প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীৰে ফৰাচী ৰাষ্ট্ৰপতিৰ কূটনৈতিক পৰামৰ্শদাতা মিঃ এম্মানুৱেল ব'নৰ বাৰ্তালাপ

Posted On: 08 JAN 2021 6:55PM by PIB Guwahati

 ফৰাচী ৰাষ্ট্ৰপতি এইচ ই এম্মানুৱেল মেক্ৰনৰ কূটনৈতিক পৰামৰ্শদাতা মিঃ এম্মানুৱেল ব'নে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰে বাৰ্তালাপ কৰে।

 

সন্ত্ৰাসবাদ-বিৰোধী, চাইবাৰ-ছিকিউৰিটী, প্ৰতিৰক্ষা আৰু ৰণনীতিগত সহযোগিতা ইত্যাদিকে ধৰি প্ৰধান দিশসমূহৰ ওপৰত দুয়োখন দেশে গঢ়ি তোলা ভাৰত-ফ্ৰাঞ্চৰ ৰণনীতিগত বন্ধুত্বত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সন্তুষ্টি প্ৰকাশ কৰে।

 

সাগৰীয় আৰু বহুমাত্ৰিক সহযোগিতাকে ধৰি বিভিন্ন আঞ্চলিক আৰু বৈশ্বিক বিষয়ৰ ওপৰত ভাৰত-ফ্ৰাঞ্চৰ সহযোগিতা সন্দৰ্ভতো মিঃ ব'নে প্ৰধানমন্ত্ৰীৰে ভাব বিণিময় কৰে।

 

শেহতীয়াকৈ ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে হোৱা ভাব বিণিময়ৰ কথাও প্ৰধানমন্ত্ৰীয়ে আনন্দেৰে স্মৰণ কৰে, আৰু তেওঁৰ সুস্বাস্থ্যৰ বাবে শুভ কামনা জ্ঞাপন কৰে। তেওঁ লগতে পৰিস্থিতি অনুকূল হ'লেই যিমান সম্ভৱ সোনকালে ৰাষ্ট্ৰপতি মেক্ৰনলৈ ভাৰত ভ্ৰমণৰ বাবে নিমন্ত্ৰণ আগবঢ়ায়।

 

৭ জানুৱাৰী, ২০২১ত অনুষ্ঠিত ভাৰত-ফ্ৰাঞ্চ ৰণনীতিগত আলোচনাৰ বাবে মিঃ এম্মানুৱেল ব'ন ভাৰত ভ্ৰমণত আছে।                                                                                                           

 

******

 

DS/SH



(Release ID: 1687273) Visitor Counter : 85