স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতে অনুসৰণ কৰিছে সক্ৰিয় ৰোগীৰ দ্ৰুত অৱনমনৰ ধাৰা

ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ এতিয়া ৯৭.৩২%, পৃথিৱীৰ ভিতৰতে অন্যতম সৰ্বাধিক

২৪ ঘণ্টাত ১৭খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত নতুনকৈ মৃত্যুৰ তথ্য নাই, ৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত নাই নতুন আক্ৰান্ত

ক’ভিড-১৯ৰ বিৰুদ্ধে ৮৭লাখৰো অধিক হিতাধিকাৰীক প্ৰতিষেধক প্ৰদান

Posted On: 16 FEB 2021 12:11PM by PIB Guwahati

দেশত নিৰন্তৰ ভাবে সক্ৰিয় ৰোগীৰ সংখ্যা অৱনমিত হোৱাৰ তথ্য উপলব্ধ হৈছে। আজিৰ তাৰিখত ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা ১.৩৬লাখ(১,৩৬,৮৭২)লৈ হ্ৰাস পাইছে।

দেশৰ মুঠ আক্ৰান্তৰ বিপৰীতে সক্ৰিয় ৰোগীৰ শতাংশ হাৰ এতিয়া হৈছেহি ১.২৫%।

দেশত এই পৰ্যন্ত ১.০৬কোটিৰো অধিক (১,০৬,৩৩,০২৫)লোকে আৰোগ্য লাভ কৰিছে। ইফালে, শেহতীয়া ২৪ঘণ্টাত ১১,৮০৫গৰাকী লোকক আৰোগ্য লাভ কৰাৰ পিচত চিকিত্সালয় এৰাৰ অনুমতি প্ৰদান কৰা হৈছে। আজিৰ তাৰিখত ভাৰতৰ আৰোগ্যৰ হাৰ ৯৭.৩২% বুলি নিশ্চিত কৰা হৈছে, এই হাৰ পৃথিৱীৰ ভিতৰতে অন্যতম সৰ্বাধিক বুলিও প্ৰতিপন্ন হৈছে। আৰোগ্য লাভ কৰোতা আৰু সক্ৰিয় ৰোগীৰ মাজৰ ব্যৱধান বৃদ্ধি হৈ আজি হৈছেগৈ ১,০৪,৯৬,১৫৩ গৰাকী।

আন এক ইতিবাচক কথা হ’ল আজিৰ তাৰিখত দেশৰ ৩১খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰোগ্যৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ অধিক বুলি নিশ্চিত কৰা হৈছে। ইফালে, দমন আৰু দিউ তথা দাদ্ৰা আৰু নগৰ হাভেলীৰ আৰোগ্যৰ হাৰ এই মুহূৰ্তত হৈছেগৈ ৯৯.৮৮%।

শেহতীয়া ২৪ ঘণ্টাত ১৭খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলত নতুনকৈ কোনো মৃত্যুৰ তথ্য লাভ কৰা নাই। সেয়া হৈছে লাক্ষাদ্বীপ, ছিক্কিম, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, গুজৰাট, চণ্ডীগড়, জম্মু আৰু কাশ্মীৰ, লাডাখ(ইউটি), মণিপুৰ, হাৰিয়াণা,আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, ৰাজস্থান, নাগালেণ্ড, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, দমন আৰু দিউ, দাদ্ৰা আৰু নগৰ হাভেলী।

আনহাতে, ৬খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলত যোৱা ২৪ ঘণ্টাত নাই নতুন আক্ৰান্তৰ তথ্য। সেয়া হৈছে ছিক্কিম, মেঘালয়, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, নাগালেণ্ড, ত্ৰিপুৰা, দমন আৰু দিউ, দাদ্ৰা আৰু নগৰ হাভেলী।

ইফালে, ১৬ ফেব্ৰুৱাৰী ২০২১ৰ পুৱা ৮বজা পৰ্যন্ত দেশৰ স্বাস্থ্যসেৱা কৰ্মী আৰু আগশাৰীৰ সেৱা কৰ্মীৰ ক’ভিড-১৯ বিৰোধী টীকাকৰণৰ সংখ্যাই ৮৭লাখৰ ঘৰ অতিক্ৰম কৰিছে। উল্লেখ্য, যোৱা ১৬ জানুৱাৰী, ২০২১ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ জুৰি টীকাকৰণ অভিযানৰ শুভাৰম্ভ ঘোষণা কৰিছিল।

আজি পুৱা ৮বজা পৰ্যন্ত অনুষ্ঠিত ১,৮৪,৩০৩টা টীকাকৰণ অধিৱেশনত ৮৭,২০,৮২২গৰাকী হিতাধিকাৰীয়ে প্ৰতিষেধক গ্ৰহণ কৰিছে। এইসকলৰ মাজত ৬১,০৭,১২০(প্ৰথম পালি)গৰাকী স্বাস্থ্যসেৱা কৰ্মী, ১,৬০,২৯১(দ্বিতীয় পালি)গৰাকী আৰু ২৪,৫৩,৪১(প্ৰথম পালি)আগশাৰীৰ সেৱা কৰ্মী আছিল।

 

 

 

ক্ৰমিক নং

No.

