PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 07 APR 2021 5:37PM by PIB Guwahati

 

#Unite2FightCorona

#IndiaFightsCorona

Image

যোৱা ২৪ ঘন্টাত ৩৩ লাখৰো অধিক পালি প্ৰদানৰে মুঠ টিকাদান কভাৰেজে অতিক্ৰম কৰিলে ৮.৭ কোটি, যুক্তৰাষ্ট্ৰক অতিক্ৰমৰে বিশ্বখনৰ দ্ৰুততম টিকা প্ৰদানকাৰী ৰাষ্ট্ৰ হৈ উঠিল ভাৰত

দেশখনত প্ৰদান কৰা ক’ভিড-১৯ ভেকচিনৰ পালিৰ মুঠ সংখ্যাই আজি ৮.৭০ কোটি অতিক্ৰম কৰিলে। ক্ৰমবৰ্ধমানভাৱে, আজি পুৱা ৭ বজা পৰ্যন্ত লাভ কৰা অস্থায়ী প্ৰতিবেদন অনুসৰি, ১৩,৩২,১৩০ ছেচনজুৰি ৮,৭০,৭৭,৪৭৪ পালি ভেকচিন প্ৰদান কৰা হয়। ইয়াৰ অন্তৰ্ভুক্ত হৈছেঃ ৮৯,৬৩,৭২৪ হেল্থ কেয়াৰ কৰ্মীক ১ম পালি আৰু ৫৩,৯৪,৯১৩ হেল্থ কেয়াৰ কৰ্মীক ২য় পালি, ৯৭,৩৬,৬২৯ ফ্ৰন্ট লাইন কৰ্মী (১ম পালি), ৪৩,১২,৮২৬ ফ্ৰন্ট লাইন কৰ্মী (২য় পালি), ৬০ বছৰ বয়সৰ উৰ্ধ ৩,৫৩,৭৫,৯৫৩ হিতাধিকাৰীক ১ম পালি আৰু ১০,০০,৭৮৭ হিতাধিকাৰীক ২য় পালি আৰু ৪৫ ৰপৰা ৬০ বছৰ বয়সৰ ২,১৮,৬০,৭০৯ (১ম পালি) আৰু ৪,৩১,৯৩৩ (২য় পালি) হিতাধিকাৰী। যোৱা ২৪ ঘন্টাত ৩৩ লাখৰো অধিক পালি টিকাদান কৰা যায়। টিকাদান কাৰ্যক্ৰমৰ ৮১-সংখ্যক দিন (৬ এপ্ৰিল, ২০২১) অনুসৰি, ৩৩,৩৭,৬০১ পালি ভেকচিন প্ৰদান কৰা হয়। ইয়াৰে ভিতৰত, ৪১,৩৯৬ ছেচনজুৰি ৩০,০৮,০৮৭ হিতাধিকাৰীক ১ম পালি আৰু ৩,২৯,৫১৪ হিতাধিকাৰীক ২য় পালি ভেকচিন প্ৰদান কৰা যায়। এটা উল্লেখযোগ্য সফলতা হিচাপে, দৈনিক গড়ে ৩০,৯৩,৮৬১ পালি ভেকচিনৰ হাৰেৰে ভাৰত যুক্তৰাষ্ট্ৰক অতিক্ৰমি বিশ্বখনৰ দ্ৰুততম টিকা প্ৰদানকাৰী ৰাষ্ট্ৰ হৈ উঠিল। ভাৰতৰ দৈনিক নতুন ঘটনা বৃদ্ধি পাই আছে। যোৱা ২৪ ঘন্টাত ১,১৫,৭৩৬ টা নতুন ঘটনা লাভ কৰা হয়। মহাৰাষ্ট্ৰ, চত্তীশগড়, কৰ্ণাটক, উত্তৰ প্ৰদেশ, দিল্লী, মধ্য প্ৰদেশ, তামিল নাডু আৰু কেৰালাকে ধৰি আঠখন ৰাজ্যত ক’ভিডৰ দৈনিক নতুন ঘটনা বৃদ্ধি পাইছে। নতুন ঘটনাৰ ৮০.