সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়

কাইলৈ ইটানগৰত দিব্যাংগ তথা জ্যেষ্ঠ নাগৰিকসকলৰ বাবে সাহায্য তথা আৱশ্যকীয় সঁজুলি প্ৰদানৰ বাবে বিতৰণ শিবিৰৰ আয়োজন কৰা হ’ব

Posted On: 04 MAR 2021 3:47PM by PIB Guwahati

কেন্দ্ৰীয় চৰকাৰে ক’ৰোনা মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ তাৰে ভিতৰত দেশৰ দিব্যাংগসকল তথা জ্যেষ্ঠ নাগৰিকসকলৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে সময়ে সময়ে চৰ্চিত হৈ আহিছে৷ এনে পৰিপ্ৰেক্ষিতত ক’ভিড-১৯ৰ নতুন এছঅ’পিৰ নিৰ্দেশনা পালন কৰি কাইলৈ অৰুণাচলৰ ইটানগৰত দিব্যাংগ তথা জ্যেষ্ঠ নাগৰিকসকলৰ বাবে সাহায্য তথা আৱশ্যকীয় সঁজুলি প্ৰদানৰ বাবে বিতৰণ শিবিৰৰ আয়োজন কৰা হ’ব৷ এই শিবিৰ এডিআইপি আঁচনিৰ অধীনত অনুষ্ঠিত কৰা হ’ব৷ মুখ্য অতিথি তথা ৰাজ্যখনৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ (ড০) বি ডি মিশ্ৰাই (অৱসৰপ্ৰাপ্ত) এই শিবিৰ মুকলি কৰিব৷ অনুষ্ঠানত উপস্থিত থাকিব ন্যায় আৰু সৱলীকৰণ বিভাগ আৰু জল শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰতন লাল কাটাৰিয়া, অৰুণাচল প্ৰদেশৰ সামাজিক ন্যায় আৰু জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰী আল লিবাং৷

উল্লেখ্য, মুঠ ২১৭গৰাকী হিতাধিকাৰীলৈ এই সুবিধা প্ৰদান কৰা হ’ব৷ ইয়াৰে ভিতৰত ১২৭ জন হ’ল দিব্যাংগ আৰু ৯০ জন হ’ল জ্যেষ্ঠ নাগৰিক৷

 

 

*****


(Release ID: 1702605) Visitor Counter : 127