মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়

দেশত এভিয়ান ইনফ্লুৱেঞ্জাৰ স্থিতি

Posted On: 10 JAN 2021 4:03PM by PIB Guwahati

হাৰিয়ানাৰ পঞ্চকুলা জিলাৰ দুখন কুকুৰা ফাৰ্মৰ পৰা সংগ্ৰহ কৰা নমুনাত এভিয়ান ইনফ্লুৱেঞ্জাৰ উপস্থিতি নিশ্চিত হোৱাৰ পাছত ৰাজ্য চৰকাৰে ৯টাকৈ ৰেপিড ৰেচপন্স টীম নিয়োগ কৰাৰ লগতে দুয়োটা কেন্দ্ৰতে আৰম্ভ হৈছে ৰোগ নিয়ন্ত্ৰণ আৰু সংক্ৰমণ সীমিত ৰখাৰ প্ৰক্ৰিয়া। গুজৰাটৰ ছুৰাট আৰু ৰাজস্থানৰ ছিৰোহী জিলাত কাউৰী আৰু বন্য পক্ষীৰ নমুনাত এভিয়ান ইনফ্লুৱেঞ্জা (এইচ৫)ৰ উপস্থিতি নিশ্চিত হৈছে। ইয়াৰউপৰি হিমাচল প্রদেশৰ কাংড়া জিলাৰ পৰাও ৮৬ টা কাউৰী আৰু ২ টা বগলীৰ অস্বাভাৱিক মৃত্যুৰ খবৰ পোৱা গৈছে। হিমাচল প্রদেশৰ নাহান,বিলাসপুৰ আৰু মান্ডিৰ পৰাও বন্য আৰু পৰিভ্ৰমী পক্ষীৰ অস্বাভাৱিক মৃত্যুৰ পোৱা গৈছে আৰু উক্ত নমুনাসমূহ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

বিভাগৰ ফালৰ পৰা এই সংক্রমণ যাতে আৰু অধিক বিয়পি নপৰে তাৰ বাবে ক্ষতিগ্রস্ত ৰাজ্যসমূহলৈ নির্দেশনা জাৰি কৰা হৈছে। এতিয়ালৈকে কেৰালা,ৰাজস্থান,মধ্য প্রদেশ,হিমাচল প্রদেশ,হাৰিয়ানা,গুজৰাট আৰু উত্তৰ প্রদেশত সংক্রমণ নিশ্চিত হৈছে।

দিল্লী আৰু মহাৰাষ্ট্রৰ পৰাও নমুনা সংগ্রহ কৰি বিশেষ পৰীক্ষাগাৰলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইয়াৰ পূৰ্বে ছত্তীশগড়ৰ বালদ জিলাৰ পৰা নমুনা সংগ্রহ কৰি পৰীক্ষা কৰা হৈছিল যদিও সংক্রমণ ধৰা পৰা নাছিল।

কেৰালাৰ দুখন জিলাত সংক্রমণ নিয়ন্ত্রণ আৰু সীমিতকৰণৰ প্রক্রিয়া শেষ হৈছে। কেৰালাত নিয়ন্ত্রণৰ কাম সমাপ্ত হোৱাৰ পৰৱর্তী নিৰীক্ষণ কাৰ্যসূচীৰ পৰামৰ্শৱলী জাৰি কৰা হৈছে।

দেশৰ ক্ষতিগ্রস্ত অঞ্চলসমূহৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ কেন্দ্রীয় দল গঠন কৰা হৈছে। এই দলসমূহে ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব। ৯ জানুৱাৰী,২০২১ত কেন্দ্রীয় দল এটা কেৰালাত উপস্থিত হৈছে। দলৰ সদস্যসকলে সংক্রমণৰ কেন্দ্রস্থলসমূহ নিৰীক্ষণ কৰিছে। আন এটি কেন্দ্রীয় দল আজি ১০ জানুৱাৰী,২০২১ত হিমাচল প্রদেশত উপস্থিত হৈ সংক্রমিত অঞ্চলত নিৰীক্ষণৰ কাম আৰম্ভ কৰিছে।

এভিয়ান ইনফ্লুৱেঞ্জাৰ বিষয়ে সাধাৰণ মানুহক সজাগ কৰিবলৈ আৰু অহেতুক গুজৱ নিবিয়াপবলৈ ৰাজ্যসমূহক নির্দেশ দিয়া হৈছে। জলাশয়,পক্ষীৰ বজাৰ,চিৰিয়াখানা,কুকুৰা ফাৰ্ম ইত্যাদিত নিৰীক্ষণ কৰিবলৈ সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক অনুৰোধ জনোৱা হৈছে । কুকুৰা ফাৰ্মসমূহত মৃত পক্ষীসমূহৰ সঠিকভাৱে ব্যৱস্থা কৰা আৰু জৈৱ সুৰক্ষা নিশ্চিত কৰিবলৈ পৰামর্শ দিয়া হৈছে।

 

   

 *******************************************************

APS/MG/KG



(Release ID: 1687555) Visitor Counter : 86