PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 06 APR 2021 5:50PM by PIB Guwahati

#Unite2FightCorona

#IndiaFightsCorona

Image

Image

Image

ভাৰতত বিগত ২৪ ঘণ্টাত অভিলেখ সংখ্যক ৪৩ লক্ষাধিক প্ৰতিষেধক প্ৰদান কৰা হৈছে, এই পৰ্যন্তু মুঠ ৮ কোটি প্ৰতিষেধক প্ৰদান কৰা হৈছে; ২৫ কোটিতকৈও অধিক ক’ভিড-১৯ পৰীক্ষণ সম্পন্ন কৰা হৈছে

ক’ভিড-১৯ ৰ বিৰুদ্ধে ভাৰতৰ যুঁজখনত এটি লক্ষ্যণীয় সফলতা হিচাপে, যোৱা ২৪ ঘন্টাত ৪৩ লাখৰো অধিক পালি ভেকচিন প্ৰদান কৰা হৈছে। এয়া হৈছে অদ্যপি দেশখনত এদিনতে সৰ্বাধিক টিকাদান ক’ভাৰেজ। টীকাদান কাৰ্যক্ৰমৰ ৮০-সংখ্যক দিন (৫ এপ্ৰিল, ২০২১) অনুসৰি, ৪৩,০০,৯৬৬ পালি ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত, ৪৮,০৯৫ ছেচনজুৰি ৩৯,০০,৫০৫ হিতাধিকাৰীক ১ম পালি আৰু ৪,০০,৪৬১ হিতাধিকাৰীক ২য় পালি ভেকচিন প্ৰদান কৰা যায়। আন এটি উল্লেখযোগ্য সফলতা হিচাপে, আজি দেশখনত প্ৰদান কৰা ক’ভিড-১৯ ৰ ভেকচিন পালিৰ মুঠ সংখ্যাই ৮.৩১ কোটি অতিক্ৰম কৰে। প্ৰথম পালি টীকাদানেও ৭ কোটি (৭,২২,৭৭,৩০৯) পালিৰ লক্ষ্যণীয় পৰিমাণ অতিক্ৰম কৰিলে।ক্ৰমবৰ্ধমানভাৱে, আজি পুৱা ৭ বজা পৰ্যন্ত লাভ কৰা অস্থায়ী প্ৰতিবেদন অনুসৰি, ১২,৮৩,৮১৬ ছেচনজুৰি ৮,৩১,১০,৯২৬ পালি ভেকচিন প্ৰদান কৰা হয়। ইয়াত অন্তৰ্ভুক্ত হৈছে ৮৯,৬০,০৬১ হেল্থ কেয়াৰ কৰ্মীক ১ম পালি আৰু ৫৩,৭১,১৬২ হেল্থ কেয়াৰ কৰ্মীক ২য় পালি, ৯৭,২৮,৭১৩ ফ্ৰন্ট লাইন কৰ্মী (১ম পালি), ৪২,৬৪,৬৯১ ফ্ৰন্ট লাইন কৰ্মী (২ পালি), ৬০ বছৰ বয়সৰ উৰ্ধ ৩,৪১,০৬,০৭১ ক হিতাধিকাৰীক ১ম পালি আৰু ৮,১২,২৩৭ হিতাধিকাৰীক ২য় পালি আৰু ৪৫ বছৰ আৰু তাৰ উৰ্ধ ১,৯৪,৮২,৪৬৪ হিতাধিকাৰী (১ম পালি) আৰু ৩,৮৫,৫২৭ হিতাধিকাৰী (২য় পালি)। দেশখনত দৈনিক টীকাদান বৃদ্ধি পাই আহিছে। দেশখনত সম্পন্ন কৰা মুঠ ক’ভিড টেষ্টে ২৫-কোটিৰ সীমা অতিক্ৰম কৰিলে। মুঠ পজিটিভিটি হাৰ ৫.০৭% লৈ বৃদ্ধি পাইছে। ভাৰতৰ দৈনিক নতুন ঘটনা বৃদ্ধি পাই আহিছে। যোৱা ২৪ ঘন্টাত ৯৬,৯৮২ টা নতুন ঘটনা লাভ কৰা হৈছে।

