কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

২০২১ বৰ্ষৰ বাবে শুকান নাৰিকলৰ ‘ন্যূনতম সমৰ্থন মূল্য’ নিৰ্দ্ধাৰণৰ প্ৰস্তাৱলৈ অনুমোদন জনালে কেবিনেটে

Posted On: 27 JAN 2021 2:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট সমিতিয়ে ২০২১ বৰ্ষৰ বাবে শুকান নাৰিকল(শুকান সাহ)ৰ ন্যূনতম সমৰ্থন মূল্য(এমএছপি) নিৰ্দ্ধাৰণৰ প্ৰস্তাৱলৈ অনুমোদন জনায়।

এই সিদ্ধান্তৰ আধাৰত উচিত গড় মান(ফেয়াৰ এভাৰেজ কোৱালিটী)ৰ শুকান নাৰিকলৰ গুড়িৰ প্ৰতি কুইণ্টলৰ এমএছপি ২০২০ৰ ৯৯৬০ টকা প্ৰতি কুইণ্টলৰ তুলনাত ৩৭৫টকা হাৰে বৃদ্ধি পাই ২০২১বৰ্ষত ১০,৩৩৫টকা প্ৰতি কুইণ্টল হবগৈ। আনহাতে, বল আকৃতিৰ শুকান নাৰিকলৰ প্ৰতি কুইণ্টলৰ এমএছপি ২০২০ৰ ১০,৩০০ টকা প্ৰতি কুইণ্টলৰ তুলনাত ৩০০টকা হাৰে বৃদ্ধি পাই ২০২১বৰ্ষত ১০,৬০০টকা প্ৰতি কুইণ্টল হবগৈ। প্ৰণিধান যোগ্য যে, ঘোষিত এমএছপি-য়ে সৰ্ব ভাৰতীয় গড় উতপাদন ব্যয়ৰ বিপৰীতে শুকান নাৰিকলৰ গুড়িৰ ক্ষেত্ৰত ৫১.৮৭ শতাংশ আৰু বল আকৃতিৰ শুকান নাৰিকলৰ ক্ষেত্ৰত ৫৫.৭৬শতাংশ হাৰত আয় নিশ্চিত কৰিব।

কৃষি ব্যয় আৰু মূল্য নিৰ্দ্ধাৰণ আয়োগ(চিএচিপি)ৰ পৰামৰ্শৰ আধাৰত এই অনুমোদন জনোৱা হৈছে।

উত্পাদন ব্যয়ৰ ডেৰ গুণ হিচাপত এমএছপি নিৰ্দ্ধাৰণ কৰাৰ বাবে চৰকাৰে ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেটত কৰা ঘোষণাৰ ভিত্তিতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

 

 

***************

DS/KB



(Release ID: 1692681) Visitor Counter : 175