বিত্ত মন্ত্ৰালয়

‘অৰ্থনৈতিক সমীক্ষা’ত খাদ্য দ্ৰব্যৰ মুদ্ৰাস্ফীতিত পুনৰ সকাহ দান, সামগ্ৰিক মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত সকাহৰ ইংগিতৰে আগুৱাই যোৱাৰ পৰামৰ্শ

২০২০-২১ৰ সময়ছোৱাত ‘গ্ৰাহক মূল্য সূচকাংক’-ৰ যৌথ বৃদ্ধি আৰু ‘পাইকাৰী মূল্য সূচকাংক’-ৰ স্থিৰতাৰে খুচুৰা আৰু পাইকাৰী মুদ্ৰস্ফীতিয়ে বিপৰীত দিশে গতি কৰা পৰিলক্ষিত হৈছিল

‘গ্ৰাহক মূল্য সূচকাংক’ৰ ভিত্তি বছৰ পুনৰ নিৰ্দ্ধাৰণৰ প্ৰয়োজনীয়তাৰ পৰামৰ্শ দিলে সমীক্ষাই

‘মূল্য সূচকাংক’ যুগুতোৱাৰ ক্ষেত্ৰত ‘ই-কমাৰ্চ’ৰ লেন-দেনৰ মূল্য তথ্য চামিল কৰাৰ পৰামৰ্শ

পোষ্ট কৰা হৈছে: 29 JAN 2021 3:34PM by PIB Guwahati

অৰ্থনৈতিক সমীক্ষা ২০২-২১ত খাদ্য দ্ৰব্যৰ মুদ্ৰাস্ফীতিত পুনৰ সকাহ দান, সামগ্ৰিক মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত সকাহৰ ইংগিতৰে আগুৱাই যোৱাৰ  পৰামৰ্শ আগবঢ়োৱা হৈছে। যোগানৰ ক্ষেত্ৰত থকা বাধা-নিষেধ শিথিল কৰাৰ পৰিপ্ৰেক্ষিতত ডিচেম্বৰ ২০২০ত মুদ্ৰাস্ফীতিৰ হাৰ বহু পৰিমাণে প্ৰশমিত হোৱা পৰিলক্ষিত হৈছিল, এই পৰিস্থিতি আগলৈও অব্যাহত থাকিব বুলি আশা কৰা হৈছে। উল্লেখ্য যে বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে আজি ২০২০-২১বিত্তীয় বৰ্ষৰ বাবে যুগুতোৱা অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদনখন সংসদত দাখিল কৰে।

 

সমীক্ষাটোত কোৱা হৈছে যে বিগত বৰ্ষৰ তুলনাত ২০২০-২১ৰ সময়ছোৱাত গ্ৰাহক মূল্য সূচকাংক(চিপিআই)ৰ-যৌথ বৃদ্ধি আৰু পাইকাৰী মূল্য সূচকাংক(ডব্লিউপিআই)ৰ স্থিৰতাৰে খুচুৰা আৰু পাইকাৰী মুদ্ৰস্ফীতিয়ে বিপৰীত দিশে গতি কৰা পৰিলক্ষিত হৈছিল। প্ৰণিধানযোগ্য যে, কভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বলবত্ কৰা লকডাউনৰ সমগ্ৰ সময়ছোৱাত আৰু ইয়াৰ পৰৱৰ্তি সময়তো যোগানৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন পৰিস্থিতিগত বাধাৰ পৰিণতিত চিপিআইৰ মুদ্ৰাস্ফীতি অধিক হৈ থকা পৰিলক্ষিত হয়। মূলতঃ খাদ্য সামগ্ৰীৰ মুদ্ৰাস্ফীতিয়েই সামগ্ৰিক ভাবে মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধি কৰিছিল। ২০২০-২১ৰ এপ্ৰিল মাহৰ পৰা ডিচেম্বৰ মাহৰ এই সময়ছোৱাত খাদ্য দ্ৰব্যৰ মুদ্ৰস্ফীতিৰ পৰিমাণ ৯.১শতাংশ হাৰে বৃদ্ধি পাইছিল।

Inflation- Eng.jpg

ইফালে, সমীক্ষাটোত গ্ৰাহক মূল্য সূচকাংকৰ ভিত্তি বছৰ পুনৰ নিৰ্দ্ধাৰণৰ প্ৰয়োজনীয়তা দোহাৰি এই ক্ষেত্ৰত বিহিত পদক্ষেপ গ্ৰহণৰ পৰামৰ্শ প্ৰদান কৰা হৈছে।

 

সেইদৰে, দেশত অনলাইনৰে সম্পন্ন হোৱা বাণিজ্যৰ দ্ৰুতগতিত বাঢ়ি অহা লেনদেনৰ গুৰুত্ব অনুধাৱন কৰি মূল্য সূচকাংক যুগুতোৱাৰ ক্ষেত্ৰত ই-কমাৰ্চৰ লেন-দেনৰ মূল্য-তথ্য চামিল কৰাৰো পৰামৰ্শ আগবঢ়োৱা হৈছে সমীক্ষাটোত।

 

*********

RM/YB/SJ/KB


(ৰিলিজ আই ডি : 1693446) অতিথি কক্ষ : 228
ত এই ৰিলিজটো পঢ়ক: Malayalam , English , Urdu , हिन्दी , Marathi , Punjabi , Kannada