মহাৰাষ্ট্ৰ, চত্তীশগড়, কৰ্ণাটক, উত্তৰ প্ৰদেশ, তামিলনাডু, দিল্লী, মধ্য প্ৰদেশ আৰু গুজৰাটকে ধৰি আঠখন ৰাজ্যত ক’ভিডৰ দৈনিক নতুন ঘটনা বৃদ্ধি পাইছে। নতুন ঘটনাৰ ৮০.০৪% এই ৮ খন ৰাজ্যত লাভ কৰা যায়। মহাৰাষ্ট্ৰত দৈনিক নতুন ঘটনা সৰ্বাধিক ৪৭,২৮৮ টা। ইয়াৰ পাছতেই চত্তীশগড়ত ৭,৩০২ টাৰ সমান্তৰালভাৱে কৰ্ণাটকত ৫,২৭৯ টা নতুন ঘটনা লাভ কৰা হৈছে। বাৰখন ৰাজ্যত, দৈনিক নতুন ঘটনা উৰ্ধমুখী হৈ পৰিছে। ভাৰতৰ মুঠ সক্ৰিয় কেছল’ড ৭,৮৮,২২৩ হৈ পৰিছে। এতিয়া ইয়াৰ হাৰ দেশখনৰ মুঠ পজিটিভ ঘটনাৰ ৬.২১%। যোৱা ২৪ ঘন্টাত মুঠ সক্ৰিয় কেছল’ডৰপৰা ৪৬,৩৯৩ টা ঘটনা হ্ৰাস হৈ পৰে। দেশখনৰ মুঠ সক্ৰিয় কেছল’ডৰ প্ৰায় ৫৭.৪২% মহাৰাষ্ট্ৰত অকলেই লাভ কৰা যায়। আজি ভাৰতৰ মুঠ আৰোগ্য লাভৰ সংখ্যা হয় ১,১৭,৩২,২৭৯। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ হৈছে ৯২.৪৮%। যোৱা ২৪ ঘন্টাত ৫০,১৪৩ ৰোগীয়ে আৰোগ্য লাভ কৰে। যোৱা ২৪ ঘন্টাত ৪৪৬ টা মৃত্যুৰ ঘটনা সংঘটিত হয়। নতুন মৃত্যুৰ ঘটনাৰ ৮০.৯৪% লাভ কৰা যায় আঠখন ৰাজ্যত। মহাৰাষ্ট্ৰত মৃত্যুৰ ঘটনা সৰ্বাধিক ১৫৫ টা। ইয়াৰ পাছতেই পঞ্জাৱত ৭২ টা দৈনিক মৃত্যুৰ ঘটনা সংঘটিত হৈছে। যোৱা ২৪ ঘন্টাত তেৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এটাও ক’ভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাই। সেয়া হৈছেঃ ওড়িশা, অসম, পুডুচেৰী, লাডাখ, দমন ও ডিউ আৰু দাদৰা ও নগৰ হাভেলী, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, লক্ষদ্বীপ, মিজোৰাম, আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ আৰু অৰুণাচল প্ৰদেশ।

অধিক বিৱৰণৰ বাবে

 

ক’ভিড-১৯ৰ নিয়ন্ত্ৰণ আৰু সুৰক্ষা পৰিমাপৰ বাবে মহাৰাষ্ট্ৰ, চট্টিশগড় আৰু পাঞ্জাৱলৈ কেন্দ্ৰই প্ৰেৰণ কৰিলে ৫০জনীয়া উচ্চস্তৰীয় জনস্বাস্থ্য দল

কেন্দ্ৰ চৰকাৰে মহাৰাষ্ট্ৰ, চট্টিশগড় আৰু পাঞ্জাৱৰ ৫০খন জিলালৈ ৫০জনীয়া উচ্চস্তৰীয় জনস্বাস্থ্যৰ দল প্ৰেৰণ কৰিছে৷ এই দলটোৱে ৰাজ্যকেইখনৰ ক’ভিড-১৯ৰ নিয়ন্ত্ৰণ তথা সুৰক্ষাৰ পৰিমাপ কৰিব৷ তদুপৰি দলটোৱে ৰাজ্যকেইখনৰ পৰা দৈনিক প্ৰতিবেদনো গ্ৰহণ কৰিব৷

অধিক বিৱৰণৰ বাবে

 

৪৫ বছৰ বয়সৰ তলৰ ক’ভিড প্ৰতিষেধক হিতাধিকাৰীৰ চিনাক্তকৰণত হোৱা বিসংগতিৰ বাবে  দিল্লী চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিলে কেন্দ্ৰই; ইয়াৰ সবিশেষ বিচাৰি ব্যক্তিগতখণ্ডৰ ক’ভিড টীকাকৰণ কেন্দ্ৰলৈ প্ৰেৰণ কৰিলে শ্ব’কজ নটিচ

দিল্লীৰ কিছুমান ব্যক্তিগতখণ্ডৰ ক’ভিড টীকাকৰণ কেন্দ্ৰই ৪৫ বছৰ বয়সৰ তলৰ ক’ভিড প্ৰতিষেধক হিতাধিকাৰীৰ চিনাক্তকৰণত সংঘটিত কৰা বিসংগতি কেন্দ্ৰৰ দৃষ্টি গোচৰ হৈছে আৰু এই সন্দৰ্ভত কেন্দ্ৰই বিসংগতিৰ কাৰণ বিচাৰি দিল্লী চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

 

ডাঃ হৰ্ষ বৰ্ধনে মুকলি কৰিলে সংহত স্বাস্থ্য তথ্য প্লেটফ’ৰ্ম (আইএইচআইপি), ই হ’ল সংশোধিত পৰৱৰ্তী প্ৰজন্মৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী (আইডিএছপি) ডিজিটেল প্লেটফ’ৰ্ম

