কেবিনেট

নাবালক ন্যায় (শিশুৰ চোৱা-চিতা আৰু সুৰক্ষা), আইন, ২০১৫ৰ সংশোধনত কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 17 FEB 2021 3:52PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত শিশু সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ উপায়সমূহ সুনিশ্চিত কৰাৰ বাবে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে নাবালক ন্যায়(শিশুৰ চোৱা-চিতা আৰু সুৰক্ষা) আইন, ২০১৫ত সংশোধনৰ বাবে আগবঢ়োৱা প্ৰস্তাৱত অনুমোদন জনাইছে৷

প্ৰস্তাৱিত সংশোধনত গোচৰসমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰা আৰু জবাবদিহিতা বৃদ্ধিৰ বাবে জিলা দণ্ডাধীশ তথা অতিৰিক্ত জিলা দণ্ডাধীশক নাবালক ন্যায় আইনৰ ৬১নং ধাৰাৰ অধীনত সন্তান তুলি লোৱাৰ নিৰ্দেশ জাৰি কৰাৰ অধিকাৰ দিয়া হৈছে৷ জিলা দণ্ডাধীশে আইনখনৰ অধীনত আৰু অধিক শক্তিশালী ৰূপত আইনখন সুচাৰুৰূপে ৰূপায়ণ কৰাৰো অধিকাৰ দিয়া হৈছে, যাৰ দ্বাৰা সংকটাপন্ন শিশুৰ হৈ সমন্বিত প্ৰয়াস হাতত ল’ব পাৰে৷ চিডব্লিউচি সদস্য নিযুক্তি সম্বন্ধীয় যোগ্যতা মানদণ্ডক সংজ্ঞায়িত কৰা আৰু পূৰ্বৰে পৰা এনে অপৰাধক ‘গুৰুতৰ অপৰাধ’ হিচাপে গণ্য কৰা দিশটোও আইনখনৰ প্ৰস্তাৱত কোৱা হৈছে৷ আইনখনৰ বিভিন্ন দিশ ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহো গুৰুত্ব সহকাৰে লোৱা হৈছে৷

*****

DS/DB


(रिलीज़ आईडी: 1698840) आगंतुक पटल : 299
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam