ভাৰতীয় নিৰ্বাচন আয়োগ

কৰিমগঞ্জত ইভিএম সম্পৰ্কীয় দুৰ্ঘটনা সন্দৰ্ভত তথ্যপূৰ্ণ ৰিপ'ৰ্ট

প্ৰিজাইডিং অফিচাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ তথা অতিৰিক্ত সতৰ্কতা হিচাপে অসমৰ পিএছ ১৪৯ ৰাতাবাৰীত পুনৰ ভোট গ্ৰহণৰ নিৰ্দেশ

Posted On: 02 APR 2021 12:44PM by PIB Guwahati

১। বিধানসভা সমষ্টি নং ১ ৰাতাবাৰী (এছচি)ৰ ভোটগ্ৰহণ সঞ্চালন দল ১৪৯-ইন্দিৰা এম ভি স্কুলত ০১ এপ্ৰিল, ২০২১ত এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয়। ভোটগ্ৰহণ সঞ্চালন দলত এজন প্ৰিজাইডিং অফিচাৰ তথা তিনিজন ভোটগ্ৰহণ কৰ্মচাৰী আছিল। এজন পুলিচ কনষ্টেবল তথা এজন হোমগাৰ্ডসহ তেওঁলোকৰ সৈতে পুলিচৰ জোৱানো আছিল।

 

২। ১৮০০ বজাত ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পিছত ভোটগ্ৰহণ সঞ্চালন দলে পুলিচ ছেক্টৰ বিষয়া এবিএছআই লোহিত গোহাঁইৰ নেতৃত্বত এটা সশস্ত্ৰ এস্কৰ্টৰ পহৰাদাৰীত এটা কনভয়ত উভতি আছিল। ০১ এপ্ৰিলত বতৰ বেয়া আছিল আৰু প্ৰবল বৃষ্টিপাতৰ বাবে পথৰ ওপৰত বোকা হৈছিল।

 

৩৷ জিলাৰ দূৰৱৰ্তী ঠাইৰ পৰা কৰিমগঞ্জলৈ ৰাষ্ট্ৰীয় ঘাইপথ ৮য়েই একমাত্ৰ প্ৰধান পথ। যিহেতু সেইদিনা ভোটগ্ৰহণ আছিল আৰু ভোটগ্ৰহণ ১৮০০ বজাত সম্পূৰ্ণ হৈছিল সেয়ে প্ৰায় ১৩০০খন বাহন সেই একমাত্ৰ ঘাইপথত চলি আছিল কিয়নো সকলো ভোটগ্ৰহণ সঞ্চালন দল ১৮০০ বজাৰ পিছত কৰিমগঞ্জলৈ উভতি আছিল। বেয়া বতৰৰ লগতে এই কাৰণেও ঘাইপথৰ ওপৰত অভূতপূৰ্ব ভীৰ হৈছিল।

 

৪৷ যেতিয়া ওপৰোক্ত উল্লিখিত ভোটগ্ৰহণ সঞ্চালন দল নীলম বজাৰৰ ওচৰ পায় তেতিয়া সেই বাহনখন যি ডিচি কাৰ্যালয়ৰ নিৰ্বাচন শাখাৰ পৰিবহন কোষৰ দ্বাৰা আৱণ্টিত কৰা হৈছিল আৰু য'ত ভোটগ্ৰহণ সঞ্চালন দল আছিল, ০১ এপ্ৰিল, ২০২১ত প্ৰায় নিশা ২১০০ বজাত বেয়া হৈ যায়। ট্ৰেফিকৰ ভীৰ তথা প্ৰতিকূল বতৰৰ স্থিতিৰ বাবে দলটো নিজৰ কনভয়ৰ পৰা পৃথক হৈ যায়। দলটো বাহনৰ পৰা নামে আৰু ছেকচন বিষয়া শ্ৰী অজয় সূত্ৰধাৰৰ সৈতে তেওঁৰ ফোনত কথা পাতে আৰু তেওঁক এই বিষয়ে অৱগত কৰে। যেতিয়া ছেক্টৰ বিষয়াই কোনো বিকল্প বাহনৰ ব্যৱস্থা কৰাত লাগিছিল, ভোটগ্ৰহণ সঞ্চালন দলে নিজাকৈ এখন বাহনৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত লয় যাৰ ফলত সোনকালে মেটেৰিয়েল ৰিছেপ্সন চেণ্টাৰত পোৱাব পাৰি কিয়নো তেওঁলোকৰ সংৰক্ষণত ভোটগ্ৰহণ হোৱা ইভিএম আছিল।

