আয়ুষ
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২১ উপলক্ষে প্ৰধানমন্ত্ৰীৰ যোগ বঁটা
प्रविष्टि तिथि:
31 MAR 2021 2:12PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ত দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে দুটাকৈ শাখাত যোগ পুৰস্কাৰ ঘোষণা কৰিছিল। এটা আছিল আন্তঃৰাষ্ট্ৰীয় আৰু আনটো আছিল ৰাষ্ট্ৰীয় পুৰস্কাৰ। যোগৰ প্ৰসাৰ আৰু উন্নতিৰ জৰিয়তে সমাজলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা ব্যক্তি বিশেষ তথা সংগঠনক সম্বৰ্ধনা আৰু স্বীকৃতি জনোৱাৰ উদ্দেশ্যে এই বঁটা প্ৰদান কৰা হয়।
ক’ভিড-১৯ মহামাৰীৰ বাবে ২০২০ত এই বঁটাৰ বাবে আবেদন আহ্বান কৰা হোৱা নাছিল। অৱশ্যে, পূৰ্বৰ বছৰসমূহৰ দৰে ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয়ে দেশৰ বিভিন্ন প্ৰান্তত যোগৰ প্ৰসাৰত ব্যস্ত অখ্যাত ব্যক্তি অথবা সংগঠনক প্ৰধানমন্ত্ৰীৰ যোগ বঁটাৰে স্বীকৃতি আৰু সম্বৰ্ধনা জ্ঞাপন কৰিব। মাই গভ প্লেটফ’ৰ্মত অনুষ্ঠিত হ’বলগীয়া বঁটাসমূহ ভাৰতীয় মূলৰ ব্যক্তিৰ বাবে দুটা ৰাষ্ট্ৰীয় শাখাত আৰু ভাৰতী/বিদেশী লোকৰ বাবে দুটা আন্তঃৰাষ্ট্ৰীয় শাখাত বিভক্ত কৰা হৈছে। আবেদনকাৰীসকলৰ যোগ সন্দৰ্ভত গভীৰ জ্ঞান থাকিব লাগিব।
এই বৰ্ষৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব ৩০ মাৰ্চ,২০২১ আৰু আবেদন দাখিলৰ অন্তিম দিন হ’ব ৩০ এপ্ৰিল,২০২১। বাছনি প্ৰক্ৰিয়াৰ বাবে আয়ুস মন্ত্ৰালয়ৰদ্বাৰা দুখন কমিটি গঠন কৰা হৈছে। আগ্ৰহীসকলে PMYA পেজৰ https://innovateindia.mygov.in/pm-yoga-awards/ত গৈ আবেদন দাখিল কৰিব পাৰিব।
অহা ২১ জুন,২০২১ৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত বঁটাসমূহ ঘোষণা কৰা হ’ব। বিজয়ীসকলক ট্ৰফী, প্ৰমাণপত্ৰ আৰু ২৫লাখ টকাৰ প্ৰাইজমানি প্ৰদান কৰা হ’ব।
****
MV/SJ/MS
(रिलीज़ आईडी: 1708989)
आगंतुक पटल : 247