তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

আমাৰ চলচ্চিত্ৰ দ্য ব্ৰীজে অসমৰ গ্ৰামাঞ্চলত প্ৰতি বছৰে বান সৃষ্ট কষ্টকৰ পৰিবেশৰ মাজৰ জীৱনক প্ৰতিফলিত কৰিছেঃ স্বতন্ত্ৰ চলচ্চিত্ৰ-নিৰ্মাতা কৃপাল কলিতা

“এটা বিশেষ শ্বটৰ বাবে, ক্ৰিউজনে সাত ঘন্টা ধৰি বান-পানীত নিমজ্জিত হৈ থাকিবলগীয়া হৈছিল”

মই তেওঁৰ চিন্তাৰে অতিশয় অনুপ্ৰাণিত হৈছো, মোৰ চলচ্চিত্ৰৰ লক্ষ্য হৈছে আহি থকা প্ৰজন্মসমূহৰ বাবে তেওঁৰ দৃষ্টিক আগুৱাই নিয়াঃ বিশ্বপ ফিলিপ’জ মাৰ ক্ৰিচোষ্টমৰ ওপৰত তথ্যচিত্ৰ সন্দৰ্ভত পৰিচালক ব্লেছী ইপে থমাছ

Posted On: 19 JAN 2021 4:05PM by PIB Guwahati

কৃপাল কলিতাৰ অসমীয়া ভাষাৰ চলচ্চিত্ৰ ‘দ্য ব্ৰীজ’ এ প্ৰতিবছৰে অসমৰ গাঁওসমূহত বানে সৃষ্টি কৰা বিধ্বংসতা আৰু কষ্টকৰ পৰিবেশৰ দৃশ্য দাঙি ধৰিছে।এই সমস্যাৰ বাবে কোনো সমাধান নাই। অসমৰ গ্ৰামাঞ্চলৰপৰা অহা কৃষকৰ পুত্ৰ হিচাপে মই ইয়াৰ মুখামুখি হৈছো”, গোৱাত অনুষ্ঠিত ৫১ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোসৱ (IFFI)ৰ আইএফএফআই ৫১ সংখ্যক ইণ্ডিয়ান পেনোৰমা ফিছাৰ ফিল্ম সন্দৰ্ভত আজি এখনি সংবাদমেল সম্বোধন কৰি কলিতাই কয়। ৰাষ্ট্ৰীয় বঁটা-বিজয়ী চলচ্চিত্ৰ পৰিচালক আৰু কাহিনী-লেখক ব্লেছী ইপে থমাছো এই সংবাদমেলত উপস্থিত থাকি তেওঁৰ ২০১৯ৰ তথ্যচিত্ৰ ১০০ ইয়েৰছ অৱ ক্ৰিচোষ্টম- এ বাঅগ্ৰাফিকেল ফিল্ম সন্দৰ্ভত ব্যক্ত কৰে, যিখনি আইএফএফআই ৫১ ৰ ইণ্ডিয়ান পেনোৰমা নন ফিছাৰ ফিল্ম শিতানত প্ৰদৰ্শন কৰা হৈছে।

প্ৰতি বছৰে, মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে বহু গাঁৱত বানপানীৰ সৃষ্টি কৰে আৰু কৃষি-পথাৰ বিনাশ কৰে। কলিতাই কয় যে চলচ্চিত্ৰখনৰ প্ৰধান চৰিত্ৰ জোনাকীয়ে বানসৃষ্ট অসাধাৰণ প্ৰত্যাহ্বানৰ মাজত জীৱন কটাবলগীয়া হয়। নৈখনৰ ওপৰত সেতু এখন নথকাৰ বাবে তাইৰ দুৰ্দশা অধিক হৈ পৰে। কিন্তু, শেষলৈ, তাই সক্ষম হয়, “জীৱনক অৱশ্যেই আগুৱাই নিয়াৰ বোধ জন্মে।

থিয়েটাৰৰৰপৰা আহি স্বতন্ত্ৰ চলচ্চিত্ৰ-নিৰ্মাতা হোৱা কলিতাই চলচ্চিত্ৰখনিৰ বাবে ক্ৰিউ আৰু অভিনয়ত গৰিষ্ঠখিনি নতুনচামক লৈছে। “’জোনাকীৰ চৰিত্ৰত অভিনয় কৰা শিৱা ৰাণী কলিতাক ৩০০ কলেজৰ-অভিনেত্ৰী আৰু থিয়েটাৰ অভিনেত্ৰীৰ মাজৰপৰা স্ক্ৰীণ-টেষ্টিঙৰ পাছত বাছনি কৰা যায়। সীমিত সমলেৰে নিৰ্মাণ কৰা চলচ্চিত্ৰখনিৰ উজনি অসমৰ বাস্তৱ বান পৰিস্থিতিত দৃশ্যগ্ৰহণ কৰা হৈছিল। এটা বিশেষ শ্বটৰ বাবে, ক্ৰিউজনে সাত ঘন্টা ধৰি বান-পানীত নিমজ্জিত হৈ থাকিবলগীয়া হৈছিল। আনকি বান পানীৰে জনসাধাৰণৰ সংগ্ৰামৰ বাস্তৱ দৃশ্যসমূহো চলচ্চিত্ৰখনিত ব্যৱহাৰ কৰা হৈছে।

