প্ৰতিৰক্ষা মন্ত্ৰালয়

নিৰ্ভিক বীৰত্বৰ নিদৰ্শন দাঙি ধৰি আগবঢ়োৱা অমৰ অৱদানৰ বাবে ‘শৌৰ্য বঁটা’ প্ৰাপকসকলক সন্মানিত কৰাৰ উদ্দেশ্যে ন-কৈ যুগুতাই উলিওৱা ‘শৌৰ্য বঁটা প’ৰ্টেল’ উন্মোচন কৰিলে প্ৰতিৰক্ষা মন্ত্ৰীয়ে

Posted On: 25 JAN 2021 3:56PM by PIB Guwahati

ন-কৈ যুগুতাই উলিওৱা ‘শৌৰ্য বঁটা পৰ্টেল’ www.gallantryawards.gov.in টো ২০২১চনৰ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত আজি প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিক্ষে উন্মোচন কৰে। এই প’ৰ্টেল-য়ে দেশৰ শৌৰ্য বঁটা প্ৰাপকসকলৰ অনবদ্য অৱদানক সন্মানিত কৰাৰ ক্ষেত্ৰত একত্ৰ মঞ্চ হিচাপে ভূমিকা পালন কৰিব। প’ৰ্টেলটোত ৰাষ্ট্ৰীয় পৰ্য়ায়ৰ ‘কুইজ’ আৰু ‘ছল্ফি ফৰ ব্ৰেভহাৰ্ট’ শীৰ্ষক শিতানো মুকলি কৰা হৈছে।

স্বাধীনতাৰ সময়ৰে পৰা আমাৰ দেশৰ পুৰুষ-মহিলাসকলে সাহস আৰু উত্সৰ্গাৰ অনবদ্য নিদৰ্শন দাঙি ধৰি আহিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৃষ্টি সম্পন্ন নেতৃত্বত ভাৰত চৰকাৰে দেশৰ একতা আৰু সাৰ্বভৌমত্ব অক্ষুন্ন ৰখাৰ বাবে জীৱনৰ সৰ্বস্ব আগবঢ়োৱা বীৰ যোদ্ধাসকলক সন্মানিত কৰাটোক শীৰ্ষ প্ৰাথমিকতা প্ৰদান কৰিছে। নতুনকৈ সজাই পৰাই উলিওৱা ‘শৌৰ্য বঁটাৰ প’ৰ্টেল’টোৱেও চৰকাৰৰ এই অভিপ্ৰায়কে প্ৰতীয়মান কৰিছে।

অনুষ্ঠানত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীয়ে শৌৰ্য বঁটা বিজয়ীসকলে আগবঢ়োৱা অৱদানৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিস্তৃত ব্যাখ্যা কৰাৰ লগতে এইসকল বীৰে প্ৰদৰ্শন কৰাৰ বীৰত্বগাঁথাই কেৱল দেশৰ সুৰক্ষাকে নিশ্চিত কৰা নাই, বৰং অনাগত দিনৰ নৱ প্ৰজন্মক দেশ-মাতৃৰ বাবে উতৰ্গিত মনোভাৱেৰে সেৱা আগবঢ়োৱাৰ বাবে যুগে যুগে অনুপ্ৰেৰণাও যোগাই থাকিব বুলি অভিমত ব্যক্ত কৰে। তেওঁ দেশৰ যুৱ-শক্তিক অধিক অনুপ্ৰাণিত কৰিব পৰাকৈ অদূৰ ভৱিষ্যতে এই প’ৰ্টেলক কথোপকথন সম্ভৱ, অংশগ্ৰহণ সম্ভৱ আৰু গতিশীল মঞ্চ হিচাপে যুগুতাই উলিওৱাত গুৰুত্ব আৰোপ কৰে।

অনুষ্ঠানত প্ৰতিৰক্ষা সচিব ড০ অজয় কুমাৰে নতুনকৈ যুগুতাই উলিওৱা প’ৰ্টেলটো বীৰসকলৰ জীৱন, সহসিকতাৰ নিদৰ্শন আৰু অনবদ্য দেশপ্ৰেম সন্দৰ্ভত বিস্তৃত তথ্যৰে উন্নত পাঠ, গ্ৰাফিক্স আৰু অংশগ্ৰহণ কৰিব পৰা বিভিন্ন শিতানৰে সজাই পৰাই উলিওৱা হৈছে বুলি তথ্য দাঙি ধৰে।  

 

অনুষ্ঠানত প্ৰতিৰক্ষাবাহিনী  মুখ্য-প্ৰধান মেজৰ জেনেৰেল. বিপিন ৰাৱট, সেনা প্ৰধান মনোজ মুকুন্দ নৰৱান, নৌ সেনা প্ৰধান এডমিৰেল কৰমবীৰ সিং, বায়ু সেনা প্ৰধান চীফ মাৰ্শ্বাল আৰ কে এছ ভদৰীয়া আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিষয়া বৰ্গ উপস্থিত থাকে।

 

*****

ABB/Nampi/KA/Rajib/KB



(Release ID: 1692450) Visitor Counter : 142