স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতে ৬ কোটিৰো অধিক টীকাৰে ঐতিহাসিক প্ৰাপ্তি আহৰণ কৰে

দেশত ২৪ কোটিতকৈ অধিক কোভিড পৰীক্ষা কৰা হৈছে

মহাৰাষ্ট্ৰ, ছত্তিশগড়, কৰ্ণাটক, পঞ্জাৱ, গুজৰাট, মধ্যপ্ৰদেশ আৰু তামিলনাডুত দৈনিক নতুন ঘটনাৰ ক্ষেত্ৰত বৃদ্ধি অব্যাহত

কেন্দ্ৰীয় চৰকাৰে নতুন ঘটনা বৃদ্ধিত নিয়ন্ত্ৰণ কৰিবলৈ অধিক সংখ্যাবিশিষ্ট ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে

Posted On: 28 MAR 2021 11:24AM by PIB Guwahati

ভাৰতে কোভিড ১৯ৰ বিৰুদ্ধে যুঁজত এক উল্লেখযোগ্য প্ৰাপ্তি নথিভুক্ত কৰিছে। দেশৰ মুঠ টীকাকৰণ কভাৰেজে আজি ৬ কোটিক অতিক্ৰম কৰে।

 

আজি পুৱা ৭ বজালৈকে পোৱা অনন্তিম ৰিপ'ৰ্ট অনুসৰি ৯,৮৫,০১৮টা বৈঠকৰ জৰিয়তে ৬,০২,৬৯,৭৮২টা টীকা দিয়া হৈছে।

 

ইয়াত ৮১,৫২,৮০৮ এইচচিডব্লিউ (প্ৰথম পালি), ৫১,৭৫,৫৯৭ এইচচিডব্লিউ (দ্বিতীয় পালি), ৮৮,৯০,০৪৬ এফএলডব্লিউ (প্ৰথম পালি), আৰু ৩৬,৫২,৭৪৯ এফএলডব্লিউ (দ্বিতীয় পালি), বিশিষ্ট সহ-ৰুগ্নতাৰ ৪৫ বছৰতকৈ অধিক বয়সৰ ৬৬,৭৩,৬৬২ লাভাৰ্থী (প্ৰথম পালি) আৰু ৬০ বছৰৰ অধিক বয়সৰ ২,৭৭,২৪,৯২০ লাভাৰ্থী অন্তৰ্ভুক্ত আছে।

 

 

এইচচিডব্লিউ

এফএলডব্লিউ

৪৫ৰ পৰা <৬০বছৰৰ সহৰুগ্নতা

৬০ বছৰৰ অধিক

মুঠ

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

১ম পালি

৮১,৫২,৮০৮

৫১,৭৫,৫৯৭

৮৮,৯০,০৪৬

৩৬,৫২,৭৪৯

৬৬,৭৩,৬৬২

২,৭৭,২৪,৯২০

৬,০২,৬৯,৭৮২

 

বৰ্তমানলৈকে প্ৰদান কৰা মুঠ টীকাৰ ৬০%ত ৮খন ৰাজ্যৰ অংশগ্ৰহণ আছে। ৮খনৰ প্ৰত্যেক ৰাজ্যত ৩০ লাখতকৈ অধিক টীকা প্ৰদান কৰা হৈছে।

টীকাকৰণৰ ৭১তম দিনা (২৭ মাৰ্চ, ২০২১) ২১,৫৪,১৭০ টীকা প্ৰদান কৰা হৈছে।

 

মুঠ টীকাৰ ভিতৰত প্ৰথম পালিৰ বাবে ৩৯,৭৭৮টা বৈঠকত ২০,০৯,৮০৫ লাভাৰ্থী তথা ১,৪৪,৩৬৫ এইচচিডব্লিউ আৰু এফএলডব্লিউক টীকাৰ দ্বিতীয় পালি দিয়া হৈছে।

 

তাৰিখঃ ২৭ মাৰ্চ, ২০২১

এইচচিডব্লিউ

এফএলডব্লিউ

৪৫ৰ পৰা <৬০ বছৰৰ সহৰুগ্নতা

৬০ বছৰৰ অধিক

মুঠ প্ৰাপ্তি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

১ম পালি

১ম পালি

২য় পালি

৫৬,০৩৯

৩১,২৭৯

১,৩৭,১০৭

১,১৩,০৮৬

৫,০০,০২১

১৩,১৬,৬৩৮

২০,০৯,৮০৫

১,৪৪,৩৬৫

সাতখন ৰাজ্য-মহাৰাষ্ট্ৰ, ছত্তিশগড়, কৰ্ণাটক, পঞ্জাৱ, গুজৰাট, মধ্যপ্ৰদেশ আৰু তামিলনাডুৱে কোভিড ১৯ৰ দৈনিক নতুন ঘটনাত উচ্চ সংখ্যা নথিভুক্ত কৰিছে। যোৱা ২৪ ঘণ্টাত নথিভুক্ত কৰা নতুন ঘটনা (৬২,৭১৪)ত এই ৰাজ্যকেইখনৰ ৮১.৪৬% অংশগ্ৰহণ আছে।

 

যোৱা ২৪ ঘণ্টাত ৰিপ'ৰ্ট কৰা নতুন ঘটনাৰ ৮৪.৭৪%ত ৮খন ৰাজ্যৰ অংশগ্ৰহণ আছে।

 