৭০% এই ৮ ৰাজ্যত লাভ কৰা যায়। মহাৰাষ্ট্ৰত দৈনিক নতুন ঘটনা সৰ্বাধিক ৫৫,৪৬৯। ইয়াৰ পাছতেই চত্তীশগড়ত ৯,৯২১ ৰ সমান্তৰালভাৱে কৰ্ণাটকত নতুন ঘটনা ৬,১৫০ টা। বাৰখন ৰাজ্যত দৈনিক নতুন ঘটনা উৰ্ধমুখী হৈ পৰিছে। দৈনিক পজিটিভিটি লেখ স্থিৰ হৈ আছে আৰু সম্প্ৰতি ৮.৪০% হৈছে। ভাৰতৰ মুঠ সক্ৰিয় কেছল’ড ৮,৪৩,৪৭৩ হৈ পৰিছে। ইয়াৰ হাৰ হৈছে দেশখনৰ মুঠ পজিটিভ ঘটনাৰ ৬.৫৯%। যোৱা ২৪ ঘন্টাত মুঠ সক্ৰিয় কেছল’ডৰপৰা মুঠ ৫৫,২৫০ টা ঘটনা হ্ৰাস পাইছে। ভাৰতৰ মুঠ সক্ৰিয় ঘটনাৰ ৭৪.৫% লাভ কৰা হৈছে মহাৰাষ্ট্ৰ, চত্তীশগড়, কৰ্ণাটক, কেৰালা আৰু উত্তৰ প্ৰদেশত। দেশখনৰ মুঠ সক্ৰিয় কেছল’ডৰ ৫৬.১৭% অকলেই মহাৰাষ্ট্ৰত লাভ কৰা যায়। আজি ভাৰতৰ মুঠ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হয় ১,১৭,৯২,১৩৫ জন। আজি ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ হয় ৯২.১১%। যোৱা ২৪ ঘন্টাত ৫৯,৮৫৬ ৰোগীয়ে আৰোগ্য লাভ কৰে। যোৱা ২৪ ঘন্টাত ৬৩০ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে। নতুন মৃত্যুৰ ঘটনাৰ ৮৪.৪৪% আঠখন ৰাজ্যত সংঘটিত হৈছে। মহাৰাষ্ট্ৰত মৃত্যুৰ ঘটনা সৰ্বাধিক ২৯৭ টা। ইয়াৰ পাছতেই পঞ্জাৱত দৈনিক মৃত্যুৰ ঘটনা ৬১ টা। ঘটনাৰ মৃত্যুৰ হাৰ হ্ৰাস পাই আহিছে আৰু বৰ্তমানে ১.৩০% হৈছে। যোৱা ২৪ ঘন্টাত এঘাৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এটাও ক’ভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাই। এইসমূহ হৈছেঃ ওড়িশা, লাডাখ, দমন ও ডিউ আৰু দাদৰা ও নগৰ হাভেলী, নাগালেণ্ড, মেঘালয়, ছিকিম, মণিপুৰ, লক্ষদ্বীপ, মিজোৰাম, আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ আৰু অৰুণাচল প্ৰদেশ।

অধিক বিৱৰণৰ বাবেঃ

 