 

৫৷ প্ৰায় ২১২০ বজাত ভোটগ্ৰহণ সঞ্চালন দলে ওচৰেৰে পাৰ হোৱা এখন বাহনক মাত দিয়ে আৰু তেওঁলোকে নম্বৰ এছএছ-১০বি-০০২যুক্ত সেই বাহনখনৰ মালিকৰ অনুসন্ধান নকৰাকৈ নিজৰ ইভিএম তথা অন্য সামগ্ৰীসহ উঠি লয়। যেতিয়া ভোটগ্ৰহণ সঞ্চালন দলৰ দ্বাৰা ৰিপ'ৰ্ট কৰা হয়, তেওঁলোকে প্ৰায় ২২০০ বজাত কৰিমগঞ্জৰ কনয়সিল গৈ পায় আৰু ট্ৰেফিকৰ কাৰণে তেওঁলোকৰ বাহনৰ গতি মন্থৰ হৈ পৰে। যেতিয়া তেওঁলোকৰ বাহনৰ গতি মন্থৰ হৈ পৰে তেতিয়া প্ৰায় ৫০জন ব্যক্তিৰ এটা ভীৰে তেওঁলোকক ঘেৰি লয় আৰু তেওঁলোকৰ ওপৰত শিল দলিয়াবলৈ ধৰে। ভীৰে তেওঁলোকক গালি দিবলৈও আৰম্ভ কৰে আৰু তেওঁলোকৰ বাহনখন তাৰ পৰা ওলোৱাত বাধা দিয়ে। যেতিয়া তেওঁলোকে ভীৰৰ নেতাৰে আলোচনা কৰে তেতিয়া তেওঁলোকে উত্তৰ দিয়ে যে এই বাহনখন শ্ৰী কৃষ্ণেন্দু পালৰ যি চুবুৰীয়া বিধানসভা সমষ্টিৰ নিৰ্বাচনত অৱতীৰ্ণ এজন প্ৰাৰ্থী আৰু তেওঁ অভিযোগ কৰে যে ইভিএম বিসংগতি কৰিবৰ বাবে লৈ যোৱা হৈছে।

 

তেতিয়াহে তেওঁলোকে কিবা খেলিমেলি আছে বুলি ধাৰণা কৰে আৰু তেওঁলোকে ছেক্টৰ বিষয়াক সতৰ্ক কৰি দিয়ে। অৱশ্যে, তেতিয়ালৈকে যথেষ্ট ভীৰ জমা হৈছিল যি তেওঁলোকৰ ওপৰত আক্ৰমণ কৰে আৰু এই অভিযোগ উত্থাপন কৰে যে ইভিএম বিসংগতি কৰিবৰ বাবে লৈ যোৱা হৈছে, ভীৰৰ দ্বাৰা বাহনত ৰখা ইভিএমৰ লগতে তেওঁলোককো আবদ্ধ কৰে।

 