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে কালি ৰাজ্যিক স্বতন্ত্ৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেৰ উপস্থিতিত ভাৰ্চুৱেলী সংহত স্বাস্থ্য তথ্য প্লেটফ’ৰ্ম (আইএইচআইপি) মুকলি কৰে৷ এই অনুষ্ঠানত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী তীৰথ কুমাৰ ৰাৱটেও ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে৷

অধিক বিৱৰণৰ বাবে  

 

৪৫ বছৰ বা তাৰ ঊৰ্ধৰ বয়সৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক নিজকে ক’ভিড-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে

কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ কৰ্মচাৰীসকল যাৰ বয়স ৪৫ বা ততোধিক, তেওঁলোকক নিজকে ক’ভিড-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷ কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ে আজি এই নিৰ্দেশনা জাৰি কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

 

 

পিআইবি ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • অসমঃ বিগত ৪৮ ঘণ্টাত ক’ভিড-১৯ত সংক্ৰমিত হৈ দুজন ৰোগীৰ মৃত্যু হৈছে৷ এই পৰ্যন্ত মুছ ১১০৯ জন লোকৰ মৃত্যু হৈছে৷ দেওবাৰে অসমৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ দ্বাৰা প্ৰকাশিত ক’ভিড-১৯ মিডিয়া বুলেটিনৰ তথ্য অনুসৰি ৪ এপ্ৰিল ২০২১ তাৰিখলৈ মুঠ ৭০৭৫টা ক’ভিড-১৯ পৰীক্ষণ সম্পন্ন হৈছে৷
  • মণিপুৰঃ মণিপুৰত সোমবাৰলৈ মুঠ ২৯,৪২৮ জন লোক আক্ৰান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত পাঁচজন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ এই তথ্য প্ৰকাশ কৰিছে ক’ভিড-১৯ সাধাৰণ নিয়ন্ত্ৰণ কক্ষই৷
  • মেঘালয়ঃ যদি উপযুক্ত সাৱধানতা অৱলম্বন কৰা নহয় তেন্তে দ্বিতীয় পৰ্যায়ৰ ক’ভিড-১৯ৰ ঢৌৱে ৰাজ্যখন আক্ৰান্ত কৰিব পাৰে বুলি স্বাস্থ্য মন্ত্ৰী এ এল হেকে সোমবাৰে সতৰ্কবাণী প্ৰদান কৰে৷  
  • ত্ৰিপুৰাঃ এছবিআইৰ প্ৰধান শাখাৰ ১১জন কৰ্মচাৰীৰ দেহত পজিটিভ পোৱা গৈছে৷ এই পৰ্যন্ত ৰাজ্যখনত ৭.৫ লাখ লোকক টীকা প্ৰদান কৰা হৈছে৷
  • ছিক্কিমঃ ২ মাহৰ পিছত ছিক্কিমত ক’ভিডত আক্ৰান্ত হৈ এগৰাকী ৬৫ বৰ্ষীয় মহিলাৰ মৃত্যু হৈছে৷ এই পৰ্যন্ত ৬২৬৩ জন লোক ৰোগত আক্ৰান্ত হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৬ জন৷
  • নাগালেণ্ডঃ সোমবাৰে দুজন ৰোগীক চিনাক্ত কৰা হৈছে৷ ১৩৬জন সক্ৰিয় ৰোগীৰ সৈতে  মুঠ ৰোগীৰ সংখ্যা হ’ল ১২,৩৬৫ জন৷
  • মহাৰাষ্ট্ৰঃ ৮ মিলিয়নতকৈও অধিক প্ৰতিষেধক প্ৰদানেৰে মহাৰাষ্ট্ৰ প্ৰতিষেধক প্ৰদানত ৰাজ্যসমূহৰ ভিতৰত শীৰ্ষ স্থানত আছে৷ সোমবাৰে ৪৭,২৮৮ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ লগতে মুঠ ৰোগীৰ সংখ্যাই ৪.৫ লাখৰ সীমা অতিক্ৰম কৰিছে৷
  • গুজৰাটঃ গুজৰাট চৰকাৰে আঠটা পৌৰ নিগমত ৫০০-৫৫০ বিচনাযুক্ত ক’ভিড কেয়াৰ কেন্দ্ৰ আৰম্ভ কৰাৰ বিবেচনা কৰিছে৷
  • ৰাজস্থানঃ মুখ্যমন্ত্ৰী অশোক গেহলটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰতিষেধক গ্ৰহণৰ বয়সৰ সীমা বাতিল কৰিবলৈ আহ্বান জনাইছে৷ ৰাজ্যখনত এদিনতে সোমবাৰে ২৪২৯ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
  • মধ্য প্ৰদেশঃ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ‘মেৰী সুৰক্ষা মেৰা মাস্ক’ শীৰ্ষক অভিযান আৰম্ভ কৰিছে৷ সোমবাৰে ৩৩৯৮ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২২,৬৫৪ জন৷

 

 

 

ফেক্ট চেক

A stamp with the word Fake on an order claiming to be issued in the by Reserve Bank of India and states that the Indian demonetized currency notes exchange facility to foreign citizens will end on April 30, 2021

Image

Image

Image

Image

Image

******



(Release ID: 1709938) Visitor Counter : 208