প্ৰতিৰক্ষা মন্ত্ৰালয়
চৰকাৰে আমাৰ জোৱানসকলৰ বাবে উত্তম অস্ত্ৰ আৰু সুৰক্ষামূলক কবচ সুনিশ্চিত কৰিবঃ ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীপদ য়েছো নায়ক
प्रविष्टि तिथि:
06 JAN 2021 6:48PM by PIB Guwahati
ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীপদ য়েছো নায়কে ৬ জানুৱাৰী, ২০২১ত দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত স্থল সেনাৰ মুৰব্বী জেনেৰেল এম এম নাৰাৱানেক ১লাখ বুলেট ব্ৰুফ জেকেট প্ৰদান কৰে৷
এই উপলক্ষে আগবঢ়োৱা ভাষণত ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে শত্ৰুৰ বিৰুদ্ধে যুঁজ দিয়া আমাৰ জোৱানসকলৰ মূল্যবান জীৱন ৰক্ষাৰ প্ৰতিশ্ৰুতিৰ প্ৰতি দায়বদ্ধ৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে আমাৰ জোৱানসকলৰ সুৰক্ষাৰ বিষয়টো সৰ্বাধিক গুৰুত্ব দি আহিছে৷ মন্ত্ৰী নায়কে লগতে আশ্বাস দিয়ে যে চৰকাৰে আমাৰ জোৱানসকলৰ বাবে উত্তম অস্ত্ৰ আৰু সুৰক্ষামূলক কবচ সুনিশ্চিত কৰাৰ বিষয়টো সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰিব৷ তেওঁ বুলেট প্ৰুফ জেকেট প্ৰস্তুত কৰা মেছাৰ্ছ এছএমপিপি প্ৰাইভেট লিমিটেডক নিৰ্ধাৰিত সময়ৰ চাৰিমাহ পূৰ্বেই প্ৰথম ১লাখ জেকেট প্ৰদান কৰাৰ বাবে প্ৰশংসা কৰে৷ মন্ত্ৰীগৰাকীয়ে কয় যে বিজেপিয়ে মেক ইন ইণ্ডিয়াৰ অধীনত থলুৱা সামগ্ৰী যোগান ধৰিছে আৰু এই কোম্পানীটোত উৎপাদিত সামগ্ৰী বিশ্বৰ বিভিন্ন স্থানলৈ ৰপ্তানি কৰি চৰকাৰৰ আত্মনিৰ্ভৰ প্ৰচেষ্টাক উদ্গনি যোগাই ভাৰতক এখন প্ৰতিৰক্ষা সঁজুলি উৎপাদনৰ কেন্দ্ৰস্থলত পৰিণত কৰিছে৷
তেওঁ কয় যে আমাৰ জোৱানসকলে এই জেকেট পৰিধান কৰি প্ৰশংসা কৰিছে৷ অনুষ্ঠানত প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ সচিব ৰাজ কুমাৰ, পদাতিক সৈন্যবাহিনীৰ ডিজি লেফটেনেণ্ট জেনেৰেল এ কে সামন্থ, ডিজিকিউএৰ ডিজি লেফটেনেণ্ট জেনেৰেল আৰ কে মালহোত্ৰা আৰু চিডিৰ ডিজি লেফটেনেণ্ট জেনেৰেল এইচএছ কাহলন উপস্থিত থাকে৷
*****
ABB/Nampi/KA/Rajib/DB
(रिलीज़ आईडी: 1686728)
आगंतुक पटल : 291