৩৫,৭২৬টা দৈনিক নতুন ঘটনাৰে মহাৰাষ্ট্ৰই সবাতোকৈ অধিক ঘটনা পঞ্জীভুক্ত কৰিছে। ৩১৬২টা ঘটনাৰে ছত্তিশগড় দ্বিতীয় স্থানত আছে, ইয়াৰ বিপৰীতে কৰ্ণাটকে ২৮৮৬টা নতুন ঘটনা নথিভুক্ত কৰিছে।

১০খন ৰাজ্যত দৈনিক নতুন ঘটনাত বৃদ্ধি পৰিলক্ষিত হৈছে।

নিম্নলিখিত গ্ৰাফত দেশজুৰি দৈনিক ঘটনাত বৃদ্ধি দেখা গৈছে।

কেন্দ্ৰীয় স্বাস্থ্য সচিবে কালি আপাৰ মুখ্য সচিবসকল, প্ৰধান সচিবসকল তথা ১২খন ৰাজ্যৰ সচিবসকল (স্বাস্থ্য আৰু পৰিয়াল কল্যাণ) তথা ৪৬খন জিলা, যি বৰ্ধিত ঘটনা আৰু কোভিড ১৯ৰ কাৰণে বৃদ্ধি পোৱা মৃত্যুৰ হাৰৰ দ্বাৰা সবাতোকৈ অধিক প্ৰভাৱিত, ইয়াৰ প্ৰশাসনীয় আয়ুক্তসকল তথা জিলা উপায়ুক্তসকলৰ লগত এক উচ্চ স্তৰীয় সমীক্ষা বৈঠকৰ অধ্যক্ষতা কৰে আৰু কোভিডৰ নতুন ঘটনাৰ বৃদ্ধিত বাধা আৰোপ কৰিবলৈ এক পাঁচ-গুণী কৰ্মনীতিৰ পৰামৰ্শ দিয়ে। এই ৰাজ্যসমূহ হৈছে-মহাৰাষ্ট্ৰ, গুজৰাট, হাৰিয়ানা, তামিলনাডু, ছত্তিশগড়, মধ্যপ্ৰদেশ, পশ্চিমবংগ, দিল্লী, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, পঞ্জাৱ আৰু বিহাৰ।

 

এক অন্য উল্লেখযোগ্য ঘটনাক্ৰমত, দেশজুৰি কৰা মুঠ পৰীক্ষাৰ সংখ্যা ২৪কোটিতকৈ অধিক হ'লগৈ, মুঠ পজিটিভিটীৰ হাৰ ৫%ৰ তলত আছে।

১৫খন ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশৰ ৰাষ্ট্ৰীয় গড় (১,৭৪,৬০২)ৰ তুলনাত প্ৰতি মিলিয়ন কম পৰীক্ষা হৈছে।

দৈনিক পজিটিভিটী হাৰত ৫%ৰে সাধাৰণ বৃদ্ধি (৫.য০৪%) হৈছে।

৮খন ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশত ৫.০৪%ৰ ৰাষ্ট্ৰীয় গড়ৰ তুলনাত সাপ্তাহিক পজিটিভিটী হাৰ অধিক হৈছে। ২২.৭৮%ৰ সাপ্তাহিক পজিটিভিটী হাৰেৰে মহাৰাষ্ট্ৰ সকলো ৰাজ্যৰ তুলনাত সবাতোকৈ আগত।

ভাৰতৰ মুঠ এক্টিভ ঘটনা আজি ৪,৮৬,৩১০ হৈছেগৈ, যি মুঠ পজিটিভ ঘটনাৰ ৪.০৬%। যোৱা ২৪ ঘণ্টাত মুঠ সক্ৰিয় ঘটনাত ৩৩,৬৬৩টা ঘটনাৰ শুদ্ধ হ্ৰাসৰ প্ৰৱণতা দেখা গৈছে।

 

ভাৰতৰ মুঠ ৰিক'ভাৰী আজি ১,১৩,২৩,৭৬২ হৈছেগৈ। ৰাষ্ট্ৰীয় ৰিক'ভাৰী হাৰ ৯৪.৫৯%।

 

যোৱা ২৪ ঘণ্টাত ২৮,৭৩৯ ৰিক'ভাৰী নথিভুক্ত কৰা হৈছে। ১৪,৫২৩ ৰিক'ভাৰ হোৱা নতুন ঘটনাৰে মহাৰাষ্ট্ৰই এদিনত ৰিক'ভাৰী হোৱাৰ সৰ্বাধিক সংখ্যা নথিভুক্ত কৰিছে।

 

যোৱা ২৪ ঘণ্টাত ৩১২টা মৃত্যু নথিভুক্ত কৰা হৈছে।

 

নতুন মৃত্যুৰ ৮২.৬৯% হৈছে ৬খন ৰাজ্যৰ। যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্ৰত সৰ্বাধিক মৃত্যু (১৬৬) নথিভুক্ত কৰা হৈছে, ইয়াৰ বিপৰীতে পঞ্জাৱত ৪৫ দৈনিক মৃত্যু আৰু কেৰালাত ১৪টা মৃত্যু নথিভুক্ত কৰা হৈছে।

যোৱা ২৪ ঘণ্টাত ১৪খন ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশে কোভিড ১৯ত এটাও মৃত্যু নথিভুক্ত কৰা নাই। এইকেইখন হৈছে-ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, অসম, লাক্ষাদ্বীপ, লাডাখ (কেন্দ্ৰশাসিত প্ৰদেশ), দাদৰ আৰু নগৰ হাভেলি তথা দমন আৰু দিউ, মণিপুৰ, মেঘালয়, মিজোৰাম, ছিক্কিম, ত্ৰিপুৰা, আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ।

********

MV



(Release ID: 1708233) Visitor Counter : 192