৎসাধীন ৰোগী ৪৭.২২% মহাৰাষ্ট্ৰতে আছে। আজি ভাৰতৰ মুঠ আৰোগ্য লাভৰ সংখ্যা হয় ১,২১,৫৬,৫২৯। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ হয় ৮৯.৮৬%। যোৱা ২৪ ঘন্টাত ৭৫,০৮৬ জন ৰোগীয়ে আৰোগ্য লাভ কৰে। দৈনিক মৃত্যুৰ ঘটনা বৃদ্ধি পাই আহিছে। যোৱা ২৪ ঘন্টাত ৯০৪জন ৰোগী ক’ভিডত মৃত্যু হৈছে। নতুনকৈ  মৃত্যু হোৱা ৰোগীৰ ৮৯.১৬% ১০খন ৰাজ্যৰ। মহাৰাষ্ট্ৰত সৰ্বাধিক ৩৪৯জন ৰোগীৰ মৃত্যু হৈছে৷ চত্তীশগড়তো ১২২জন ৰোগীৰ মৃত্যু হৈছে। যোৱা ২৪ ঘন্টাত নখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এটাও ক’ভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাই। এইসমূহ হৈছেঃ ওড়িশা, হিমাচল প্ৰদেশ, লাডাখ, দমন ও ডিউ আৰু দাদৰা ও নগৰ হাভেলী, মেঘালয়, ছিকিম, লক্ষদ্বীপ, আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ আৰু অৰুণাচল প্ৰদেশ।

অধিক বিৱৰণৰ বাবে For details :

দেশৰ পৰিস্থিতি উন্নত নোহোৱালৈকে ৰেমডিছিভিৰ বেজী আৰু ৰেমডেছিভিৰ এপি ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰিছে; ৰোগী আৰু চিকিৎসালয়সমূহে ৰেমডেচিভিৰৰ সহজলভ্যতা নিশ্চিতকৰণৰ অৰ্থে ভিন্ন পদক্ষেপ গ্ৰহণ কেন্দ্ৰৰ

