স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

দেশত 'এইমছ'ৰ বিকাশৰ স্থিতি

Posted On: 02 FEB 2021 4:23PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেই আজি ৰাজ্যসভাত কয় যে প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনা (পিএমএছএছৱাই)ৰ জৰিয়তে ২২খন নতুন এইমছৰ বাবে স্বীকৃতি দিয়া হৈছে। ইয়াৰ ভিতৰত ২০১৭-১৮ চন অথবা তাৰ পিছত স্বীকৃত ১০খন এইমছ অন্তৰ্ভুক্ত আছে। ভোপাল, ভূবনেশ্বৰ, যোধপুৰ, পাটনা, ৰায়পুৰ আৰু ঋষিকেশত স্বীকৃত ৬খন এইমছ কাৰ্যশীল। অন্তিম ১৬খন নতুন এইমছ নিৰ্মাণৰ বিভিন্ন পৰ্যায়ত আছে। এই ১৬খন এইমছৰ ৰাজ্যভিত্তিক স্থান, সিবিলাকৰ মন্ত্ৰীসভাৰ স্বীকৃতিৰ তাৰিখ তথা স্বীকৃত ব্যয় সংলগ্ন আছে।

 

৬খন ক্ৰিয়াশীল এইমছৰ উপৰিও ৰায়বৰেলী, মংগলাগিৰি, গোৰখপুৰ, ভাটিণ্ডা, নাগপুৰ আৰু বিবিনগৰত ৬খন এইমছত অ'পিডি সেৱা আৰম্ভ কৰা হৈছে।

 

মংগলাগিৰি, নাগপুৰ, কল্যাণী, গোৰখপুৰ, ভাটিণ্ডা, ৰায়বৰেলী, দেৱগড়, বিবিনগৰ, গুৱাহাটী, বিলাসপুৰ, জম্মু আৰু ৰাজকোটত ১২খন এইমছত এমবিবিএছ পাঠ্যক্ৰম আৰম্ভ হৈছে।

 

এইমছ মংগলাগিৰি, অন্ধ্ৰপ্ৰদেশত নিৰ্মাণৰ কাম আগবাঢ়িছে। আৰম্ভণিতে বালিৰ অপৰ্যাপ্ততাৰ বাবে নিৰ্মাণৰ কামত কিছু বিলম্ব হৈছিল। ৰাজ্যৰ দ্বাৰা কৰিবলগীয়া কাৰ্যকলাপতো কিছু বিলম্ব হৈছিল, য'ত পানী যোগান ব্যৱস্থা, অত্যাধিক বৰষুণৰ পানী নিষ্কাষন, পৰিসৰৰ বাবে প্ৰধান সম্পৰ্ক পথ তথা পৰ্যাপ্ত এনডিআৰএফ পৰিসৰৰ স্থানান্তৰণ অন্তৰ্ভুক্ত আছে। কোভিড-১৯ মহামাৰীৰ বাবেও কামৰ অগ্ৰগতিত প্ৰভাৱ পৰে।

 

পিএমএছএছৱাইৰ অধীনত বৰ্তমানৰ সকলো পৰিকল্পনাৰ অগ্ৰগতিৰ কাৰ্য ৰূপায়ণ এজেঞ্চি আৰু অন্য হিতধাৰকৰ সৈতে নিয়মীয়াকৈ সমীক্ষা কৰা হৈছে যাতে সময় মতে কাম সম্পূৰ্ণ হোৱাটো সুনিশ্চিত কৰিব পৰা যায়।

 

অনুলগ্নক

পিএমএছএছৱাইৰ অধীনত নিৰ্মাণাধীন নতুন এইমছ

 

ক্ৰঃ নং

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

পিএমএমৱাইৰ অধীনত স্থাপন কৰিবলগা নতুন এইমছৰ স্থান

স্বীকৃত

ব্যয় (কোটি টকাত)

মন্ত্ৰীসভাৰ স্বীকৃতিৰ তাৰিখ

অন্ধ্ৰপ্ৰদেশ

মংগলাগিৰি

১৬১৮

৭-১০-২০১৫

অসম

গুৱাহাটী

১১২৩

২৪-০৫-২০১৭

বিহাৰ

দৰভাংগা

১২৬৪

১৫-০৯-২০২০

গুজৰাট

ৰাজকোট

১১৯৫

১০-০১-২০১৯

হাৰিয়ানা

ৰিৱাড়ী

১২৯৯

২৮-০২-২০১৯

হিমাচল প্ৰদেশ

বিলাসপুৰ

১৪৭১.০৪

০৩-০১-২০১৮

জম্মু আৰু কাশ্মীৰ

ছম্বা, জম্মু

১৬৬১

১০-০১-২০১৯

অৱন্তিপুৰ, কাশ্মীৰ

১৮২৮

১০-০১-২০১৯

ঝাৰখণ্ড

দেৱঘৰ

১১০৩

১৬-০৫-২০১৮

১০

মহাৰাষ্ট্ৰ

নাগপুৰ

১৫৭৭

৭-১০-২০১৫

১১

পঞ্জাৱ

ভাটিণ্ডা

৯২৫

২৭-০৭-২০১৬

১২

তামিলনাডু

মদুৰাই

১২৬৪

১৭-১২-২০১৮

১৩

তেলেংগানা

বিবিনগৰ

১০২৮

১৭-১২-২০১৮

১৪

উত্তৰপ্ৰদেশ

ৰায়বৰেলী

৮২৩

০৫-০২-২০০৯ (সংশোধিত ব্যয় অনুমান তাং ১০-০৭-২০১৭ক স্বীকৃত কৰা হৈছে)

১৫

গোৰখপুৰ

১০১১

২০-০৭-২০১৬

১৬

পশ্চিমবংগ

কল্যাণী

১৭৫৪

৭-১০-২০১৫

 

আজি ৰাজ্যসভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেই এই তথ্য এক লিখিত উত্তৰত প্ৰদান কৰে।

 

 ************

MV/SJ



(Release ID: 1694636) Visitor Counter : 148