৬৷ এই ঘটনাৰ বিষয়ে জানিব পৰাৰ লগে লগে কৰিমগঞ্জৰ ডিইঅ'ই কৰিমগঞ্জৰ এছপিৰ সৈতে ঘটনাস্থলীলৈ ৰাওনা হয় আৰু তাত ২২২০ বজাত গৈ পায়। ইয়াৰ উপৰিও ইয়াৰ মাজতে বাহনৰ গৰাকীৰ সন্ধান কৰা হয় আৰু ইয়াক পাথাৰকান্দি বিধানসভা সমষ্টি সংখ্যা ২ৰ নিৰ্বাচনত অৱতীৰ্ণ প্ৰাৰ্থী শ্ৰী কৃষ্ণেন্দু পালৰ পত্নী শ্ৰীমতী মধুমিতা পালৰ নামত পঞ্জীকৃত পোৱা যায়। ঘটনা স্থলীত উপস্থিত হৈ দেখা যায় যে ভীৰে ভোটগ্ৰহণ সঞ্চালন দলক টনাটনি কৰি আছে আৰু তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিবলৈ উদ্যত। ভীৰ হিংসুক হৈ উঠিছিল আৰু তেওঁলোকে শিল দলিয়াই বাহনৰ চিচাবিলাকৰ ক্ষতি কৰিছিল। শিল দলিওৱাৰ সময়ত কৰিমগঞ্জৰ এছপিৰ ডিঙিৰ হাড়ত সামান্য আঘাত লাগে আৰু ভীৰক ছত্ৰভংগ দিয়াবলৈ ব্লেংক ফায়াৰিঙৰ সহায় লোৱা হয়। এই হুলস্থূলত প্ৰথম ভোটগ্ৰহণ বিষয়াক নিৰুদ্দিষ্ট পোৱা যায়, ইভিএম তথা বাকী থকা ভোটগ্ৰহণ সঞ্চালন দলক সুৰক্ষিতভাৱে ক্ষেত্ৰৰ বাহিৰলৈ উলিয়াই অনা হয় আৰু ২৩২০ বজাত ডিইঅ'ৰ নিয়ন্ত্ৰণলৈ লৈ অনা হয়।

 

অনুসন্ধান কৰি বিইউ, চিইউ তথা ভিভিপিএটৰ দ্বাৰা নিৰ্মিত ভোটগ্ৰহণ কৰা ইভিএমৰ কোনো হানি নোহোৱাকৈ ছীলবন্ধ পোৱা যায়। সকলো সামগ্ৰী ষ্ট্ৰং ৰুমত জমা কৰা হৈছে।

 

৭৷ প্ৰথম ভোটগ্ৰহণ বিষয়া ০২ এপ্ৰিল, ২০২১ৰ পুৱা পৰ্যন্ত নিৰুদ্দেশ হৈ থাকে যি কাষৰ বননিত লুকাই পৰিছিল আৰু গোটেই নিশা বিচাৰ-খোচাৰ চলি থাকে। ইয়াৰ বাবেই এই ৰিপ'ৰ্ট পঠিওৱাত কেইঘণ্টামান পলম হয়।

 

৮৷ এই সন্দৰ্ভত প্ৰিজাইডিং অফিচাৰক পৰিবহন প্ৰট'কল উলংঘা কৰা বাবে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে। ইয়াৰ পিছত, পিঅ' তথা তিনিজন অন্য বিষয়াক নিলম্বিত কৰা হৈছে। যদিও ইভিএম ছীলবন্ধ পোৱা গৈছে তথাপি অতিৰিক্ত সতৰ্কতা হিচাপে বিধানসভা নিৰ্বাচন ক্ষেত্ৰ ৰাতাবাৰী (এছচি)ৰ সংখ্যা ১৪৯ ইন্দিৰা এমভি স্কুলত পুনৰ ভোটগ্ৰহণ কৰোৱাৰ সিদ্ধান্ত লোৱা হৈছে। বিশেষ পৰ্যবেক্ষকৰ পৰা এটা ৰিপ'ৰ্টো বিচৰা হৈছে।

 

********

SBS



(Release ID: 1709311) Visitor Counter : 162