ভাৰতত শেহতীয়াভাৱে ক’ভিড ঘটনা বৃদ্ধি পাইছে। ১১-০৪-২০২১ অনুসৰি, সক্ৰিয় ক’ভিড ঘটনা হৈছে ১১.০৮ লাখ আৰু দ্ৰুতভাৱে ইয়াৰ বৃদ্ধি পাই আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ক’ভিডত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাত ব্যৱহাৰৰ অৰ্থে ৰেমডেছিভিৰ বেজীৰ চাহিদা হঠাৎ বৃদ্ধি পাইছে। আগন্তুক দিনসমূহত এই চাহিদা অধিক বৃদ্ধিৰ সম্ভাৱনা আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেছাৰ্চ গিলিড চায়েন্সৰ সৈতে ভলন্টেৰী লাইচেন্সিং এগ্ৰিমেন্টৰ অধীনত সাতটা ভাৰতীয় কোম্পানীয়ে ৰেমডেছিভিৰ বেজী প্ৰস্তুত কৰি আছে। এইসমূহৰ সংস্থাপিত ক্ষমতা হৈছে প্ৰতি মাহে প্ৰায় ৩৮.৮০ লাখ ইউনিট। এনে দৃষ্টিকোণেৰে, ভাৰত চৰকাৰে পৰিস্থিতি উন্নত হোৱালৈকে ৰেমডেচিভিৰ ইনজেকশ্যন আৰু ৰেমডেচিভিৰ এক্টিভ ফাৰ্মাচিউটিকেল ইনগ্ৰেডিয়েন্ট (API) ৰ ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰোপৰি, ভাৰত চৰকাৰে ৰোগী আৰু চিকিৎসালয়সমূহে ৰেমডেচিভিৰ ৰ সহজ লাভ নিশ্চিতকৰণৰ অৰ্থে নিম্ন উল্লেখিত পদক্ষেপসমূহ গ্ৰহণ কৰিছেঃ ৰেমডেচিভিৰ ৰ সকলো ঘৰুৱা প্ৰস্তুতকাৰীকে ড্ৰাগ লাভ সুচলতৰ কৰিবলৈ তেওঁলোকৰ ৱেবচাইটত ষ্টকিষ্ট/বিতৰকৰ সবিশেষ প্ৰদৰ্শনৰ পৰামৰ্শ প্ৰদান কৰা হৈছে। ড্ৰাগ পৰিদৰ্শক আৰু আন বিষয়াবৰ্গক ষ্টক পৰীক্ষণ আৰু সেইসমূহৰ অপব্যৱহাৰ পৰীক্ষা আৰু গোপনে মজুত ৰখা আৰু চোৰাং কাৰবাৰ প্ৰতিৰোধ কৰিবলৈ আন ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে। ৰাজ্যিক স্বাস্থ্য সচিবসকলে সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ড্ৰাগ পৰিদৰ্শকৰ সৈতে ইয়াৰ পৰ্যালোচনা কৰিব। ৰেমডেচিভিৰ ৰ উৎপাদন বৃদ্ধি কৰিবলৈ ফাৰ্মাচিউটিকেল বিভাগে ঘৰুৱা প্ৰস্তুতকৰ্তাসকলৰ সৈতে যোগাযোগ অব্যাহত ৰাখিব। ভাৰত চৰকাৰে লগতে ৰাজ্যসমূহক এই পৰামৰ্শও প্ৰদান কৰে যে প্ৰমাণ ভিত্তিক ‘ক’ভিড-১৯ ৰ অৰ্থে ৰাষ্ট্ৰীয় ক্লিনিকেল ব্যৱস্থাপনা প্ৰট’কল’ ক বৰ্তমানে বিশেষজ্ঞ কমিটিসমূহৰ সৈতে বহু আলোচনাৰ পাছত যুগুত কৰি তোলা হৈছে আৰু ই হৈছে ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ অৰ্থে নিৰ্দেশক নথি। এই প্ৰট’কলত, ৰেমডেচিভিৰক এটা ইনভেষ্টিগেশ্যনেল থেৰাপী হিচাপে তালিকাভুক্ত কৰা হৈছে, অৰ্থাৎ ইয়াত বিস্তৃত নীতি-নিৰ্দেশনাখনিত উল্লেখিত প্ৰতিলক্ষণৰ ওপৰিও জ্ঞাত আৰু পাৰস্পৰিক সিদ্ধান্ত গ্ৰহণ হৈছে অতি প্ৰয়োজনীয়। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক এই পৰামৰ্শ প্ৰদান কৰা যায় যে এই পদক্ষেপসমূহৰ কথা পুনৰবাৰ ৰাজহুৱা আৰু ব্যক্তিগত উভয় খণ্ডৰ চিকিৎসালয়সমূহলৈ প্ৰেৰণ কৰা হ’ব আৰু সন্মতি নিৰীক্ষণ কৰা যাব।

অধিক বিৱৰণৰ বাবে For details :

 

‘টিকা উৎসৱ’ ক’ৰোনাৰ বিৰুদ্ধে দ্বিতীয় বৃহৎ যুঁজৰ আৰম্ভণিঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘টিকা উৎসৱ’ক ক’ৰোনাৰ বিৰুদ্ধে দ্বিতীয় বৃহৎ যুঁজৰ আৰম্ভণি বুলি অভিহিত কৰি ব্যক্তিগত স্বচ্ছতাৰ লগতে সামাজিক স্বচ্ছতাক বিশেষ গুৰুত্ব আৰোপ কৰে৷ মহাত্মা জ্যোতিবা ফুলেৰ জন্ম বাৰ্ষিকী উপলক্ষে কালি এই উৎসৱৰ আৰম্ভ কৰে আৰু ১৪ এপ্ৰিলত বাবা চাহেব আম্বেদকাৰৰ জন্মদিনলৈকে অব্যাহত থাকিব৷

অধিক বিৱৰণৰ বাবে For details :

 

‘টিকা উৎসৱ’ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তা

অধিক বিৱৰণৰ বাবে For details :

