বিত্ত মন্ত্ৰালয়

জিএছটিৰ ক্ষতিপূৰণত হোৱা নাটনি পূৰণ কৰিবলৈ বেক টু বেক লোণ হিচাপে ৰাজ্যসমূহক ৬,০০০ কোটি টকাৰ ১১তম কিস্তি জাৰি কৰা হৈছে

আইনী ব্যৱস্থাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশক এতিয়ালৈকে মুঠ ৬৬,০০০ কোটি টকাৰ ধনৰাশি জাৰি কৰা হৈছে

এই ধনৰাশি ৰাজ্যক দিয়া ১,০৬,৮৩০ কোটি টকাৰ অতিৰিক্ত আধাৰৰ অনুমতিৰ ওপৰঞ্চি

Posted On: 11 JAN 2021 5:04PM by PIB Guwahati

বিত্ত মন্ত্ৰালয়ে জিএছটিৰ ক্ষতিপূৰণত হোৱা নাটনি পূৰণ কৰিবলৈ ৰাজ্যসমূহক ৬০০০ কোটি টকাৰ ১১তম সাপ্তাহিক কিস্তি জাৰি কৰিছে। ইয়াৰে মুঠ ৫,৫১৬.৬০ কোটি টকাৰ ধনৰাশি ২৩খন ৰাজ্যলৈ জাৰি কৰা হৈছে আৰু ৪৮৩.৪০ কোটি টকাৰ ধনৰাশি বিধানসভাযুক্ত ৩খন কেন্দ্ৰীয় শাসিত প্ৰদেশ (দিল্লী, জম্মু আৰু কাশ্মীৰ আৰু পুডুচেৰী), যি জিএছটি কাউঞ্চিলৰ সদস্য,ক জাৰি কৰা হৈছে। অন্তিম ৫খন ৰাজ্য-অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, নগালেণ্ড আৰু ছিক্কিমত জিএছটি প্ৰযোজ্য হোৱা বাবে ৰাজহত কোনো নাটনি নাই। এতিয়ালৈকে জিএছটি ক্ষতিপূৰণত আনুমানিক নাটনিৰ ৬০ শতাংশ ৰাজ্য আৰু বিধানসভাযুক্ত কেন্দ্ৰীয় শাসিত প্ৰদেশক জাৰি কৰা হৈছে। ইয়াৰে ৬০,০৬৬.৩৬ কোটি টকাৰ ধনৰাশি ৰাজ্যসমূহক জাৰি কৰা হৈছে আৰু ৫,৯৩৩.৬৪ কোটি টকাৰ ধনৰাশি বিধানসভাযুক্ত ৩খন কেন্দ্ৰীয় শাসিত প্ৰদেশক জাৰি কৰা হৈছে।

ভাৰত চৰকাৰে জিএছটি প্ৰযোজ্য হোৱা বাবে ৰাজহত সৃষ্টি হোৱা ১.১০ লাখ কোটি টকাৰ আনুমানিক নাটনি পূৰণ কৰিবলৈ অক্টোবৰ, ২০২০ত এক বিশেষ ঋণ খিৰিকীৰ ব্যৱস্থা কৰিছিল। ভাৰত চৰকাৰৰ দ্বাৰা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ফালৰ পৰা এই খিৰিকীৰ জৰিয়তে ঋণ লৈ থকা হৈছে। এই ঋণৰ ব্যৱস্থা ৮

১১টা পৰ্যায়ত কৰা হৈছে। বৰ্তমানলৈকে ঋণ লোৱা ধনৰাশি ক্ৰমেঃ ২৩ অক্টোবৰ, ২০২০, ২ নবেম্বৰ, ২০২০, ৯ নবেম্বৰ, ২০২০, ২৩ নবেম্বৰ, ২০২০, ১ ডিচেম্বৰ, ২০২০, ৭ ডিচেম্বৰ, ২০২০, ১৪ ডিচেম্বৰ, ২০২০ আৰু ২১ ডিচেম্বৰ, ২০২০; ২৮ ডিচেম্বৰ, ২০২০; ০৪ জানুৱাৰী, ২০২১ আৰু ১১ জানুৱাৰী, ২০২১ত ৰাজ্যসমূহক জাৰি কৰা হৈছে।

 

এই সপ্তাহত জাৰি কৰা ধনৰাশি, ৰাজ্যসমূহক প্ৰদান কৰা এনেকুৱা নিধিৰ ১১তম কিস্তি আছিল। এই সপ্তাহত এই ধনৰাশি ৫.১০৫৭ শতাংশৰ সুতৰ হাৰত ঋণ লোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা এতিয়ালৈকে ৪.৭২৭১ শতাংশৰ গড় সুতৰ হাৰত বিশেষ ঋণ খিৰিকীৰ জৰিয়তে মুঠ ৬৬,০০০ কোটি টকাৰ ধনৰাশি ঋণ লোৱা হৈছে।