বিশ্ব স্বাস্থ্য দিৱসত প্ৰধানমন্ত্ৰীৰ বাৰ্তা

বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়: "জনসাধাৰণে উচ্চ মানসম্পন্ন আৰু সাশ্ৰয়ী হেল্থকেয়াৰ লাভ নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰে আয়ুষ্মান ভাৰত আৰু পিএম জনঔষধি যোজনাকে ধৰি বহু ব্যৱস্থা গ্ৰহণ কৰিছে। ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজখন অধিক সুদৃঢ় কৰিবলৈ ভাৰতে তদুপৰি বিশ্বখনৰ ভিতৰতে সৰ্ববৃহৎ টিকাদান কাৰ্যক্ৰম অব্যাহত ৰাখিছে। বিশ্ব স্বাস্থ্য দিৱসত, মাস্ক পৰিধান, নিয়মীয়াভাৱে হাত ধোৱা আৰু আন প্ৰট’কলসমূহ মানি চলাকে ধৰি সকলো সম্ভাৱ্য সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰদ্বাৰা ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজখনত মনোযোগ প্ৰদান কৰো আহক। একে সময়তে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ সম্ভাৱ্য সকলো পদক্ষেপ গ্ৰহণ কৰক আৰু ফিট হৈ থাকক। বিশ্ব স্বাস্থ্য দিৱস হৈছে আমাৰ গ্ৰহটোক সুস্থ কৰি ৰাখিবলৈ দিনে-ৰাতিয়ে কাম কৰাসকলৰ প্ৰতি আমাৰ কৃতজ্ঞতা আৰু প্ৰশংসা পুনৰাই নিশ্চিত কৰাৰ দিন। তদুপৰি এয়া হৈছে এনে এটা দিন য’ত হেল্থকেয়াৰত গৱেষণা আৰু উদ্ভাৱনৰ প্ৰতি আমাৰ অংগীকাৰক পুনৰাই দোহৰা যায়।"

অধিক বিৱৰণৰ বাবেঃ

 

অধিক সংখ্যক ঘটনা লাভ কৰা ১১ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ কভিড-১৯ পৰিস্থিতি আৰু টিকাদানৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনৰ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে কালি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ১১ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ক’ভিড-১৯ পৰিস্থিতি আৰু টিকাদানৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ অৰ্থে এখনি উচ্চ-স্তৰীয় বৈঠকত পৌৰহিত্য কৰে। এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হৈছেঃ চত্তীশগড়, দিল্লী, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, কৰ্ণাটক, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, পঞ্জাৱ আৰু ৰাজ্যস্থান। এই ৰাজ্যকেইখনত যোৱা দুটা সপ্তাহত ক’ভিড-১৯ ৰ দৈনিক ঘটনা আৰু দৈনিক মৃত্যুৰ ঘটনা অতিশয় বৃদ্ধি পাইছে। এই কাৰ্যসূচীত উক্ত ১১ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্যমন্ত্ৰী আৰু অতিৰিক্ত মুখ্য় সচিব আৰু প্ৰধান সচিব (স্বাস্থ্য) সকলে ভাৰ্চুৱেলী উপস্থিত থাকে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীজনে উল্লেখ কৰে যে এই ১১ খন ৰাজ্যৰ ঘটনাৰ হাৰ দেশখনৰ মুঠ ঘটনাৰ ৫৪% আৰু মৃত্যুৰ হাৰ দেশখনৰ মুঠ মৃত্যুৰ ঘটনাৰ ৬৫%। মহাৰাষ্ট্ৰ আৰু পঞ্জাৱত মৃত্যুৰ ঘটনা অধিক হৈ পৰিছে। মহাৰাষ্ট্ৰত টেষ্টৰ পজিটিভিটি হাৰ ২৫% আৰু চত্তীশগড়ত ১৪%।

অধিক বিৱৰণৰ বাবেঃ

 

বিশ্ব স্বাস্থ্য দিৱসত ডব্লিউএইচঅক সম্বোধন ডাঃ হৰ্ষ বৰ্ধনৰ

আজি বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে আজি ইয়াত ডব্লিউএইচঅ’ দক্ষিণ পূব এছিয়া আঞ্চলিক কাৰ্যালয়ক ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সম্বোধন কৰে।

অধিক বিৱৰণৰ বাবেঃ

 