দ্ৰুতগতি ভিড-১৯ৰ ১০০নিযুত পালি প্ৰতিষেধক প্ৰদান কৰা বিশ্বৰ ভিতৰত শীৰ্ষত ভাৰত

ক’ভিড-১৯ৰ ১০০নিযুত পালি প্ৰতিষেধক প্ৰদানৰে পৃথিৱীৰ আটাইতকৈ দ্ৰুতগতিত টীকাকৰণ কৰা দেশ হিচাপে পৰিগণিত হৈছে ভাৰত। ভাৰতে এই সাফল্য অৰ্জন কৰিলে ৮৫দিনত। ইয়াৰ বিপৰীতে আমেৰিকাই এই সাফল্য অৰ্জন কৰিবলৈ লৈছিল ৮৯দিন আৰু চীনে লৈছিল ১০২দিন। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কৰা টুইটত উল্লেখ কৰে,“এক সুস্থ আৰু ক’ভিড-১৯ মুক্ত ভাৰত সুনিশ্চিত কৰিবলৈ সবল কৰা হৈছে প্ৰয়াস”।

অধিক বিৱৰণৰ বাবেFor details :

 

বিশ্ব হোমিঅপেথী দিৱস উপলক্ষে দুদিনীয়া বিজ্ঞানভিত্তিক সন্মিলনৰ উদ্বোধন

বিশ্ব হোমিঅ’পেথী দিৱস উপলক্ষে হোমিঅ’পেথী-ইন্টিগ্রেটেড মেটিচিনৰ ৰোডমেপ-শীৰ্ষক দুদিনীয়াৰ বিজ্ঞানভিত্তিক সন্মিলনখনি শনিবাৰে উদ্বোধন কৰা হয়৷ নতুন দিল্লীত আয়োজিত এই সন্মিলনৰ প্রধান অতিথি হিচাপে উপস্থিত থাকে প্রতিৰক্ষা মন্ত্ৰালয়ৰ ৰাষ্ট্রমন্ত্রী শ্রী শ্রীপদ নায়ক। এই সন্মিলনৰ আয়োজক চেণ্ট্ৰেল কাউন্সিল ফৰ ৰিছার্চ ইন হোমিঅ’পেথী। আয়ুষ মন্ত্ৰালয়ৰ অধীন এই স্বতন্ত্ৰ সংস্থা এইবাৰৰ বিশ্ব হোমিঅ’পেথী দিৱসৰ আয়োজন কৰে৷ হোমিঅ’পেথীৰ জনক ডাক্টৰ ক্রিশ্চিয়ান ফ্রেডৰিক ছেমুৱেল হেনিমেনৰ জন্মদিনটো প্রতিবছৰ বিশ্ব হোমিঅ’পেথী দিৱস হিচাপে উদযাপন কৰা হয়।.

অধিক বিৱৰণৰ বাবে For details :

 

কেন্দ্রীয় মন্ত্রী জিতেন্দ্র সিঙে টিকাকৰণৰ উপযোগীসকলক উৎসাহিত কৰিবলৈ "টিকা উৎসব" উদযাপনৰ আহ্বান জনায়

কেন্দ্রীয় কর্মচৰী,  ৰাজহুৱা-অভিযোগ আৰু পেন্সন মন্ত্ৰালয়ৰ (স্বতন্ত্ৰ দায়িত্ব) ৰাজ্যিত মন্ত্রী ড০ জিতেন্দ্র সিঙে টিকাকৰণৰ উপযোগীসকলক উৎসাহিত কৰিবলৈ "টিকা উৎসব" উদযাপনৰ আহ্বান জনায়৷ টিকা উৎসৱ উপলক্ষে এক ভার্চুৱেল বৈঠকত ড০ সিঙে কয় যে ভাৰতৰ নাগৰিক হিচাপে প্রত্যেকেই টিকাকৰণ কাৰ্যসূচীত অংশ লোৱা উচিত৷

অধিক বিৱৰণৰ বাবেঃ For details :

 

ভিড-১৯ মহামাৰীৰ সময়ত অনলাইন বিবাদ নিষ্পত্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰেঃ ন্যায়াধীশ ডিৱাই চন্দ্ৰচুড়; নিটী আয়োগ, আগামী ওমিডাৰে প্ৰকাশ কৰিলে অ’ডিআৰ পুস্তিকা

সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ডিৱাই চন্দ্ৰচুড়ে আজি কয় যে অনলাইন বিবাদ নিষ্পত্তি(অ’ডিআৰ)ৰে ন্যায় প্ৰদান ব্যৱস্থাৰ বিকেন্দ্ৰীকৰণ, বৈচিত্ৰতা, গণতান্ত্ৰিকৰণ আৰু জটিলতাক মোকাবিলা কৰাত শত্তি প্ৰদান কৰে৷ নিটী আয়োগৰ সহযোগত আগামী আৰু ওমিডাৰ ইণ্ডিয়াই অ’ডিআৰৰ সন্দৰ্ভত প্ৰস্তুত কৰা পুস্তিকা উন্মোচন কৰি চন্দ্ৰচুড়ে এইদৰে কয়৷

অধিক বিৱৰণৰ বাবে For details :

 

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুটসমূহ

  • কেৰালাঃ ক্ৰমৱৰ্ধমান ক’ভিড ৰোগীৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক স্বাস্থ্য বিভাগে চিনাক্তকৰণ আৰু চিকিৎসা সুবিধা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷ ইফালে, ক’ভিডৰ ভেকচিন নাটনি পুৰণ কৰিবলৈ স্বাস্থ্য কৰ্তৃপক্ষই সমীপৰ জিলাৰ পৰা সংগ্ৰহ কৰি শিৱিৰ অনুষ্ঠি কৰাৰ নিৰ্দেশ দিছে৷ কেন্দ্ৰীয় চৰকাৰে অহা বৃহস্পতিবাৰৰ ভিতৰত ১৫লাখ ভেকচিন যোগানৰ প্ৰতিশ্ৰুতি দিছে৷ ইফালে, কেৰালাত কালি ৬,৯৮৬গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে৷ ৰাজ্যখনত এতিয়া ৪৪,৩৮৯জন ৰোগী চিকিৎসাধীন হৈ আছে৷
  • তামিলনাডুঃ তামিলনাডুৰ মু্খ্যমন্ত্ৰী এড়াপ্পড়ী কে পালানীস্বামীৰে ৰাজ্যখনৰ ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে এক তৎকালীন বৈঠক আহ্বান কৰিছে৷ কইম্বাটোৰ জিলা বিদ্যালয় শিক্ষকসকলে একাদশ শ্ৰেণীলৈকে বন্ধ দিয়াৰ আহ্বান জনাইছে৷ শ্ৰীভিল্লীপুথুৰ কংগ্ৰেছ প্ৰাৰ্থী পিএছডব্লিউ মাধৱ ৰাও(৬৩)ৰ কালি পুৱা মৃত্যুৰ তথ্য পোৱা গৈছে৷ ২০ মাৰ্চত তেওঁক ক’ভিড চিনাক্ত হোৱাৰ পাছত মাদুৰাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল৷ বিগত আঠমাহৰ পাছত তামিলনাডুত নতুনকৈ ৬,০০০তকৈ অধিক লোক আক্ৰান্ত হৈছে৷
  • কৰ্ণাটকঃ বিশেষজ্ঞৰ মতে কৰ্ণাটকত মে’ৰ প্ৰথম সপ্তাহত ক’ভিড-১৯ৰ দ্বিতীয় তৰংগৰ প্ৰভাৱ বৃদ্ধি হৈ শেষভাগত ক্ৰমান্বয়ে হ্ৰাস পাব৷ কালি ৰাজ্যখনত নতুনকৈ ১০,২৫০গৰাকী লোক আক্ৰান্ত হৈছে৷ বৰ্তমান কৰ্ণাটকত ৬৯,২২৫গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে আৰু ৪০জনৰ মৃত্যু হৈছে৷
  • অন্ধ্ৰপ্ৰদেশঃ ৰাজ্যখনত বিগত ২৪ঘণ্টাত ৩,৪৯৫গৰাকী লোক আক্ৰান্ত হৈছে৷ ২৫ অক্টোবৰৰ পাছত এয়া সৰ্বাধিক হিচাপে বিবেচিত হৈছে৷ বৰ্তমান ৰাজ্যখনত ২০,৯৫৪জন ৰোগী চিকিৎসাধীন হৈ আছে৷ ৰাজ্যখনতো প্ৰধানমন্ত্ৰী আহ্বানক্ৰমে টিকা উৎসৱ চলোৱা হৈছে৷