জিএছটি প্ৰযোজ্য হোৱাৰ বাবে ৰাজহত হোৱা নাটনি পূৰণ কৰিবলৈ বিশেষ ঋণ খিৰিকীৰ জৰিয়তে ধন প্ৰদান কৰাৰ উপৰিও, ভাৰত চৰকাৰে জিএছটিৰ ক্ষতিপূৰণত হোৱা নাটনি পূৰণ কৰিবলৈ বিকল্প-১ৰ বাছনি কৰা ৰাজ্যক অতিৰিক্ত বিত্তীয় সম্পদ আহৰণত সহায় কৰাৰ উদ্দেশ্যে ৰাজ্য সামূহিক ঘৰুৱা উৎপাদন (জিএছডিপি)ৰ ০.৫০ শতাংশৰ সমান ধনৰাশি অতিৰিক্ত ঋণ লোৱাৰ অনুমতিও দিছে। সকলো ৰাজ্যই বিকল্প-১ৰ প্ৰতি নিজৰ প্ৰাথমিকতা প্ৰতিপন্ন কৰিছে। এই ব্যৱস্থাৰ জৰিয়তে ২৮খন ৰাজ্যক ১,০৬,৮৩০ কোটি টকা (জিএছডিপিৰ ০.৫০%)ৰ সম্পূৰ্ণ অতিৰিক্ত ধনৰাশি ঋণ লোৱাৰ অনুমতি দিয়া হৈছে।

এতিয়ালৈকে ২৮খন ৰাজ্যক দিয়া অতিৰিক্ত ঋণৰ অনুমতিৰ ধনৰাশি আৰু বিশেষ খিৰিকীৰ জৰিয়তে আহৰণ কৰা ধনৰাশি আৰু ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশৰ বাবে জাৰি কৰা ধনৰাশিৰ বিৱৰণ দিয়া হৈছে।

ৰাজ্যভিত্তিক জিএছডিপিৰ ০.৫০%ৰ সমান অতিৰিক্ত ঋণৰ অনুমতি আৰু বিশেষ খিৰিকীৰ জৰিয়তে আহৰণ কৰা নিধিৰ জৰিয়তে ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশক ১১-০১-২০২১লৈকে হস্তান্তৰ কৰা ধনৰাশি (কোটি টকাত)

ক্ৰঃ সঃ

 

ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ নাম

 

ৰাজ্যসমূহক ০.৫০%ৰ অতিৰিক্ত ঋণৰ অনুমতি

ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশক হস্তান্তৰিত বিশেষ খিৰিকীৰ জৰিয়তে আহৰণ কৰা ধনৰাশি

 

 

 

 

 

 

 

 

 

১০

 

১১

 

১২

 

১৩

 

১৪

 

১৫

 

১৬

 

১৭

 

১৮

 

১৯

 

২০

 

২১

 

২২

 

২৩

 

২৪

 

২৫

 

২৬

 

২৭

 

২৮

অন্ধ্ৰপ্ৰদেশ

 

অৰুণাচল প্ৰদেশ*

 

অসম

 

বিহাৰ

 

ছত্তিশগড়

 

গোৱা

 

গুজৰাট

 

হাৰিয়ানা

 

হিমাচল প্ৰদেশ

 

ঝাৰখণ্ড

 

কৰ্ণাটক

 

কেৰালা

 

মধ্যপ্ৰদেশ

 

মহাৰাষ্ট্ৰ

 

মণিপুৰ*

 

মেঘালয়

 

মিজোৰাম*

 

নগালেণ্ড*

 

উৰিষ্যা

 

পঞ্জাৱ

 

ৰাজস্থান

 

ছিক্কিম*

 

তামিলনাডু

 

তেলেংগানা

 

ত্ৰিপুৰা

 

উত্তৰ প্ৰদেশ

 

উত্তৰাখণ্ড

 

পশ্চিমবংগ

৫০৫১

 

১৪৩

 

১৮৬৯

 

৩২৩১

 

১৭৯২

 

৪৪৬

 

৮৭০৪

 

৪২৯৩

 

৮৭৭

 

১৭৬৫

 

৯০১৮

 

৪,৫২২

 

৪৭৪৬

 

১৫৩৯৪

 

১৫১

 

১৯৪

 

১৩২

 

১৫৭

 

২৮৫৮

 

৩০৩৩

 

৫৪৬২

 

১৫৬

 

৯৬২৭

 

৫০১৭

 

২৯৭

 

৯৭০৩

 

১৪০৫

 

৬৭৮৭

১৫৫৯.০৭

 

০.০০

 

৬৭০.৮৪

 

২৬৩৪.১৪

 

১০১৫.৫৬

 

৫৬৬.৫৮

 

৬২২১.২২

 

২৯৩৫.৯৮

 

১১৫৮.৩৫

 

৫৫১.৭০

 

৮৩৭০.১৫

 

২২১১.৭২

 

৩০৬৪.১৯

 

৮০৮০.৩৫

 

০.০০

 

৭৫.৪৯

 

০.০০

 

০.০০

 

২৫৭৮.৪৫

 

৩২০৬.২৮

 

২৪১১.০২

 

০.০০

 

৪২১০.৫৮

 

১০৭৭.৩০

 

১৫২.৭০

 

৪০৫২.৪৫

 

১৫৬২.৬৪

 

১৬৯৯.৬০

 

 

 

মুঠ (অ):

১০৬৮৩০

৬০০৬৬.৩৬

দিল্লী

প্ৰযোজ্য নহয়

 

 

৩৯৫৬.৬৩

জম্মু আৰু কাশ্মীৰ

প্ৰযোজ্য নহয়

১৫৩২.৬৭

পুডুচেৰী

প্ৰযোজ্য নহয়

৪৪.৩৪

 

মুঠ (ব) :

প্ৰযোজ্য নহয়

৫৯৩৩.৬৪

 

 

 

মুঠ যোগ

(অ+ব)

১০৬৮৩০

৬৬০০০.০০

*এই ৰাজ্যসমূহৰ জিএছটি ক্ষতিপূৰণ ব্যৱধান 'নিল'

******

RM/KMN



(Release ID: 1687783) Visitor Counter : 139