 

ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চল

প্ৰতিষেধক লোৱা হিতাধিকাৰীৰ

সংখ্যা

প্ৰথম পালি

দ্বিতীয় পালি

Total Doses                                                                  মুঠমুঠমুঠমুঠ

1

আন্দামান আৰু নিকোবৰ

3,847

182

4,029

2

অন্ধ্ৰ প্ৰদেশ

3,61,814

14,630

3,76,444

3

অৰুণাচল প্ৰদেশ

16,613

1,574

18,187

4

অসম

1,28,613

3,862

1,32,475

5

বিহাৰ

4,95,717

13,309

5,09,026

6

চণ্ডীগড়

9,212

144

9,356

7

চত্তিশগড়

2,82,031

5,193

2,87,224

8

দাদ্ৰা আৰু নগৰ হাভেলী

3,061

45

3,106

9

দমন আৰু দিউ

1,258

30

1,288

10

দিল্লী

2,02,125

4,047

2,06,172

11

গোৱা

13,166

517

13,683

12

গুজৰাট

6,90,074

9,278

6,99,352

13

হাৰিয়াণা

2,01,007

3,977

2,04,984

14

হিমাচল প্ৰদেশ

82,400

1,894

84,294

15

জম্মু আৰু কাশ্মীৰ

1,45,600

1,849

1,47,449

16

ঝাৰখণ্ড

2,17,610

4,137

2,21,747

17

কৰ্ণাটক

5,00,491

11,985

5,12,476

18

কেৰালা

3,67,367

3,570

3,70,937

19

লাডাখ

2,904

77

2,981

20

লাক্ষাদ্বীপ

1,776

0

1,776

21

মধ্য প্ৰদেশ

5,75,728

0

5,75,728

22

মহাৰাষ্ট্ৰ

7,08,276

4,857

7,13,133

23

মণিপুৰ

25,452

319

25,771

24

মেঘালয়

16,053

170

16,223

25

মিজোৰাম

12,330

227

12,557

26

নাগালেণ্ড

11,601

341

11,942

27

ওড়িশা

4,16,756

10,034

4,26,790

28

পুডুচেৰী

6,320

193

6,513

29

পাঞ্জাৱ

1,06,797

1,057

1,07,854

30

ৰাজস্থান

6,18,919

8,791

6,27,710

31

ছিক্কিম

8,543

0

8,543

32

তামিল নাডু

2,64,283

4,936

2,69,219

33

তেলেংগাণা

2,79,237

14,205

2,93,442

34

ত্ৰিপুৰা

73,814

1,491

75,305

35

উত্তৰ প্ৰদেশ

9,16,568

18,394

9,34,962

36

উত্তৰাখণ্ড

1,15,281

1,421

1,16,702

37

পশ্চিম বংগ

5,45,299

9,821

5,55,120

38

অন্যন্য

1,32,588

3,734

1,36,322

মুঠ

85,60,531

1,60,291

87,20,822

             

 

টীকাকৰণৰ ৩১সংখ্যক দিন(১৫ ফেব্ৰুৱাৰী,২০২১)টোত মুঠ ৪,৩৫,৫২৭গৰাকী লোকক টীকা প্ৰদান কৰা হৈছে। আজি সম্পন্ন হোৱা ১০,৫৭৪টা অধিৱেশনত ইয়াৰে ২,৯৯,৭৯৭গৰাকী হিতাধিকাৰীয়ে প্ৰথম পালি আৰু ১,৩৫,৭৩০গৰাকী স্বাস্থ্য সেৱা কৰ্মীয়ে টীকাৰ দ্বিতীয়টো পালি গ্ৰহণ কৰিছে।

 

শেহতীয়া ২৪ ঘণ্টাত ৯,১২১গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে।

সেইদৰে, নতুনকৈ আক্ৰান্তৰ ৮০.৫৪%ই ৫খন ৰাজ্যৰ।

এইক্ষেত্ৰতো মহাৰাষ্ট্ৰই সৰ্বাধিক ৩,৩৬৫গৰাকী দিনটোৰ নতুন আক্ৰান্তৰে শীৰ্ষত অৱস্থান কৰাৰ বিপৰীতে ২,৮৮৪ আৰু ৪৫৫গৰাকী আক্ৰান্তৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে কেৰালা আৰু তামিল নাডু।

ইফালে, শেহতীয়া ২৪ঘণ্টাত ৮১গৰাকী লোকে মৃত্যু সাৱটাৰ তথ্য লাভ কৰা হৈছে।

মৃত্যু সাৱটা ৭৮.৩% মৃতকেই ৫খন ৰাজ্যৰ।

ইয়াৰে, মহাৰাষ্ট্ৰত সৰ্বাধিক ২৩গৰাকী লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে কেৰালাত ১৩গৰাকী আৰু পঞ্জাৱত ১০গৰাকী লোকৰ মৃত্যু হৈছে।

****

MV/SJ/KB



(Release ID: 1698559) Visitor Counter : 140