দাওয়াই ভী, কদাই ভী ৰ বাৰ্তা প্ৰচাৰ, সকলো ব্যক্তিগত টিভি চেনেললৈ পৰামৰ্শ আগবঢ়ালে তথ্য ও সম্প্ৰচাৰ মন্ত্ৰালয়ে

দেশখনত ক’ভিড-১৯ ঘটনা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে কালি সকলো ব্যক্তিগত টেলিভিচন চেনেললৈ পৰামৰ্শ আগবঢ়ালে। ৪ এপ্ৰিল, ২০২১ ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত অনুষ্ঠিত বৈঠকত এই পৰামৰ্শৰ পোষকতা কৰা যায়। সাম্প্ৰতিক পৰিস্থিতি পৰ্যালোচনাৰ অৰ্থে অনুষ্ঠিত এই বৈঠকখনিত, পাঁচ-তৰপীয়া কৌশল যথাঃ টেষ্টিং, ট্ৰেকিং, ট্ৰিটমেন্ট, ক’ভিডৰ যথোচিত আচৰণ আৰু টিকাদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় জনহিতকৰ বাৰ্তা প্ৰচাৰত ব্যক্তিগত টিভি চেনেলসমূহে পালন কৰা নেতৃস্থানীয় ভূমিকাক দোহাৰে। সেয়ে মন্ত্ৰালয়ে চেনেলসমূহক ‘দাওয়াই ভী, কদাই ভী’ ৰ বাৰ্তাৰ বৃহত্তৰ সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনাই যাতে ক’ভিডৰ যথোচিত আচৰণ আৰু যোগ্য ব্যক্তিৰ টিকাদান সন্দৰ্ভত সজাগতা গঢ় লৈ উঠে।

