প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

যশোৰেশ্বৰী কালী শক্তিপীঠত পূজা অৰ্চনা প্ৰধানমন্ত্ৰীৰ

Posted On: 27 MAR 2021 11:16AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দুদিনীয়া ভ্ৰমণসূচীৰ দ্বিতীয় দিনা মা কালীৰ আশীৰ্বাদ লৈ আৰম্ভ কৰে৷ প্ৰধানমন্ত্ৰীয়ে সাতখিৰাত যশোৰেশ্বৰী কালী শক্তিপীঠত পূজা অৰ্চনা কৰে, যিখন পৌৰাণিক পৰম্পৰাৰ ৫১খন শক্তিপীঠৰ অন্যতম৷ প্ৰধানমন্ত্ৰীয়ে লগতে মা কালীৰ শিৰত ৰূপ আৰু সোণ খচিত হস্তনিৰ্মিত মুকুট স্থাপন কৰে৷ এই মুকুটটো স্থানীয় এগৰাকী খনিকৰে তিনি সপ্তাহত প্ৰস্তুত কৰি উলিয়াইছে৷

বন্ধুত্বপূৰ্ণ সহায়ৰ হাত হিচাপে প্ৰধানমন্ত্ৰীয়ে মন্দিৰৰ চৌহদত ঘূৰ্ণীবতাহত পীড়িত লোকসকলে আশ্ৰয় ল’ব পৰাকৈ এটা সমূহীয়া ভৱন নিৰ্মাণৰ বাবে অনুদান আগবঢ়াব বুলি ঘোষণা কৰে৷ এই ভৱনটো বাৰ্ষিক কালী পূজা আৰু মন্দিৰৰ মেলাৰ সময়ত ভক্তসকলে ব্যৱহাৰ কৰিব আৰু সকলো ধর্মৰ মানুহে ঘূৰ্ণীবতাৰ সময়ত নিৰাপদ আশ্রয়স্থল হিচাপে এইটো ব্যৱহাৰ কৰিব পাৰিব৷

***

 

DS/SH/DB



(Release ID: 1708165) Visitor Counter : 152