চলচ্চিত্ৰ বিতৰণত তেওঁ মুখামুখি হৈ অহা প্ৰত্যাহ্বানৰাজি সন্দৰ্ভত বক্তব্য প্ৰদান কৰি, কলিতাই কয়ঃ’ভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত লকডাউনৰ বাবে বহু থিয়েটাৰ বন্ধ হৈ পৰিছিল।

সংবাদ মাধ্যমৰ এটা প্ৰশ্নৰ উত্তৰত, তেওঁ ১৩ শ শতিকাত থাইলেণ্ডৰপৰা অসমলৈ আহি ৰাজত্ব কৰা আহোম ৰজা চাওলুং চুকাফাৰ ওপৰত এখনি বিগ-বাজেটৰ চলচ্চিত্ৰ নিৰ্মাণৰ ইচ্ছাৰ কথা ব্যক্ত কৰে, তেওঁ এই ৰজাজনেও ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰদ্বাৰা সৃষ্ট বানৰ বাবে সমস্যাৰ মুখামুখি হৈছিল বুলি উল্লেখ কৰে।

তেওঁৰ ৰাজ্যই মুখামুখি হৈ অহা সমস্যাৰাজি সন্দৰ্ভত ব্যক্ত কৰি, তেওঁ কয়, উত্তম কৰ্মসংস্থাপনৰ সন্ধানত স্থানীয় লোকসকলৰ প্ৰব্ৰজনে অসমৰ অৰ্থনৈতিক উন্নয়নত ব্যাঘাত জন্মাইছে।

ব্লেছী ইপে থমাছৰ ২০১৯ৰ তথ্যচিত্ৰ ১০০ ইয়েৰছ অৱ ক্ৰিচোষ্টম- এ বাঅগ্ৰাফিকেল ফিল্ম এ ১০৩-বছৰীয়া বিশ্বপ ফিলিপজ মাৰ ক্ৰিচোষ্টম মাৰ থমা ভালিয়া মেট্ৰপলিটানৰ চিন্তা আৰু অনুভূতিক ধৰি ৰাখিছে। তেওঁ হৈছে এছিয়াৰ এটা খ্ৰীষ্টান গীৰ্জাত সকলোতকৈ অধিক সময় ধৰি দায়িত্ব পালন কৰা আৰু খ্ৰীষ্টান ধৰ্মৰ ইতিহাসত সকলোতকৈ অধিক সময় ধৰি দায়িত্ব পালন কৰাসকলৰ মাজৰ এজন অন্যতম যাজক। ২০০৭ ত তেওঁ মাৰ থমা ভালিয়া মেট্ৰপলিটান হৈ উঠে আৰু ২০১৮ ত পদ্ম ভূষণ লাভ কৰে। তেওঁৰ জীৱন হৈছে প্ৰথম বিশ্ব যুদ্ধৰ অন্তিম বছৰৰপৰা আৰম্ভ কৰি যোৱা শতিকাটোৰ ভাৰতৰ ৰাজনৈতিক আৰু সামাজিক বুৰঞ্জীৰ জীৱন্ত দলিল।মই তেওঁৰ চিন্তাৰে অতিশয় অনুপ্ৰাণিত হৈছো”, পৰিচালকজনে ব্যক্ত কৰে আৰু লগতে কয়, “এই তথ্যচিত্ৰৰ লক্ষ্য হৈছে আহি থকা প্ৰজন্মসমূহৰ বাবে তেওঁৰ দৃষ্টিক আগুৱাই নিয়া

শ্ৰী থমাছৰ তথ্যচিত্ৰখনিৰ সম্পূৰ্ণ সংস্কৰণৰ দৈৰ্ঘ্য হৈছে ৪৮ ঘন্টা আৰু ১০ মিনিট যিয়ে ২০১৯ বৰ্ষত ‘সকলোতকৈ অধিক দৈৰ্ঘ্যৰ ফিল্ম ডুকুমেন্টৰী’ৰ বাবে গ্ৰীনিজ ৰেকৰ্ড গঢ়ে। ৫ বছৰৰো অধিক সময় ধৰি চলচ্চিত্ৰখনৰ চিত্ৰগ্ৰহণ কৰা হৈছিল।

***

DJM/SC IFFI- 21/SB



(Release ID: 1690205) Visitor Counter : 168