মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়
দেশত ‘এভিয়ন ইনফ্লুৱেঞ্জা’ (বাৰ্ড ফ্লু)ৰ স্থিতি
Posted On:
20 JAN 2021 6:01PM by PIB Guwahati
২০ জানুৱাৰী ২০২১ পৰ্যন্ত দেশৰ ৬খন ৰাজ্য(কেৰালা, হাৰিয়াণা, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, চত্তিশগড় আৰু পাঞ্জাৱ)ত হাঁহ-কুকুৰাৰ ক্ষেত্ৰত আৰু আন ১০খন ৰা্জ্য(মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, চত্তিশগড়, হিমাচল প্ৰদেশ, গুজৰাট, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, দিল্লী, ৰাজস্থান আৰু পাঞ্জাৱ)ত কাউৰী, প্ৰব্ৰজনকাৰী পক্ষী তথা অন্য বনৰীয়া চৰাইৰ ক্ষেত্ৰত ‘এভিয়ন ইনফ্লুৱেঞ্জা’ৰ সংক্ৰমণ নিশ্চিত কৰা হৈছে।
পাঞ্জাৱৰ ডেৰা বাসী, এছএএছ নগৰৰ বিভিন্ন হাঁহ-কুকুৰা পামৰ পৰা সংগ্ৰহ কৰা নমুনাত ‘এভিয়ন ইনফ্লুৱেঞ্জা’ৰ সংক্ৰমণ নিশ্চিত কৰাৰ বিপৰীতে ৰাজ্যখনৰ এছএএছ নগৰ, পিঞ্জোৰ, পঞ্চকুলা আদিত কাউৰীৰ পৰা সংগৃহীত নমুনাত এই ৰোগৰ সংক্ৰমণ নিশ্চিত কৰা হৈছে।
মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, চত্তিশগড় আৰু হাৰিয়াণাৰ সংক্ৰমিত স্থানসমূহত ‘নিয়ন্ত্ৰণ আৰু আৱদ্ধকৰণ অভিযান’ বিশেষ তত্পৰতাৰে অব্যাহত ৰখা হৈছে।
দেশৰ সংক্ৰমণ প্ৰভাৱিত অঞ্চলসমূহৰ ৰেহ-ৰূপ নিৰীক্ষণ কৰাৰ বাবে গঠন কৰা কেন্দ্ৰীয় গোটে ইতিমধ্যে মহাৰাষ্ট্ৰৰ সাতাৰা, লাটুৰ, পৰ্ভনী আৰু বীড জিলাৰ সংক্ৰমজৰ্জৰ এলেকাসমূহ পৰিদৰ্শন কৰি মহামাৰীবিজ্ঞান সম্পৰ্কীয় অধ্যয়ণ সম্পাদন কৰিছে।
ইফালে, দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ‘এভিয়ন ইনফ্লুৱেঞ্জা’ ‘নিয়ন্ত্ৰণ আৰু আৱদ্ধকৰণ সংক্ৰান্তীয় সংশোধিত কৰ্ম-পৰিকল্পনা ২০২১’ৰ আধাৰত অব্যাহত ৰখা নিয়ন্ত্ৰণ সম্পৰ্কীয় বিভিন্ন পদক্ষেপ সন্দৰ্ভত বিস্তৃত তথ্য বিভাগটোলৈ প্ৰেৰণ কৰি আছে।
আনহাতে ‘এভিয়ন ইনফ্লুৱেঞ্জা’ সন্দৰ্ভত যাৱতীয় তথ্যৰে ‘টুইটাৰ’, ‘ফে’চবুক’ আদিৰ দৰে ‘ছ’চিয়েল মিডিয়া প্লেটফৰ্ম’কে ধৰি অন্যান্য মাধ্যমসমূহৰ জৰিয়তে ব্যাপক সজাগতা অভিযান চলোৱাৰ বাবেও বিভাগটোৱে বিশেষ ততপৰতা গ্ৰহণ কৰিছে। ইফালে, ‘এভিয়ন ইনফ্লুৱেঞ্জা’ৰ সন্দেহত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভুপালস্থিত ‘এনআইএইচএছএডি’-লৈ প্ৰেৰণ কৰা নমুনাসমূহ সৰবৰাহ কৰাৰ বাবে বিমান পৰিবহণ সংস্থাসমূহক অনুমোদন জনোৱাৰ বাবে পৰামৰ্শ দান কৰিবলৈ ‘ডিজিচিএ’-ক পৰামৰ্শ দিয়াৰ বাবে বিভাগৰ হৈ ‘অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে’ অনুৰোধ জনাইছে।
***
APS/MG/KB
(Release ID: 1690736)
Visitor Counter : 68