প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাজ্যসভাৰ চাৰিগৰাকী সদস্যৰ বিদায় সভাত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

Posted On: 09 FEB 2021 1:09PM by PIB Guwahati

এই সদনৰ শোভা বৰ্দ্ধন কৰোতাসকল, সদনক জীৱন্ত কৰি তোলা আৰু সদনৰ মাধ্যমৰে জনসেৱাত ব্ৰতী হোৱা এনে চাৰিগৰাকী আমাৰ সতীৰ্থ, তেওঁলোকৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ কাৰণে নতুন কাৰ্যৰ বাবে খোজ দিবলৈ ওলাইছে।

শ্ৰীমান গোলাম নবী আজাদ জী, শ্ৰীমান চমশেৰ সিং জী, মীৰ মহম্মদ ফিয়াজ জী, নাদীৰ আহমেদ জী, মই আপোনালোক চাৰিওগৰাকী মহনুভৱক এই সদনৰ শোভা বঢ়োৱাৰ বাবে আপোনালোকৰ অভিজ্ঞতাৰ, আপোনালোকৰ জ্ঞানৰ বাবে সদন আৰু দেশক লাভান্বিত কৰাৰ বাবে আৰু নিজৰ নিজৰ অঞ্চলৰ সমস্যাৱলীৰ সমাধানৰ বাবে আপোনালোকে যি যোগদান কৰিছে তাৰ বাবে মই পোণপ্ৰথমে আপোনালোক চাৰিওগৰাকীকে ধন্যবাদ জনাইছো।

মীৰ মহম্মদ জী আৰু নাদিৰ আহমদ জী, এই দুগৰাকী এনে সতীৰ্থ- সদনত তেওঁলোকৰ প্ৰতি খুউব কম লোকেহে দৃষ্টি দিছিল, কিন্তু সদনৰ এনে কোনো অধিৱেশন নাছিল মোৰ চেম্বাৰত একেলগে বহি বিভিন্ন প্ৰসংগত হোৱা আলোচনা শুনা, শনি বুজি উঠা নাছিলো। আনকি কাশ্মীৰৰো বিভিন্ন কথা, যেতিয়া তেওঁলোকৰ সৈতে বহিছিলো, কেতিয়াবা তেওঁলোক পৰিয়ালৰ সৈতেও আহিছিল, তেওঁলোকে ইমানবোৰ কথা কৈছিল যে সেয়া মোৰ বাবে সঁচায়ে উত্সাহজনক আছিল। সেয়ে মোৰ দুয়োগৰাকী বন্ধুক মোৰ সৈতে থকা ব্যক্তিগত সম্পৰ্ক, আৰু যি কথা তেওঁলোকে মোক অৱগত কৰাইছিল তাৰ বাবে মই তেওঁলোকক হৃদয়ৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু মোৰ বিশ্বাস তেওঁলোকৰ যি দায়িত্ববোধ আৰু তেওঁলোকৰ যি ক্ষমতা সেয়া দেশৰ বাবে, বিশেষকৈ জম্মু আৰু কাশ্মীৰৰ বাবে কামত আহিবই। দেশৰ একতা, দেশৰ সুখ-শান্তি, বৈভৱ বঢ়োৱাৰ কামত আহিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে।

