ভাৰতীয় নিৰ্বাচন আয়োগ
ভোটদান হ'বলগীয়া সকলো সমষ্টিত ভোটদানৰ তাৰিখৰ পৰা ৭২ ঘণ্টা পূৰ্বে আৰু ভোটদানৰ দিনা বাইক ৰেলীৰ ওপৰত নিষেধাজ্ঞা
পোষ্ট কৰা হৈছে:
22 MAR 2021 4:33PM by PIB Guwahati
এই কথাৰ ওপৰত আয়োগৰ দৃষ্টিগোচৰ হৈছে যে কিছুমান স্থানত ভোটদানৰ দিনৰ পূৰ্বে আৰু ভোটদানৰ দিনা ভোটদাতাসকলক ভাবুকি দিবলৈ কিছুমান অসামাজিক শক্তিৰ দ্বাৰা বাইকৰ ব্যৱহাৰ কৰা হয়।
আয়োগে উপৰোক্ত বিষয়ৰ ওপৰত চিন্তা কৰিছে আৰু এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে ভোটদান হ'বলগীয়া সকলো সমষ্টিত ভোটদানৰ তাৰিখৰ পৰা ৭২ ঘণ্টা পূৰ্বে আৰু ভোটদানৰ দিনা কোনো স্থানতে বাইক ৰেলীক অনুমতি দিয়া নহ'ব।
এই সন্দৰ্ভত আৱশ্যকীয় নিৰ্দেশনা ভোটদান হ'বলগীয়া ৰাজ্য/কেন্দ্ৰ-শাসিত প্ৰদেশৰ মুখ্য নিৰ্বাচন বিষয়ালৈ জাৰি কৰা হৈছে, যি নিৰ্দেশনা নিৰ্বাচন আয়োগৰ ৱেবছাইটঃ https://eci.gov.inত উপলব্ধ।
****
SBS/RP
(ৰিলিজ আই ডি : 1706809)
অতিথি কক্ষ : 97