সাংস্কৃতিক মন্ত্ৰালয়

সবৰমতী আশ্ৰমৰপৰা আজাদী কা অমৃত মহোৎসৱ উদ্বোধন; দাণ্ডী পদযাত্ৰাৰ ফ্লেগ অফ কৰিলে প্ৰধানমন্ত্ৰীয়ে

আজাদী কা অমৃত মহোৎসৱ এটি জন মহোৎসৱ হৈ উঠিব বুলি ক’লে শ্ৰী প্ৰহ্লাদ সিং পেটেলে

Posted On: 12 MAR 2021 4:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰপৰা ‘পদযাত্ৰা’ (মুক্তি সমদল) ৰ ফ্লেগ অফ কৰে আৰু ‘আজাদী কা অমৃত মহোৎসৱ’ (India@75) ৰ কাৰ্টেইন ৰেইজাৰ ক্ৰিয়া-কলাপৰ উদ্বোধন কৰে। এই কাৰ্যসূচীত গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য্য দেবব্ৰত, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰী প্ৰহ্লাদ সিং পেটেল আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানী আৰু গান্ধী আশ্ৰমৰ ন্যাসৰক্ষীসকল উপস্থিত থাকে।

সবৰমতী আশ্ৰমত উপস্থিতসকলক সম্বোধন কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ২০২২ ৰ ১৫ আগষ্টৰ ৭৫ সপ্তাহ পূৰ্বে শুভাৰম্ভ কৰা ‘আজাদী কা অমৃত মহোৎসৱ’ ২০২৩ ৰ ১৫ আগষ্টলৈকে চলিব। তেখেতে মহাত্মা গান্ধী আৰু মুক্তি সংগ্ৰামত জীৱন দিয়া মহান পুৰুষসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে পাঁচটা স্তম্ভ যথাঃ স্বাধীনতা সংগ্ৰাম, ৭৫ ত ধাৰণা, ৭৫ ত সফলতা, ৭৫ ত কাম আৰু ৭৫ ত সংকল্পৰ কথা দোহাৰি ইয়াক সপোন আৰু দায়িত্বক অনুপ্ৰেৰণা হিচাপে ৰাখি আগুৱাই যোৱাৰ পথ নিৰ্দেশক হিচাপে অভিহিত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বাসেৰে কয় যে আজাদী অমৃত মহোৎসৱৰ অৰ্থ হৈছে স্বাধীনতাৰ শক্তিৰ অমৃত। ইয়াৰ অৰ্থ হৈছে মুক্তি সংগ্ৰামৰ যোদ্ধাসকলৰ অনুপ্ৰেৰণাৰ অমৃত; নতুন ধাৰণা আৰু সংকল্পৰ অমৃত আৰু আত্মনিৰ্ভৰতাৰ অমৃত।

সবিশেষ প্ৰেছ বিজ্ঞপ্তিৰ অৰ্থে ইয়াত ক্লিক কৰকঃ

https://www.pib.gov.in/PressReleasePage.aspx?PRID=1704323

সবিশেষ প্ৰেছ বিজ্ঞপ্তিৰ অৰ্থে ইয়াত ক্লিক কৰকঃ

https://www.pib.gov.in/PressReleasePage.aspx?PRID=1704336

এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, কেন্দ্ৰীয় সাংস্কৃতিক দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰী প্ৰহ্লাদ সিং পেটেলে কয় যে ৯১ বছৰৰ পাছত, আমি এতিয়া সকলোৱে গান্ধীজীয়ে দাণ্ডী যাত্ৰা আৰম্ভ কৰা ভূমিত সমবেত হৈছো। কিন্তু এতিয়া ই হৈছে সম্পূৰ্ণৰূপে ৰূপান্তৰিত ভাৰত। প্ৰধানমন্ত্ৰীগৰাকীৰ কথা উল্লেখ কৰি, কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰীজনে কয় যে এতিয়া ভাৰতৰ যাত্ৰাক আত্ম-নিৰ্ভৰতা আৰু আত্ম-সন্মানে সংজ্ঞায়িত কৰিব। বৰঙণি যোগাওঁতা হিচাপে বিশ্বৰ কেনভাছত আমাৰ ভাৱমূৰ্তি প্ৰতিষ্ঠা হ’ব। নব্য আৰু আত্ম-নিৰ্ভৰ ভাৰতে বিশ্বখনলৈ মেডিচিন আৰু ভেকচিন যোগান ধৰিছে। আমি শ্ৰম আৰু পৰিশ্ৰমত মনোনিবেশ কৰিব খুজিছো যাৰ জৰিয়তে আমাৰ ভৱিষ্যৎ প্ৰজন্ম শক্তিসম্পন্ন হৈ উঠিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কল্পনা কৰিছে যে দেশখনে স্বাধীনতাৰ শতবৰ্ষ (১০০ বছৰ) উদযাপন কৰাৰ শুভ লগনত, বিশ্বখনৰ সন্মুখত আমাৰ সফলতা আৰু সাংস্কৃতিক বৈভৱ এটা উৎকৃষ্ট উদাহৰণ হৈ উঠাটো আৱশ্যকীয়। শ্ৰী প্ৰহ্লাদ সিঙে তদুপৰি উল্লেখ কৰে যে আজাদী কা অমৃত মহোৎসৱ এটা জন মহোৎসৱ হৈ উঠিব আৰু সাধাৰণ জনতাৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্যক্ৰমণিকাসমূহ অনুষ্ঠিত কৰা হ’ব। দৰাচলতে, এই কাৰ্যক্ৰমসমূহ নাগৰিকে নিজেই অনুষ্ঠিত কৰিব।

উপস্থিতসকলক সম্বোধন কৰি, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানীয়ে গুজৰাটৰ ভূমিৰপৰা আমাৰ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ আৰম্ভণি কৰাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জনায়। দাণ্ডী যাত্ৰা হৈছে আমাৰ মুক্তি সংগ্ৰামৰ এটি গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। এটা প্ৰতিশ্ৰুতিসম্পন্ন ভৱিষ্যতৰ কাৰণে আমাৰ অতীতটোক বুজি পোৱাটো আৱশ্যকীয় বুলি তেওঁ কয়।

মুখ্যমন্ত্ৰীজনে লগতে কয় যে আজি সমগ্ৰ দেশখনে গুজৰাটৰ ওপৰত দৃষ্টি নিবদ্ধ কৰিছে। তেওঁ কয় যে গুজৰাটৰ দুই সন্তান গান্ধীজী আৰু চৰ্দাৰ পেটেলে স্বাধীনতাৰ অৰ্থে আমাৰ সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আৰু এতিয়া, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সক্ষম নেতৃত্বত, আমাৰ ৰাষ্ট্ৰখনে ইয়াক বিশ্ব গুৰুলৈ পৰ্যবসিত কৰাৰ অভিমুখে অগ্ৰসৰ হৈছে।

এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে India@75 ৰ ৱেবচাইটটো উন্মোচন কৰে। তেখেতে তদুপৰি সবৰমতী আশ্ৰম সংৰক্ষণ আৰু স্মাৰক ন্যাসৰ সহযোগত সাংস্কৃতিক মন্ত্ৰালয়ৰ ‘আত্মনিৰ্ভৰ ইনকুবেটৰ’ কাৰ্যসূচী উদ্বোধন কৰে। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে শিল্পী/কাৰিকৰসকলৰ বিলুপ্তপ্ৰায় দক্ষতা আৰু কলাসমূহক সংৰক্ষণ কৰা।

তদুপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘ভকেল ফৰ লোকেল’ক প্ৰোৎসাহিত কৰিবলৈ অনন্য যঁতৰ কাৰ্যক্ৰমো আৰম্ভ কৰে। ইয়াত প্ৰধানমন্ত্ৰী বা মন্ত্ৰীসকলৰ টুইট যঁতৰত প্ৰদৰ্শন কৰা হ’ব।

এই কাৰ্যসূচীত ‘আজাদী কা অমৃত মহোৎসৱ’ৰ এখনি চুটি ছবি প্ৰদৰ্শন কৰা হয় আৰু দাণ্ডী যাত্ৰা গীতো পৰিবেশন কৰা হয়। এই কাৰ্যসূচীতে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ উদ্দীপনাৰে বাৰেবৰণীয়া আৰু আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান পৰিবেশনেৰে সমগ্ৰ দেশখনৰ সাংস্কৃতিক বিভিন্নতা আৰু বৈচিত্ৰ্য উপস্থাপন কৰা যায়। ইয়াত প্ৰখ্যাত তামিল কবি সুব্রহ্মণ্য ভাৰতীয়ে ৰচনা কৰা দেশপ্ৰেমমূলক গীতৰপৰা বংকিম চন্দ্ৰ চেটাৰ্জীৰ বন্দে মাতৰম পৰিবেশন কৰাৰ সমান্তৰালভাৱে কাশ্মীৰৰ সংস্কৃতি উপস্থাপন কৰা হয়।

আজাদী কা অমৃত মহোৎসৱ হৈছে ভাৰতৰ স্বাধীনতাৰ ৭৫ সংখ্যক বাৰ্ষিকী উদযাপনাৰ্থে ভাৰত চৰকাৰৰদ্বাৰা আয়োজিত এলানি কাৰ্যসূচী। দেশখনৰ ইমূৰৰপৰা সিমূৰলৈ জন-অংশগ্ৰহণৰ উদ্দীপনাৰে এটি জন-উৎসৱ হিচাপে এই মহোৎসৱ উদযাপন কৰা হ’ব।

***

NB/SK/SB



(Release ID: 1704523) Visitor Counter : 723