বিত্ত মন্ত্ৰালয়

উন্নত মৌদ্ৰিক নীতি প্ৰচাৰ, ৰেপ' ৰেটত ১১৫ বিপিএছ পৰ্যন্ত কৰ্তন

অধিসূচিত ব্যৱসায়িক বেংকসমূহৰ সামগ্ৰিক উৎপাদন বিহীন সম্পত্তিৰ হাৰ অৱনমিত, মাৰ্চ, ২০২০ত ৮.২১%ৰ পৰা ছেপ্টেম্বৰ, ২০২০ত হ্ৰাস হৈ ৭.৪৯% পায়গৈ

ৰাজহুৱা আৰু বেচৰকাৰী উভয় বেংকত আশংকা ভাৰযুক্ত সম্পত্তিৰ ক্ষেত্ৰত পুঁজিত সংশোধন

Posted On: 29 JAN 2021 3:36PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত অৰ্থনৈতিক সমীক্ষা, ২০২০-২১ দাখিল কৰি কয় যে কোভিড-১৯ মহামাৰীৰ অপ্ৰত্যাশিত সংকটৰ প্ৰতি লক্ষ্য ৰাখি মাৰ্চ ২০২০ৰ পৰা মৌদ্ৰিক নীতি যথেষ্ট সৰল কৰি তোলা হৈছে।

 

মৌদ্ৰিক নীতি প্ৰচাৰ

অৰ্থনৈতিক সমীক্ষা অনুসৰি, মাৰ্চ ২০২০ৰ পৰা ৰেপ' নিৰিখত ১১৫ বেছিক অংকৰ কৰ্তন কৰা হৈছে আৰু মাৰ্চ, ২০২০ত প্ৰথম মৌদ্ৰিক নীতি সমিতি (এমপিচি)ৰ বৈঠকত ৭৫ বেছিক অংকৰ আৰু মে', ২০২০ত দ্বিতীয় বৈঠকত ৪০ বেছিক অংকৰ কৰ্তন কৰা হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকে অৰ্থনৈতিক ব্যৱস্থাত তৰলতাৰ স্থিতিক প্ৰবন্ধিত কৰাৰ পৰম্পৰাগত আৰু অপৰম্পৰাগত উপায়বিলাক প্ৰয়োগ কৰি ২০২০-২১ত প্ৰণালীগত উপভোগ সামগ্ৰীৰ আধিক্য অব্যাহত ৰাখে। এই বছৰ জমা আৰু ঋণৰ নিৰিখত পলিচী ৰেপ' নিৰিখৰ হস্তান্তৰণতো সংশোধন দেখা যায় আৰু নতুন ৰুপি ঋণ (ফ্ৰেছ ৰুপি লোনছ) আৰু বকেয়া ৰুপি ঋণ (আউটষ্টেণ্ডিং লোনছ)ৰ ওপৰত ভাৰযুক্ত গড় ঋণ নিৰিখত ক্ৰমে ৯৪ বেছিক অংক আৰু ৬৭ বেছিক অংকৰ হ্ৰাস নথিভুক্ত কৰা হৈছে। এনেদৰে, এই সময়ছোৱাত, ভাৰযুক্ত গড় ডমেষ্টিক টাৰ্ম ডিপজিট ৰেটত ৮১ অংকলৈকে হ্ৰাস হয়।

 

বেংকিং ক্ষেত্ৰ

অধিসূচিত ব্যৱসায়ী বেংকৰ সামগ্ৰিক উপাদন বিহীন সম্পত্তিৰ হাৰো মাৰ্চ ২০২০ৰ শেষত ৮.২১%ৰ পৰা ছেপ্টেম্বৰ ২০২০ৰ শেষলৈকে হ্ৰাস হৈ ৭.৪৯%ত পায়গৈ। অৰ্থনৈতিক সমীক্ষা অনুসৰি ইয়াৰ লগতে মহামাৰীৰ ফলত ঋণ লওঁতাক সম্পত্তি বৰ্গীকৰণ ৰেহায়ো প্ৰদান কৰা হয়।

 

তদুপৰি, অৰ্থনৈতিক সমীক্ষা অনুসৰি, অধিসূচিত ব্যৱসায়ী বেংকসমূহৰ আশংকা ভাৰযুক্ত সম্পত্তিৰ নিৰিখৰ পুঁজিতো বেচৰকাৰী আৰু ৰাজহুৱা দুয়োটা ক্ষেত্ৰৰ বেংকত সংস্কাৰৰ জৰিয়তে মাৰ্চ ২০২০ৰ পৰা ছেপ্টেম্বৰ ২০২০ৰ মাজত ১৪.৭%ৰ পৰা ১৫.৮% পৰ্যন্ত বৃদ্ধি নথিভুক্ত কৰা হয়।

 

দেউলীয়া আৰু শোধন অক্ষমতা সংহিতা

বাজেট-পূৰ্ব সমীক্ষা অনুসৰি, আইবিচি (ইয়াৰ শুভাৰম্ভৰ পৰা)ৰ মাধ্যমত অধিসূচিত বাণিজ্যিক বেংকসমূহৰ বাবে ৰিকভাৰী হাৰ ৪৫%তকৈ অধিক হৈছে। মহামাৰীৰ বাবে, কৰ্পৰেট দেউলীয়া সমাধান প্ৰক্ৰিয়া (চিআইআৰপি)ৰ পদক্ষেপ স্থগিত কৰি দিয়া হৈছিল। স্থগনৰ সৈতে জাৰি ক্লীয়েৰেঞ্চৰ বাবে সঞ্চয়ী বিষয়ত পাতলীয়া অৱনতি নথিভুক্ত কৰা হয়।

 

সমীক্ষা অনুসৰি, সম্প্ৰতি দুয়োটা বেংক আৰু অ-বেংকিং বিত্তীয় কৰ্প'ৰেচনৰ দ্বাৰা বকেয়া ঋণ বৃদ্ধিৰ ফলত বাস্তৱিক অৰ্থনৈতিক ব্যৱস্থাৰ বাবে বিত্তীয় প্ৰবাহ স্থিৰ থাকে। ৰিভাৰ্ছ ৰেপ'ৰ জৰিয়তে আৰবিআইৰ সৈতে বেংকসমূহৰ দ্বাৰা জমা ন্যূনতম (সময়োজিত) ধনৰ কাৰণে উচ্চতৰ ৰিজাৰ্ভ ধন বৃদ্ধিক ধন যোগান বৃদ্ধিলৈ পৰিৱৰ্তন কৰিব পৰা নগ'ল। ১ জানুৱাৰী, ২০২১ত বেংকসমূহৰ ঋণ বৃদ্ধিত হ্ৰাস হৈ ই ৬.৭%পৰ্যন্ত আহি যায়। বেংকিং ক্ষেত্ৰত ক্ৰেডিট অফৰ কাৰণেও ২০২০-২১ব্যাপক স্তৰত শ্ল'ডাউনৰ সাক্ষী হৈ ৰ'ল।

 

সমীক্ষা অনুসৰি, ২০ জানুৱাৰী, ২০২১ত নিফটি ৫০ আৰু এছএণ্ডপি বিএছই ছেনছেক্সে অভিলেখ উচ্চতা আহৰণ কৰি ক্ৰমে ১৪,৬৪৪.৪ আৰু ৪৯,৭৯২.১২ত পায়গৈ।

 

******

RM/AA



(Release ID: 1693431) Visitor Counter : 261