অধিক বিৱৰণৰ বাবেঃ

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

  • মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰত টিকাদান কাৰ্যক্ৰম পূৰ্ণগতিত অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত, ৰাজ্য চৰকাৰখনে কেন্দ্ৰক এই গতিত মন্থৰ নোহোৱাটো নিশ্চিত কৰিবলৈ সঠিক পৰিমাণৰ পালি যোগানৰ বাবে কেন্দ্ৰীয় চৰকাৰখনক অনুৰোধ জনাইছে। ইফালে, পুনেস্থিত ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই ক’ভিড-১৯ ৰ ভেকচিন ক’ভিশ্বিল্ডৰ প্ৰস্তুত ক্ষমতা এমাহত ১০০ নিযুত পালিলৈ বৃদ্ধিৰ অৰ্থে চৰকাৰৰপৰা ৩,০০০ কোটি টকাৰ অনুদান কামনা কৰিছে। মে’ত এই ক্ষমতা আহৰণৰ পোষকতা কৰিছে প্ৰতিষ্ঠানটোৱে। বৰ্তমান ছেৰামৰ মাহিলী আউটপুট হৈছে প্ৰায় ৬৫-৭০ নিযুত পালি।
  • গুজৰাটঃ গুজৰাটত কভিড পৰিস্থিতিৰ অৱনতি ঘটনাৰ পৰিপ্ৰেক্ষিতত, ৰাজ্য চৰকাৰখনে গুজৰাটৰ ৮ পৌৰ নিগমৰ অধীনস্থ এলেকা আৰু ২০ চহৰত নৈশ সান্ধ্য আইন প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি, ৩০ এপ্ৰিল পৰ্যন্ত আহমেদাবাদ, চুৰাট, ভদোদৰা, ৰাজকোট আৰু গান্ধী নগৰত পুৱা ৮ বজাৰপৰা সন্ধিয়া ৬ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে। ৩০ এপ্ৰিললৈকে ৰাজ্যখনৰ সকলো ডাঙৰ অনুষ্ঠান বাতিল কৰা হৈছে। ৰাজ্যখনৰ সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৭,৩৪৮ টা আৰু এতিয়ালৈকে ৪,৫৯৮ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে।
  • মধ্য প্ৰদেশঃ মধ্য প্ৰদেশ চৰকাৰে জিলা হাস্পতালসমূহৰ আধা বিছনা কৰোনা ৰোগীসকলৰ বাবে সংৰক্ষণ কৰাৰ নিৰ্দেশনা জাৰি কৰাৰ সমান্তৰালভাৱে প্ৰতিখন জিলা হাস্পতালতে ৩০ খন আইচিইউ বিছনা সংযোজিত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। চিটি স্কেনৰ মূল্য পূৰ্বে ৬০০০ টকাৰ বিপৰীতে এতিয়া ৩০০০ টকা ধাৰ্য্য় কৰা হৈছে।
  • ৰাজস্থানঃ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ১৮ বছৰ বয়সৰ উৰ্ধ লোকৰ বাবে টিকাদান মুকলি কৰি দিয়াৰ অনুৰোধেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে। হাস্পতালসমূহত ভৰ্তি কৰোৱা কভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত, ৰাজ্যখনৰ স্বাস্থ্য় বিভাগে ৬০ খন বা ততোধিক বিছনাযুক্ত সকলো হাস্পতাললৈ কভিড আক্ৰান্ত ৰোগীৰ বাবে ইয়াৰ ২৫% সংৰক্ষণৰ নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৬,১৪০ টা।
  • কেৰালাঃ মঙলবাৰে কেৰালাত ৩,৫০২ টা নতুন ঘটনা লাভ কৰা যায়। ৰাজ্যখনত টেষ্টৰ পজিটিভিটি হাৰ হৈছে ৫.৯৩% আৰু সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ২৯,৯৬২ টা।
  • তামিল নাডুঃ মঙলবাৰে তামিল নাডুৰ সক্ৰিয় ঘটনাই ২৫,০০০ ৰ সীমা অতিক্ৰম কৰে। সেইদিনা ৩,৬৪৫ টা ঘটনা লাভ কৰাৰ সমান্তৰালভাৱে ১৫ আক্ৰান্তই মৃত্যুবৰণ কৰে।
  • অন্ধ্ৰ প্ৰদেশঃ যোৱা ২৪ ঘন্টাত অন্ধ্ৰ প্ৰদেশত ১৯৪১ টা নতুন ঘটনা লাভ কৰা যায়। উক্ত সময়ছোৱাত ৩১,৬৫৭ টা নমুনা টেষ্ট কৰা হয়।
  • কৰ্ণাটকঃ ০৬-৪-২০২১ ৰ তথ্য অনুসৰি, কৰ্ণাটকত নতুন ঘটনাঃ ৬১৫৯০ টা, মুঠ সক্ৰিয় ঘটনাঃ ৪৫১০৭ টা, নতুনকৈ মৃত্যুৰ ঘটনা ৩৯ টা।
