বিত্ত মন্ত্ৰালয়

বিত্ত মন্ত্ৰালয়ে ২০২০-২১ বিত্তীয় বৰ্ষত ৰাজ্যসমূহক অতিৰিক্ত ৪৫,০০০ কোটি টকা মুকলি কৰি দিছে

Posted On: 01 APR 2021 2:15PM by PIB Guwahati

ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে ২০২০-২১ বিত্তীয় বৰ্ষত ৰাজ্যসমূহক ক্ষমতা হস্তান্তৰৰ পৰৱৰ্তী প্ৰাপ্য হিচাপে ৪৫,০০০ কোটি টকা মুকলি কৰি দিছে। এই ধন ২০২০-২১ৰ সংশোধিত হিচাপতকৈ ৮.২ শতাংশ অধিক। ২০২০-২১ৰ সংশোধিত হিচাপ অনুসৰি, কৰ আৰু অন্যান্য মাচুল খণ্ডত বিনিময়যোগ্য পুল নাইবা ধন সম্পদৰ ৪১শতাংশৰ সম পৰিমাণ হিচাপে ৰাজ্যসমূহক ৫,৪৯,৯৫৯ কোটি টকা মুকলি কৰি দিয়াৰ লক্ষ্য স্থিৰ কৰা হৈছিল। অৱশ্যে, বিত্ত মন্ত্ৰালয়ে ২০২০-২১ চনত সংগ্ৰহ কৰা ধনৰ বিনিময়যোগ্য অংশ হিচাপে প্ৰাৰম্ভিক হিচাপ অনুযায়ী ৫,৯৪,৯৯৬ কোটি টকা ক্ষমতা হস্তান্তৰৰ পৰৱৰ্তী প্ৰদেয় প্ৰাপ্য হিচাপে প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে।

 

বিত্ত মন্ত্ৰালয়ে ২০২০-২১ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত ৰাজহৰ বাবদ সংগৃহীত ধনৰ আৱণ্টন ইতিমধ্যে কৰা হৈছে। যুক্তৰাষ্ট্ৰীয় ৰাজহ কাঠামো ব্যৱস্থাৰ আদৰ্শ অনুসৰণ কৰি ৰাজ্যসমূহক তেওঁলোকৰ প্ৰাপ্য মোকলাই দিয়া হৈছে। উল্লেখ্য যে আৰু দুটা কিস্তিত ইতিমধ্যে অতিৰিক্ত ৪৫ হাজাৰ কোটি টকা ৰাজ্যসমূহক মোকলাই দিয়া হৈছে। ইয়াৰ ভিতৰত প্ৰথম কিস্তিত ১৪,৫০০ কোটি টকা আৰু দ্বিতীয় কিস্তিত অৱশিষ্ট ৩০,৫০০ কোটি টকা মোকলাই দিয়া হৈছে। ক্ষমতা হস্তান্তৰ পৰৱৰ্তী যোৱা ২৬ মাৰ্চত চতুৰ্দশ কিস্তিৰ প্ৰাপ্য হিচাপে ১৪,৫০০ কোটি টকা প্ৰদান কৰা হৈছে। আনহাতে, ৩১ মাৰ্চ, ২০২১ত দ্বিতীয় কিস্তিৰ বাবদ ৩০,৫০০ কোটি টকা মোকলাই দিয়া হৈছে।

 

অসমক ২০২০-২১ৰ সংশোধিত হিচাপ অনুসৰি ১৭,২২০ কোটি টকা প্ৰদান কৰা হৈছে। ২০২০-২১ৰ হিচাপ অনুসৰি অতিৰিক্ত আৰু ১,৪০৯ কোটি টকা আৰু ২০২০-২১ বিত্তীয় বৰ্ষত সামগ্ৰিকভাৱে ১৮,৬২৯ কোটি টকা প্ৰদান কৰা হৈছে।

*********



(Release ID: 1709172) Visitor Counter : 163