বিত্ত মন্ত্ৰালয়

ৰাজ্যসমূহক জিএছটি ক্ষতিপূৰণৰ ঘাটি পূৰণৰ বাবদ ১.০৬ লাখ কোটি টকা মোকলাই দিয়া হৈছে

সোমবাৰ, ৮ মাৰ্চ, ২০২১ তাৰিখে ৰাজ্যসমূহক ২,১০৪ কোটি টকাৰ ১৯ তম কিস্তি মোকলাই দিয়া হৈছে

আনুমানিক ১.১০ লাখ কোটি টকা ঘাটিৰ ৯৬ শতাংশ মুকলি কৰা হৈছে

Posted On: 09 MAR 2021 12:29PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগে জিএছটি ক্ষতিপূৰণৰ ঘাটি পূৰণ কৰিবলৈ ৰাজ্যসমূহক ১৯তম সাপ্তাহিক কিস্তিত ২,১০৪ কোটি টকা মুকলি কৰি দিছে। ইয়াৰ ভিতৰত, ৭খন ৰাজ্যক ২,১০৩.৯৫2 কোটি টকা মুকলি কৰি দিয়া হৈছে আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীলৈ ০.০৫ কোটি টকা মুকলি কৰি দিয়া হৈছে।

 

ৰাজ্য আৰু বিধান সভাৰ সৈতে থকা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক মুঠ জিএছটি ক্ষতিপূৰণৰ বাবদ আনুমানিক ঘাটিৰ ৯৬ শতাংশ এতিয়ালৈকে মুকলি কৰি দিয়া হৈছে। ইয়াৰ ভিতৰত, ৰাজ্যসমূহক ৯৭,২৪২.০৩ কোটি টকা মুকলি কৰি দিয়া হৈছে আৰু বিধান সভা থকা ৩ খন কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৮,৮৬১.৯৭ কোটি টকা মুকলি কৰি দিয়া হৈছে।

 

জিএছটি ৰূপায়ণৰ বাবে উদ্ভৱ হোৱা আনুমানিক ১.১০ লাখ কোটি টকাৰ ৰাজহ ঘাটি পূৰণ কৰিবলৈ ভাৰত চৰকাৰে অক্টোবৰ, ২০২০ত এক বিশেষ ঋণ ব্যৱস্থা আৰম্ভ কৰিছিল। ভাৰত চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হৈ এই ব্যৱস্থাৰ জৰিয়তে ঋণ গ্ৰহণ কৰি আছে। ২৩ অক্টোবৰ, ২০২০ৰ পৰা এতিয়ালৈকে ১৯ বাৰ এই ব্যৱস্থাৰ মাধ্যমেৰে ঋণ সংগ্ৰহ কৰা হৈছে।

 

বিশেষ এই ঋণ সংগ্ৰহ ব্যৱস্থাৰ মাধ্যমেৰে ভাৰত চৰকাৰে ৩ বছৰ আৰু ৫ বছৰৰ ম্যাদৰ সৈতে ঋণ সংগ্ৰহ কৰিছে। প্ৰতিটো কাৰ্যকালৰ অধীনত সংগৃহীত কৰা ঋণসমূহ তেওঁলোকৰ জিএছটি ক্ষতিপূৰণৰ বাবদ ঘাটি পূৰাবলৈ সকলো ৰাজ্যৰ মাজত সমানে ভাগ কৰা হয়। বৰ্তমান ১৯ তম কিস্তিত জিএছটি ঘাটিৰ বাবদ ৰাজ্যসমূহৰ বকেয়া ৫ বছৰৰ ম্যাদৰ ঋণ ব্যৱস্থাৰ অধীনত পূৰণ কৰা হৈছে। ২৩ খন ৰাজ্য আৰু বিধানসভা থকা এনে ৩ খন কেন্দ্ৰীয় শাসিত অঞ্চলক এই বকেয়া প্ৰদান কৰা হৈছে। বাকী ৫ খন ৰাজ্যত জিএছটি ৰূপায়ণৰ বাবদ কোনো ঘাটি হোৱা নাই।


এই সপ্তাহত ৰাজ্যসমূহক ১৯ তম কিস্তিত এনে পুঁজি মুকলি কৰি কেন্দ্ৰীয় চৰকাৰে ৫.৮৫৯৪% সূতৰ হাৰত ঋণ সংগ্ৰহ কৰিছে। এতিয়ালৈকে, কেন্দ্ৰীয় চৰকাৰে বিশেষ ঋণ সংগ্ৰহ ব্যৱস্থাৰ জৰিয়তে ৪.৮৮৪২% গড় সুদৰ হাৰত ১,০৬,১০৪ কোটি টকা ধাৰ লৈছে।

 


জিএছটি ৰূপায়ণৰ বাবে ৰাজহ ঘাটি পূৰণ কৰিবলৈ বিশেষ ঋণ সংগ্রহ ব্যৱস্থাৰ জৰিয়তে পুঁজি যোগান ধৰাৰ লগতে কেন্দ্রীয় চৰকাৰে যি সমূহ ৰাজ্যক জিএছটি ক্ষতিপূৰণ দিবলৈ প্রথম বিকল্প পন্থা গ্রহণ কৰিছে, তেওঁলোকক মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ০.৫০ শতাংশৰ সমতুল্য অতিৰিক্ত ঋণ সংগ্রহত অনুমতি দিছে। ৰাজ্যসমূহক অতিৰিক্ত পৰিমাণৰ ধাৰ লোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। ইতিমধ্যে ২৮ খন ৰাজ্যক অতিৰিক্ত ১,০৬,৮৩০ কোটি টকা ঋণ সংগ্রহত অনুমতি প্ৰদান কৰা হৈছে।


কেন্দ্রীয় চৰকাৰে ২৮খন ৰাজ্যক অতিৰিক্ত ঋণ সংগ্রহৰ অনুমতি সহ বিশেষ ঋণ সংগ্রহ ব্যৱস্থাৰ জৰিয়তে পুঁজি সংগ্ৰহত যি অনুমতি দিছে, সেই অনুযায়ী অসমে জিএছডিপিৰ ০.৫০ শতাংশৰ সমতুল্য হিচাপত অতিৰিক্ত ১৮৬৯ কোটি টকা আৰু বিশেষ ঋণ সংগ্রহ ব্যৱস্থাৰ জৰিয়তে ৯৯২.১২ কোটি টকা ঋণ সাহায্য লাভ কৰিছে।

 

****************

RM/KMN/KG



(Release ID: 1703701) Visitor Counter : 139