  • তেলেংগানাঃ ৰাজ্যখনত কালিৰে পৰা মাস্ক নিপিন্ধা লোকক ১০০০টকাকৈ জৰিমনা বিহাৰ নিৰ্দেশ দিয়া হৈছে৷ শনিবাৰে ৰাজ্যখনত ১,৬২,৩৮৫টা ড’জ প্ৰদান কৰা হৈছে৷
  • অসমঃ কালি অসমত ৭৩,৩২৯টা নমূনা পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ভিতৰত ৩৫২গৰাকীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে৷ ৰাজ্যখনৰ পজিটিভিটিৰ হাৰ ০.৪৮শতাংশ হৈছে৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে স্বাস্থ্য বিভাগে দৈনিক ১লাখকৈ নমূনা পৰীক্ষাৰ পৰিকল্পনা কৰিছে৷ ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে কোনো অসুবিধা নোহোৱাকৈ ক’ভিডৰ টিকাকৰণ কৰিব বুলি বিশ্বাসী৷ ৰাজ্যখনে ১৬ এপ্ৰিলৰ ভিতৰত নতুনকৈ ৮লাখ ক’ভিড-১৯ ভেকচিন লাভ কৰিব৷
  • মনিপুৰঃ দেওবাৰে মনিপুৰত ১০৭জন দেহত ক’ভিড পোৱা গৈছে৷ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ভেকচিনৰ প্ৰথম ড’জ লোৱাৰ লগতে উপযুক্ত সকলোকে ভেকচিন ল’বলৈ আহ্বান জনায়৷
  • ছিকিমঃ ছিকিমত নতুনকৈ ৫৪জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ ইয়াৰে ১৪জন পৰ্যটক৷ ৰাজ্যখনৰ চিকিৎসাধীন ৰোগীৰ সংখ্যা বৰ্তমান ১৬৯জন৷
  • ত্ৰিপুৰাঃ ৰাজ্যখনত কালি ৪৮জন নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে এজনৰ মৃত্যু হৈছে৷ বিগত ১২দিনত ২০০জন ৰোগী আক্ৰান্ত হৈছে৷ আজি আগৰতলা প্ৰেছ ক্লাবত ৪৫বছৰ ঊৰ্ধ্বৰ সাংবাদিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই ভেকচিন গ্ৰহণ কৰে৷
  • মেঘালয়ঃ মেঘালয়ৰ স্বাস্থ্য মন্ত্ৰী আলেক্সেণ্ডাৰ লালুহেকে দেওবাৰে কয় যে মঙলবাৰে ৰাজ্যখনত বৰ্ধিত ক’ভিড ৰোগীৰ পৰিপ্ৰেক্ষিতত পৰ্যালোচনা কৰাৰ বাবে এখন বৈঠকত মিলিত হ’ব৷ তেওঁ লগতে এইটোও স্পষ্ট কৰে ৰাজ্যখনত পুনৰ লকডাউন ঘোষণা নকৰে৷ পশ্চিম জয়ন্তীয়া হিলছৰ সীমামুৰীয়া দৰং গাঁৱৰ ১৩জন লোকৰ দেহত ক’ভিড পোৱাৰ পাছতে বিদ্যালয়কৈ ধৰি সকলো সামূহিক কাম-কাজ বন্ধ ৰখা হৈছে৷
  • নাগালেণ্ডঃ দেওবাৰে নাগালেণ্ডত ২ৰোগী ক’ভিডত মৃত্যু হোৱাৰ লগতে ৫জন আক্ৰান্ত হৈছে৷ নাগালেণ্ড স্বাস্থ্য বিভাগে জনোৱা মতে ৰাজ্যখনত ১.৫লাখ ক’ভিড ভেকচিন আছে৷
  • মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰত দেওবাৰে ৬৩,২৯৪গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ কালি ২.৬৩লাখ নমূনা পৰীক্ষা কৰা হৈছিল৷ মহাৰাষ্ট্ৰত বৰ্তমান ৫.৬৫লাখ ৰোগী চিকিৎসাধীন হৈ আছে৷
  • গুজৰাটঃ বিগত ২৪ ঘণ্টাত গুজৰাটত ৫,৪৬৯জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হোৱাৰ লগতে ৫৪জন  ৰোগীৰ মৃত্যু হৈছে৷ বৰ্তমান ৰাজ্যখনত ২৭,৫৬৮জন ৰোগী চিকিৎসাধীন হৈ আছে৷
  • ৰাজস্থানঃ দেওবাৰে ৰাজস্থানত ক’ভিডৰ দ্বিতীয় তৰংগত আক্ৰান্তৰ সংখ্যা ৪,০৮০জনলৈ বৃদ্ধি পাইছে৷ বৰ্তমান ৰাজ্যখনত ৩১,৯৮৬জন ৰোগী আক্ৰান্ত হৈ আছে৷ ইফালে, বিগত ২৪ ঘণ্টাত নতুনকৈ ৫,১০৫জন ৰোগী আক্ৰান্ত হৈছে৷ উদয়পুৰ, জয়পুৰ, কোটা আৰু যোধপুৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ মুখ্যমন্ত্ৰী অশোক গেহলটে কয় যে চৰকাৰে লকডাউন ঘোষণা নকৰিলেও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব৷ ইয়াৰে ভিতৰত বিবাহস্থলীত যাত্ৰীৰ সংখ্যাও অন্যতম৷
  • মধ্যপ্ৰদেশঃ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানে কয় যে ক’ৰোনাৰ সংক্ৰমণ হ্ৰাস কৰাৰ বাবে ৰাজ্যখনত স্বতঃস্ফুৰ্তভাৱে ক’ৰোনা কাৰ্ফিউ জনসাধাৰণে মানি চলিছে৷ দেওবাৰে ৰাজ্যখনত নতুনকৈ ৫,৯৩৯জন লোক আক্ৰান্ত হৈছে৷ বৰ্তমান ৰাজ্যখনত ৩৫,৩১৬জন ৰোগী আক্ৰান্ত হৈ আছে৷
  • ছত্তীশগড়ঃ ছত্তীশগড়ৰ ১৭খন জিলাত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে৷ ছত্তীশগড়লৈ অহা যিকোনো লোকে ৭২ ঘণ্টাৰ ভিতৰত ক’ৰোনা পৰীক্ষাৰ নিগেটিভ ৰিজাল্ট লৈ আহিবলৈ বাধ্যতামূলক কৰিছে৷  ( https://cg.nic.in/health/covid19/RTPBedAvailable.aspx )শীৰ্ষক এটা নতুন প’ৰ্টেল শুভাৰম্ভ কৰি স্বাস্থ্য বিভাগে খালী থকা ক’ভিড হাস্পতালৰ তথ্য যোগান ধৰিছে৷ ইফালে, ঘৰৰ পৰা দূৰৈত কাম কৰি থকা প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে এক সহায়ক কেন্দ্ৰ আৰম্ভ কৰিছে৷ শ্ৰমিকসকলে 9109849992 আৰু 0771- 2443809 নম্বৰত ফোন কৰি সহায় বিচাৰিব পাৰিব৷
  • গোৱাঃ ১৫ অক্টোবৰৰ পাছত দেওবাৰে ৰাজ্যখনৰ ক’ভিড-১৯ত চিকিৎসাধীন ৰোগীৰ সংখ্যা প্ৰথমবাৰলৈ ৪,০০০ৰ সীমা অতিক্ৰম কৰিছে৷ ৰাজ্যখনৰ পজিটিভিটিৰ হাৰ উদ্বেগজনকভাৱে ২১% হৈছে৷ দেওবাৰে গোৱাত ৫২৫জন নতুন আক্ৰান্ত, ১৭০জন আৰোগ্য আৰু ২জন ৰোগীৰ মৃত্যু তথ্য পোৱা গৈছে৷ বৰ্তমান ৰাজ্যখনত ৪,৩২২জন ৰোগী চিকিৎসাধীন হৈ আছে৷

 

FACT CHECK

Image

Image

Image

Image

Image

Image

 

*************



(Release ID: 1711296) Visitor Counter : 157