আমাৰ আৰু এগৰাকী সতীৰ্থ হ’ল চমশেৰ সিং জী, তেখেতৰ সৈতে কিমান দিনৰ পৰা একেলগে কাম কৰিছিলো এতিয়াতো মনতেই নপৰা হ’ল। মই সংগঠনৰ পৃথিৱীৰ মানুহ। এই ক্ষেত্ৰতে মই কাম কৰি আছিলো। কিছু বছৰৰ বাবে জম্মু-কাশ্মীৰতো কাম কৰাৰ সুযোগ পাইছিলো, তেতিয়া সতীৰ্থ কাৰ্যকৰ্তাৰ ৰূপত কেতয়াবা এখন স্কুটাৰত উঠি ভ্ৰমণ কৰাৰ সুযোগ পাইছিলো। ইমাৰ্জেন্সিত খুউব কম বয়সতে যিসকল জে’ললৈ গৈছিল তাৰ মাজত চমশেৰ জীও আছিল। আৰু এই সদনত চমশেৰ জীৰ উপস্থিতিৰ হাৰ ৯৬শতাংশ...অৰ্থাত্ যি দায়িত্ব জনতাই তেখেতক অৰ্পণ কৰে তেওঁ সেই দায়িত্ব এশ শতাংশই কৰাৰ বাবে প্ৰয়াস কৰে। মৃদুভাষী, সৰল ব্যক্তিত্বৰ, মোৰ বিশ্বাস জম্মু-কাশ্মীৰৰ পৰা অৱসৰ গ্ৰহণ কৰা চাৰিওগৰাকী আদৰণীয় সদস্যৰ বাবে তেওঁলোকৰ জীৱনৰ সকলোতকৈ উত্তম কাৰ্যকাল বুলি চিহ্নিত হ’ব। কিয়নো ইতিহাসে এটি নতুন মোৰ লৈছে আৰু যাৰ তেওঁলোক সাক্ষী হৈছে, সহযাত্ৰী হৈছে। এয়া তেওঁলোকৰ জীৱনৰ বহুত ডাঙৰ ঘটনাই হয়।

শ্ৰীমান গুলাম নবী জী, মোৰ চিন্তা এইটোহে হৈছে, গুলাম নবী জীৰ পাচত এইটো পদ যিগৰাকীয়ে চম্ভালিব, তেওঁৰ হয়তো নবী জীৰে জোৰ ল’বলৈ কঠিন হ’ব। কিয়নো, গোলাম নবী জীয়ে নিজৰ দলৰতো চিন্তা কৰেই, কিন্তু দেশৰ লগতে সদনৰো চিন্তা কৰিছিল। এয়া সৰু কথা নহয়, এয়াতো বহুত ডাঙৰ কথা, নহ’লেনো বিৰোধী দলৰ নেতা হিচাপে নিজৰ ভূমিকা প্ৰতিস্থা কৰা, এই সকলো মোহ সকলোৰে হ’ব পাৰে। কিন্তু তেওঁ সদনত...মই সাৰদ পাৱৰ জীকো তেখেতৰ ‘কেটেগৰী’তে ৰাখো, তেওঁও সদন আৰু দেশৰ চিন্তাক সদায়ে প্ৰাথমিকতা প্ৰদান কৰা নেতাসকলৰ ভিতৰৰে...গুলাম নবী জীয়ে ভালকৈয়ে এই কাম সম্পাদন কৰিছিল।

মোৰ মনত আছে এই ক’ৰোনা কালত এখন ‘ফ্লৰ লীডাৰ’ৰ সভা কৰোতে গুলাম নবী জীৰ ফোন আহিছিল- ‘মোদী জী এয়াতো ঠিকেই আছে, কিন্তু এটা কাম কৰক, আপুনি সৰ্ব দলীয় সভা এখন আহ্বান কৰক। মোৰ ভাল লাগিল যে তেখেতে তেখেতৰ দলৰ নেতাৰ সৈতে, সকলো দলৰ অধ্যক্ষ সকলৰ সৈতে সভা পতাৰ পৰামৰ্শ দিয়াত মই সেয়া কৰিছিলো। সেয়া গোলাম নবী জীৰ পৰামৰ্শ মতেই কৰিছিলো...আৰু মোৰ এয়া ক’বলৈ...। তেওঁৰতো দুয়ো ফালৰে অনুভৱ আছে। শাসকীয় আৰু বিৰোধী দুয়ো দলৰ। ২৮বছৰীয়া কাৰ্যকাল, এয়া নিজে নিজেই বহুত ডাঙৰ কথা নহয় জানো!

