স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
মহাৰাষ্ট্ৰ, পাঞ্জাৱ, কৰ্ণাটক, গুজৰাট আৰু তামিলনাডৰ দৈনিক আক্ৰান্তৰ সংখ্যা ব্ৰতী আছে বৃদ্ধিৰ ধাৰাবাহিকতা
ভাৰতত ক্ষিপ্ৰতাৰে ৩ কোটি ভেকচিন ড’জ প্ৰদান সম্পন্ন হৈছে
Posted On:
15 MAR 2021 11:58AM by PIB Guwahati
পাঁচখন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, পাঞ্জাৱ, কৰ্ণাটক, গুজৰাট আৰু তামিলনাডৰ দৈনিক আক্ৰান্তৰ সংখ্যা পাই আছে৷ বিগত ২৪ ঘণ্টাত মুঠ আক্ৰান্তৰ ৭৮.৪১%ই এই পাঁচখন ৰাজ্যৰ৷
বিগত ঘণ্টাত ২৬,২৯১গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে৷
মহাৰাষ্ট্ৰত সৰ্বাধিক ১৬,৬২০জন লোক আক্ৰান্ত হৈছে৷ সেইদৰে কেৰালা ১,৭৯২ আৰু পাঞ্জাৱত ১,৪৯২গৰাকী লোক আক্ৰান্ত হৈছে৷
দৈনিক আক্ৰান্তৰ সংখ্যা ৮খন ৰাজ্যত বৃদ্ধি পাইছে৷ সেইবোৰ হৈছে মহাৰাষ্ট্ৰ, তামিলনাডু, পাঞ্জাৱ, মধ্যপ্ৰদেশ, দিল্লী, গুজৰাট, কৰ্ণাটক আৰু হাৰিয়ানা৷
কেৰালাত যোৱা মাহত পৰা হ্ৰাস পাইছে৷
ভাৰতত আজি চিকিৎসাধীন ক’ভিড ৰোগীৰ সংখ্যা ২,১৯,২৬২জন হৈছে, যিটো মুঠ আক্ৰান্তৰ ১.৯৩%৷
মুঠ চিকিৎসাধীন ৰোগীৰ ৭৭%ই মহাৰাষ্ট্ৰ, কেৰালা আৰু পাঞ্জাৱৰ৷
মহাৰাষ্ট্ৰতে দেশৰ মুঠ চিকিৎসাধীন ৰোগীৰ ৫৮% আছে৷
ওপৰৰ লেখচিত্ৰই ১৮ জানুৱাৰী, ২০২১ৰ পৰা চিকিৎসাধীন ৰোগীৰ দিশটো প্ৰতিফলিত কৰিছে৷
আনহাতে, ভাৰতত ক্ষিপ্ৰতাৰে প্ৰায় ৩ কোটি লোকক টিকাকৰণ কৰিছে৷
আজি পুৱা ৭ বজালৈকে ২,৯৯,০৮,০৩৮জন লোকক টিকাকৰণ কৰা হৈছে৷
ইয়াৰে ভিতৰত ৭৩,৫৫,৭৫৫জন স্বাস্থ্য কৰ্মীক প্ৰথম ড’জ আৰু ৪৩,০৫,১১৮জন স্বাস্থ্যকৰ্মীক দ্বিতীয় ড’জ দিয়া হৈছে৷ ইফালে ৭৩,৪০,৪২৩জন আগশাৰীৰ কৰ্মীক প্ৰথম ড’জ আৰু ১১,৫০,৫৩৫জন আগশাৰীৰ কৰ্মীক দ্বিতীয় ড’জ আৰু ১৪,৬৪,০১৪জন ৪৫ ঊৰ্ধ্বৰ হিতাধিকাৰীক প্ৰথম ড’জ আৰু ৮২,৯২,১৯৩জন ৬০ বছৰ ঊৰ্ধ্বৰ হিতাধিকাৰীক প্ৰথম ড’জ দিয়া হৈছে৷
দেওবাৰে ৫৮তম দিনত ২,২১১টা পৰ্বত ১,৪০,৮৮০জন লোকক টিকাকৰণ কৰা হৈছে৷ ইয়াৰে ১,২০,৮৮৫গৰাকী হিতাধিকাৰীক প্ৰথম ড’জ আৰু ১৯,৯৯৫গৰাকী হিতাধিকাৰীক দ্বিতীয় ড’জ টিকাকৰণ কৰা হৈছে৷
ভাৰতৰ মুঠ আৰোগ্যৰ সংখ্যা আজি ১,১০,০৭,৩৫২জন হৈছে৷ আৰোগ্যৰ হাৰ ৯৬.৬৮% হৈছে৷
বিগত ২৪ ঘণ্টাত ১৭,৪৫৫জন ৰোগী আৰোগ্য হৈছে৷ নতুনকৈ আৰোগ্য হোৱা ৰোগীৰ ৮৪.১০%ই ৬খন ৰাজ্যৰ৷
মহাৰাষ্ট্ৰত সৰ্বাধিক ৮,৬৬১জন ৰোগী আৰোগ্য হৈছে৷
বিগত ২৪ ঘণ্টাত দেশত ১১৮জন ৰোগীৰ মৃত্যু হৈছে৷
নতুনকৈ মৃত্যু হোৱা ৰোগীৰ ৮২.২০%ই ছখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৫০, পাঞ্জাৱত ২০ আৰু কেৰালাত ১৫জন ৰোগীৰ মৃত্যু হৈছে৷
১৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বিগত ২৪ ঘণ্টাত এজনো ৰোগী ক’ভিডত মৃত্যু হোৱা নাই৷
সেইবোৰ হৈছে-অসম, চত্তীশগড়, জম্মু আৰু কাশ্মীৰ, ওড়িশা, ঝাৰখণ্ড, লাক্ষাদ্বীপ, ছিকিম, লাডাখ, মনিপুৰ, দমন আৰু দিউ, দাদৰা আৰু নগৰ হাভেলী, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু অৰুণাচলপ্ৰদেশ৷
****
MV/SJ/DB
(Release ID: 1705032)
Visitor Counter : 211
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam