বিত্ত মন্ত্ৰালয়

ষ্টাৰ্ট আপ ইণ্ডিয়া আঁচনিৰ অধীনত ৮১% ৰোধিক একাউন্ট হ’ল্ডাৰেই হৈছে মহিলা

মুদ্ৰাঃ লোন একাউন্টৰ ৬৮% হৈছে মহিলা উদ্য়োগী

পিএমজেডিৱাইঃ ৪১.৯৩ কোটি একাউন্টৰ ভিতৰত ২৩.২১ কোটি একাউন্টেই হৈছে মহিলাৰ

Posted On: 08 MAR 2021 9:06AM by PIB Guwahati

বিত্ত মন্ত্ৰালয়ে যোৱা সাত বছৰত নাৰী সবলীকৰণৰ অৰ্থে বিশেষ ব্যৱস্থাৰে ভিন্ন আঁচনিৰ শুভাৰম্ভ কৰিছে। এই আঁচনিসমূহে মহিলাসকলক আৰ্থিকভাৱে সবল কৰি তোলাৰ পৰিপ্ৰেক্ষিতত এটা উন্নতৰ জীৱন-যাপন সম্ভৱ আৰু উদ্যোগী হোৱাৰ সপোন বাস্তৱায়িত হৈ উঠিছে।

আজি ৮ মাৰ্চ, ২০২১ ত আমি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰাৰ পৰিপ্ৰেক্ষিতত, ভাৰতৰ মহিলাসকলক উপকৃত কৰা বিত্ত মন্ত্ৰালয়টোৰ ভিন্ন আঁচনিসমূহৰ সন্দৰ্ভত অৱলোকন কৰিছো।

ষ্টেণ্ড-আপ ইণ্ডিয়া আঁচনি ২০১৬ ৰ ৫ এপ্ৰিলত শুভাৰম্ভ কৰা ষ্টেণ্ড আপ ইণ্ডিয়া আঁচনিৰ লক্ষ্য হৈছে অৰ্থনৈতিক সবলীকৰণ আৰু নিয়োগ সৃষ্টিৰ অৰ্থে তৃণমূল পৰ্যায়ত উদ্যোগশীলতাক প্ৰোৎসাহিত কৰা। এই আঁচনিখনে আনুষ্ঠানিক ক্ৰেডিট কাঠামোটোক অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ দৰে অনগ্ৰসৰ খণ্ডটোলৈ লৈ যোৱাৰ পোষকতা কৰে আৰু ইয়াৰ জৰিয়তে ৰাষ্ট্ৰৰ অৰ্থনৈতিক বিকাশত মহিলা উদ্যোগীসকলে যাতে অংশগ্ৰহণ কৰিবলৈ সক্ষম হয়, তাত গুৰুত্ব আৰোপ কৰা হয়।

এই আঁচনিখনৰ লক্ষ্য হৈছে গ্ৰীণফিল্ড এন্টাৰপ্ৰাইজ স্থাপনৰ অৰ্থে অতি কমেও এজন অনুসূচিত জাতি (SC) বা অনুসূচিত জনজাতি (ST) ৰ ঋণীৰ বাবে ১০ লাখ টকাৰপৰা ১ কোটি টকাৰ ভিতৰত বেংক লোন সহজতৰ কৰি তোলা তথা এছচিবিৰ বেংক শাখাই প্ৰতি অতি কমেও এগৰাকী মহিলা ঋণীৰ বাবে ইয়াক সুগম কৰি তোলা।

২৬-০২-২০২১ সাপেক্ষে, ষ্টেণ্ড আপ ইণ্ডিয়া আঁচনিৰ অধীনত মহিলা উদ্যোগীসকলৰ ৮১% ৰোধিক অৰ্থাৎ ৯১,১০৯ একাউন্টলৈ ২০,৭৪৯ কোটি টকা অনুমোদন জনোৱা হৈছে।

প্ৰধান মন্ত্ৰী মুদ্ৰা যোজনা (PMMY) – না-কৰ্প’ৰেট, অনা-ফাৰ্ম সৰু/ক্ষুদ্ৰ উদ্যোগসমূহলৈ ১০ লাখ টকালৈকে লোন আগবঢ়োৱাৰ অৰ্থে ২০১৫ ৰ ৮ এপ্ৰিলত পিএমএমৱাই ৰ শুভাৰম্ভ কৰা হৈছিল। এই লোনক পিএমএমৱাই ৰ অধীনত মুদ্ৰা লোন হিচাপে শ্ৰেণীবদ্ধ কৰা যায়। এই লোনসমূহ প্ৰদান কৰে বাণিজ্যিক বেংক, আৰআৰবি, ক্ষুদ্ৰ সঞ্চয় বেংক, এমএফআই আৰু এনবিএফচিয়ে।

পিএমএমৱাই ৰ উদ্যোগত, মুদ্ৰাই তিনিটা প্ৰডাক্ট যথাঃ ‘শিশু’, ‘কিশোৰ’ আৰু ‘তৰুণ’ প্ৰৱৰ্তন কৰে। ইয়াক প্ৰৱৰ্তনৰ লক্ষ্য আছিল বিকাশ/উন্নয়নৰ স্তৰ সূচিত কৰা আৰু ক্ষুদ্ৰ ইউনিট/উদ্যোগীৰ ধনৰ প্ৰয়োজনীয়তাৰে মোকাবিলা কৰা তথা গ্ৰেজুৱেশ্যন/বিকাশৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে ৰেফাৰেন্স পইন্ট আগবঢ়োৱা।

২৬-০২-২০২১ সাপেক্ষে, প্ৰৱৰ্তনৰেপৰা মুদ্ৰা আঁচনিৰ অধীনত প্ৰায় ৬৮% অৰ্থাৎ ১৯.৪ কোটি মহিলা উদ্যোগীৰ একাউন্টলৈ ৬.৩৬ লাখ কোটি টকা অনুমোদন জনোৱা হৈছে।

প্ৰধান মন্ত্ৰী জন-ধন যোজনা (PMJDY) – ২০১৪ ৰ ২৮ আগষ্টত পিএমজেডিৱাই ৰ শুভাৰম্ভ কৰা হৈছিল। ইয়াৰ লক্ষ্য আছিল প্ৰতিঘৰ গৃহস্থীলৈ অতি কমেও এটা প্ৰাথমিক বেংকিং একাউন্টৰ জৰিয়তে বেংকিং ব্যৱস্থাসমূহৰ সৰ্বজনীন সুগমতা সহজতৰ কৰি তুলি জনসাধাৰণক আৰ্থিকভাৱে সাক্ষৰ, ক্ৰেডিট, বীমা আৰু পেঞ্চন লাভৰ বাবে সক্ষম কৰি তোলা।

২৪-০২-২০২১ সাপেক্ষে, এই আঁচনিখনৰ অধীনত খোলা ৪১.৯৩ কোটি একাউন্টৰ ভিতৰত ২৩.২১ কোটি একাউন্ট হল্ডাৰেই হৈছে মহিলা

 

********

RM/KMN/SB



(Release ID: 1703679) Visitor Counter : 199