বহুত বছৰৰ আগৰ কথা, সম্ভৱত অটলজীৰ চৰকাৰ আছিল তেতিয়া, মোৰ ঠিক মনত পৰা নাই। মই সদনলৈ কিবা কামৰ বাবে আহিছিলো। মইতো তেতিয়া ৰাজনীতিৰে জড়িত নাছিলো। অৰ্থাত্ নিৰ্বাচনী ৰাজনীতিত নাছিলো, মই সংগঠনৰ কামত ব্যস্ত আছিলো। মই আৰু গোলাম নবীজীয়ে এনেয়ে বহি দীঘলীয়াকৈ আড্ডা দি আছিলো। আৰু সংবাদসেৱীসকলৰ স্বভাৱ যে কেনেকুৱা, সকলো কথাকে নজৰ দি থাকে। তেওঁলোকে ভাবিলে এই দুজনৰ আকৌ ইমান মিলা-প্ৰীতি কেনেকৈ হয়। আমি হাঁহি স্ফূৰ্তি কৰি যেতিয়াই বাহিৰলৈ আহিছিলো সংবাদসেৱীসকলে আমাক ঘেৰি ধৰিলেহি। গোলাম নবী জীয়ে খুউব সুন্দৰ উত্তৰ দিছিল। সেই উত্তৰ আমাৰ বাবে বহুত কামত আহিব পৰা বিধৰ। তেখেতে কৈছিল, ‘ভাইসকল চাওক, আপোনালোকে আমাক খবৰ কাকতত, টিভিত অথবা ৰাজহুৱা সভাত তৰ্ক-বিতৰ্ক, কাজিয়া-পেচাল কৰি থকা দেখে, পিচে, সত্যটো হ’ল একেখন চালৰ তলত আমাৰ দৰে পৰিয়ালৰ বাতাবৰণ আন ক’তো পাবলৈ নাপাব। আমাৰ ইমানেই আ্ত্মীয়তা, ইমানেই সুখ-দুখ। এই যে ‘স্পিৰিট’, সেই ‘স্পিৰিট’ নিজে নিজেই বহুত ডাঙৰ কথা।

 

গোলাম নবী জীৰ এটা চখৰ কথা চাগৈ বহুত কম সংখ্য লোকেহে জানে। কেতিয়াবা তেখেতৰ সৈতে বহিলে জনাব। আমি চৰকাৰী ভৱনত থাকো যেতিয়া ভৱনৰ দেৱাল, চোফাছেট, সেইবোৰৰ আশে-পাশেই আমাৰ মগজুৱে অহা যোৱা কৰি থাকে, পিচে, গোলাম নবী জীয়ে সেই ভৱনৰ সন্মুখত যি বাগিছা স্থাপন কৰিছে, সিয়ে একপ্ৰকাৰে কাশ্মীৰ উপত্যকাৰ কথা মনত পেলাই দিয়ে। আৰু ইয়াক লৈ তেখেতে গৰ্বও কৰে। তেখেতে ইয়াৰ বাবে সময়ো দিয়ে, নতুন নতুন বস্তু সংযোজিত কৰি থাকে আৰু প্ৰতিবাৰে হোৱা প্ৰতিযোগিতাত তেখেতৰ ভৱন ‘নাম্বাৰ ওৱান’ হয়। অৰ্থাত্, চৰকাৰী ঠায়ো কিমান মৰমেৰে আপদাল কৰে, তেখেতে অন্তৰৰে ইয়াক প্ৰতিপালন কৰিছে।