  • তেলেংগানাঃ কালি তেলেংগানাত ১৯১৪ টা নতুন ঘটনা লাভ কৰাৰ বিপৰীতে পাঁচজন কভিড আক্ৰান্ত মৃত্যুমুখত পৰে।
  • অসমঃ এনএইচএম, অসমৰ মিডিয়া বুলেটিনৰ তথ্য অনুসৰি, মঙলবাৰে অসমত কভিড-১৯ ত আক্ৰান্ত হৈ আৰু দুজন ৰোগী মৃত্যুমুখত পৰে। ইয়াকে ধৰি, ৰাজ্যখনত একে কাৰণতে মৃত্যুৰ সংখ্যা ১,১১১ লৈ বৃদ্ধি পায়। ৰাজ্যখনত লাভ কৰা নতুন ঘটনাৰ সংখ্যা হৈছে ৯২ টা, ইয়াৰে কামৰূপ মহানগৰত ২৬ টা, যোৰহাটত ১৪ টা আৰু নগাঁৱত ১২ টা ঘটনা লাভ কৰা হয়। ইয়াকে ধৰি, সক্ৰিয় ঘটনাৰ সংখ্যা ৬৮৩ লৈ বৃদ্ধি পালে। ক’ভিড-১৯ ৰ ঘটনা বৃদ্ধিৰ মাজতে চৰকাৰী আৰু ব্যক্তিগত- উভয় বিদ্যালয়সমূহতে নতুন শিক্ষা বৰ্ষ (২০২১-২২) আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত, ৰাজ্যৰ স্বাস্থ্য বিভাগে শৈক্ষিক প্ৰতিষ্ঠানসমূহত যাদৃচ্ছিক ৰেপিড এন্টিজেন টেষ্টিং সম্পন্ন কৰাৰ পৰিকল্পনা কৰি আছে। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী আৰু পিতৃ-মাতৃসকলৰ মাজত ভাইৰাছটোৰ সংক্ৰমণ চিনাক্ত কৰা হ’ব।
  • মণিপুৰঃ মণিপুৰত মঙলবাৰে আৰু সাতজন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা ৬৩ লৈ বৃদ্ধি পালে। ক’ভিড-১৯ কমন কনট্ৰ’ল ৰুমৰপৰা লাভ কৰা তথ্য অনুসৰি, উক্ত ৬৩ সক্ৰিয় ঘটনাকে ধৰি ৰাজ্যখনত মুঠ পজিটিভ ঘটনাৰ সংখ্যা ২৯,৪৩৫ হৈ পৰিছে। উক্ত দিনা, মণিপুৰত প্ৰায় ৯২৩ জন লোকক ক’ভিড-১৯ ৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াকে ধৰি, ৰাজ্যখনত টিকা লাভ কৰা লোকৰ সংখ্যা ৮৮,৬৪২ জনলৈ বৃদ্ধি পালে। ইয়াৰে ৩১,৭৩৩ জন হৈছে হেল্থকেয়াৰ কৰ্মী। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে জনোৱা অনুসৰি, দেশজুৰি কভিড-১৯ ৰ ঘটনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত, পথেৰে ৰাজ্যখনলৈ অহা লোক তথা ইম্ফল বিমানবন্দৰত অৱতৰণ কৰা লোকসকলক স্ক্ৰীনিঙকে ধৰি সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ অৰ্থে নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে।
  • ছিকিমঃ ছিকিমত কভিড ঘটনা বৃদ্ধি হৈ পৰিছে। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত ২৩ টা ঘটনা চিনাক্তৰে সক্ৰিয় ঘটনাৰ সংখ্যা ৬৫ লৈ বৃদ্ধি পালে। সকলো নতুন ঘটনা পূব ছিকিম জিলাত লাভ কৰা হয়। ইয়াত আছে গোৱা আৰু গুজৰাটৰ সাত পৰ্যটক। একে সময়তে, ছিকিমৰ ভিন্ন অঞ্চলৰ ভিন্ন শ্ৰেণীৰ মুঠ ২,৪০৩ জন লোকে কভিড-১৯ ৰ ভেকচিন লাভ কৰিছে।
  • ত্ৰিপুৰাঃ ত্ৰিপুৰাত ৯ আৰু ১০ এপ্ৰিলত বিশেষ টিকাদান কাৰ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যখনৰ এনএইচএমৰ এমডিয়ে জনোৱা তথ্য অনুসৰি, ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ১৬-১৮ শতাংশক টিকাদান কৰা হৈছে।
  • নাগালেণ্ডঃ মঙলবাৰে নাগালেণ্ডত নতুন ক’ভিড ঘটনা লাভ কৰা হোৱা নাই। ৰাজ্যখনত ১৩৪ টা সক্ৰিয় ঘটনাৰে মুঠ আক্ৰান্তৰ সংখ্যা ১২,৩৬৫ জন।

 

ফেক্ট চেক

Image

Image

Image

Image

Image

Image

Image

****



(Release ID: 1710265) Visitor Counter : 190