যেতিয়া আপুনি মুখ্য মন্ত্ৰী আছিল, ময়ো এখন ৰাজ্যৰ মুখ্য মন্ত্ৰী হিচাপে কাম কৰিছিলো। সেইখিনি সময়ত আমাৰ মাজত গভীৰ নিকটতা আছিল। আমাৰ দুজনৰ মাজত সম্পৰ্ক সেঁতু বিচিন্ন হ’ব পৰা এনে কোনো ঘটনা কেতিয়াও সংঘটিত হোৱা নাছিল। এবাৰ গুজৰাটৰ যাত্ৰী, কিয়নো জম্মু-কাশ্মীৰলৈ যাব বিচৰা পৰ্যটকসকলৰ মাজত গুজৰাটৰ বিশাল সংখ্যক যাত্ৰী থাকেই। সেইবেলি এইসকল যাত্ৰীৰ ওপৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছিল। আঠগৰাকীমান যাত্ৰী সম্ভৱতঃ নিহত হৈছিল। সৰ্ব প্ৰথমে গোলাম নবী জীয়ে মোলৈ ফোন কৰিছিল আৰু সেয়া কেৱল খবৰ দিয়াৰ বাবেই কৰা ফোন নছিল। ফোনতে তেখেতৰ চকুপানী নিগৰিছিল। তেওঁ সঁচাকৈয়ে কান্দি উঠিছিল। সেই সময়ত প্ৰণৱ মুখাৰ্জী চাহাব প্ৰতিৰক্ষা মন্ত্ৰী আছিল। মই তেখেতক ফোন কৰিছিলো, মই তেখেতক কৈছিলো মৃতদেহখিনি অনাৰ বাবে যদি সেনাবাহিনীৰ বিমান পালোহেতেন, ৰাতি গভীৰ হৈছিল। মুখাৰ্জী চাহাবে কৈছিল ‘আপুনি চিন্তা নকৰিব, মই ব্যৱস্থা কৰি আছো’। ৰাতি আকৌ গুলাম নবী জীৰ ফোন আহিল- তেখেত বিমান বন্দৰত আছিল। সেই ৰাতি তেখেতে বিমান বন্দৰৰ মোক ফোন কৰিছিল আৰু নিজৰ পৰিয়াল সদস্যই চিন্তা কৰাৰ দৰেই তেওঁ চিন্তা প্ৰকট কৰিছিল--।

পদবী, ক্ষমতা জীৱনলৈ আহি থাকিব, কিন্তু সেয়া কেনেকৈ কামত লগাব...মোৰ বাবে সেয়া বাৰুকৈয়ে বিহ্বল মুহূৰ্ত আছিল। দ্বিতীয় দিনা পুৱা ফোন আহিছিল –‘তেওঁলোক বাৰু সকলো গৈ পালেগৈনে?’ সেয়ে, এগৰাকী বন্ধুৰ ৰূপত গুলাম নবী জীক এই ঘটনা আৰু অভিজ্ঞতাৰ আধাৰত আদৰ কৰিব বিচাৰিছো আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে তেখেতৰ সৌম্যতা, তেখেতৰ নম্ৰতা, এইখন দেশৰ বাবে কিবা কৰি থৈ যোৱাৰ বাবে তেখেতৰ যি কামনা, সেয়াই কেতিয়াও তেখেতক বহি থাকিবলৈ নিদিব। আৰু মোৰ বিশ্বাস যে তেখেতক যিয়েই দায়িত্ব অপৰ্ণ নকৰক, য’তেই নকৰক, তেওঁ নিতান্তই প্ৰমূল্য সংযোজন কৰিবই, অৱদান আগবঢ়াবই আৰু দেশ তাৰ দ্বাৰা উপকৃত হ’বই বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মই আকৌ এবাৰ তেওঁ আগবঢ়োৱা সেৱাৰ বাবে সাদৰ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু ব্যক্তিগত ভাবে মই তেওঁক এইখন সদনৰ সদস্য নহয় বুলি নাভাবিবৰ বাবে অনুৰোধ কৰিব খুজিছো। আপোনালোকৰ বাবে মোৰ দুৱাৰ সদায় মুকলি থাকিব। এই চাৰিগৰাকী মাননীয় সদস্যৰ বাবে মুকলি থাকিব। আপোনালোকৰ দিহা-পৰামৰ্শ, কিয়নো দেশৰ বাবে এয়া খুবেই আৱশ্যক। এই অভিজ্ঞতা কামত আহিব। মোক লগ পাই থাকিব বুলি আশা কৰিম। আপোনালোকক মই আঁতৰি যাবলৈ নিদিও। পুনৰ বাৰ বহুত বহুত শুভকামনাৰে-

ধন্যবাদ।

 

***

DS/VJ/NS/AK/KB



(Release ID: 1696954) Visitor Counter : 216