সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়

বৰ্ষান্ত ২০২০- সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়

২০২০ বৰ্ষটোত সংকটক সুযোগলৈ ৰূপান্তৰিত কৰিলে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে

Posted On: 31 DEC 2020 4:59PM by PIB Guwahati

হুনৰ হাট

’ৰোনা সৃষ্ট প্ৰত্যাহ্বানসমূহক সুযোগলৈ ৰূপান্তৰিত কৰি, ২০২০ বৰ্ষটোত শিল্পী আৰু কাৰিকৰসকলক বজাৰ আৰু সুযোগসমূহ আগবঢ়োৱাৰ নিৰ্ভৰযোগ্য ব্ৰেণ্ড “হুনৰ হাট”ক সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে অনলাইন মাধ্যমলৈ আনে। শিল্পী আৰু কাৰিকৰসকলে প্ৰস্তুত কৰা পণ্যৰাজি http://hunarhaat.org ত উপলব্ধ। ইয়াৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণে “হুনৰ হাট”ৰ পণ্যসমূহ ডিজিটেল আৰু অনলাইন মাধ্যমেৰেও ক্ৰয় কৰিবলৈ সক্ষম হয়। ২০২০ ৰ ১১ ৰপৰা ২০ নৱেম্বৰলৈ দিল্লীৰ পিতামপুৰত অনুষ্ঠিত কৰা “হুনৰ হাট”ত এই অনলাইন প্লেটফৰ্মৰ শুভাৰম্ভ কৰা হয়।

২০২০ বৰ্যটোত মন্ত্ৰালয়টোৱে “আত্মনিৰ্ভৰ ভাৰত” আৰু “ভকেল ফৰ লোকেল” বিষয়বস্তুৰে “হুনৰ হাট”ৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। মন্ত্ৰালয়টোৰ এই সিদ্ধান্তৰ আশাপ্ৰদ সঁহাৰি লাভ কৰা যায়।

’ৰোনা মহামাৰীৰ বাবে প্ৰায় ৯ মাহ বিৰতিৰ পাছত দিল্লীৰ পিতামপুৰত “হুনৰ হাট” পুনৰ আৰম্ভ কৰা হয়। পিতামপুৰত পুনৰ আৰম্ভ হোৱা “হুনৰ হাট” হয় ২২ সংখ্যক “হুনৰ হাট”। ইয়াৰ পাছতেই ২৩ সংখ্যক “হুনৰ হাট” ২০২০ ৰ ১৮ ৰপৰা ২৭ ডিচেম্বৰলৈ উত্তৰ প্ৰদেশৰ ৰামপুৰৰ নোমাইছ গ্ৰাউণ্ডত অনুষ্ঠিত কৰা হয়। এই “হুনৰ হাট” শিল্পী আৰু কাৰিকৰসকলৰ অৰ্থে অতিশয় লাভজনক আৰু উসাহজনক হৈ উঠে। ইয়ালৈ ৰামপুৰ আৰু সমীপৱৰ্তী জিলাসমূহৰপৰা প্ৰায় ১৬ লাখ লোকৰ আগমণ ঘটে আৰু শিল্পীসকলৰ থলুৱা হস্তনিৰ্মিত পণ্যসমূহ ব্যাপকভাৱে ক্ৰয় কৰে।

সমগ্ৰ হজ প্ৰক্ৰিয়াটোক ১০০% ডিজিটেল কৰি তোলা প্ৰথমখন দেশ হিচাপে পৰিগণিত ভাৰত

’ৰোনা মহামাৰীৰ বাবে, ২০২০ ত হজৰ ব্যৱস্থা কৰা নহয়। মহামাৰীটোৰ পৰিপ্ৰেক্ষিতত, ২০২১ ৰ বাবে সমগ্ৰ হজ যাত্ৰাত লক্ষ্যণীয় পৰিৱৰ্তন সাধন কৰা হৈছে। এই পৰিৱৰ্তনে ভাৰত আৰু ছৌদি আৰৱ উভয়তে যাত্ৰীসকলৰ আশ্ৰয়, থকাৰ সময়, পৰিবহণ, স্বাস্থ্য আৰু আন সা-সুবিধাসমূহক সামৰি লৈছে। আগন্তুক হজ সন্দৰ্ভত আলোচনাৰ অৰ্থে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী মুখটাৰ অব্বাছ নকভীয়ে ২০২০ ৰ ১০ ডিচেম্বৰত মুম্বাইত ভাৰতৰ হজ কমিটিসমূহৰ সৈতে এখনি বৈঠকত মিলিত হয়। এই বৈঠকতে কেন্দ্ৰীয় মন্ত্ৰীজনে ২০২১ ৰ হজৰ অৰ্থে আবেদন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ২০২১ ৰ ১০ জানুৱাৰীলৈ সম্প্ৰসাৰণ কৰাৰ ঘোষণা আগবঢ়ায়। ইয়াৰ পূৰ্বে, ২০২১ ৰ হজৰ অৰ্থে আবেদন পত্ৰ দাখিলৰ অন্তিম তাৰিখ আছিল ২০২০ ৰ ১০ ডিচেম্বৰ।

প্ৰথম “মুছলিম মহিলাৰ অধিকাৰ দিৱস” উদযাপন

ইছলাম ধৰ্মাৱলম্বী মহিলাসকলৰ অধিকাৰ সন্দৰ্ভত ২০২০ বৰ্ষটো এটা মাইলৰ খুটি হৈ ৰ’ব। কিয়নো এই বৰ্ষত প্ৰথম “মুছলিম মহিলাৰ অধিকাৰ দিৱস” উদযাপন কৰা হয়। তিনি তালাকৰ বিৰুদ্ধে আইনৰ এবছৰ পূৰ্তি উপলক্ষেই এই দিৱস পালন কৰা যায়। ১ আগষ্টত পালন কৰা এই দিৱসটি উপলক্ষে ২০২০ ৰ ৩১ জুলাইত সমগ্ৰ দেশখনৰ কেইবা হাজাৰ মুছলিম মহিলাক ভাৰ্চুৱেল কনফাৰেন্সৰ জৰিয়তে সম্বোধন কৰে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী মুখটাৰ অব্বাচ নকভী তথা কেন্দ্ৰীয় আইন মন্ত্ৰী শ্ৰী ৰবি শংকৰ প্ৰসাদ আৰু কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী স্মৃতি ইৰাণীয়ে।

নই উড়ান আঁচনিৰ সাহাৰ্য্যৰে অসামৰিক সেৱালৈ ২২ যুৱক নিৰ্বাচিত

সংখ্যালঘু যুৱকসকলৰ “প্ৰোসাহন আৰু প্ৰগতি”ৰ অৰ্থে চৰকাৰখনে ফলপ্ৰসূ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে। যাৰ ফলত সংখ্যালঘু সমাজখনৰ ২২ দৰিদ্ৰ, দুৰ্বল, অৱহেলিত পৰিয়ালৰ যুৱকে অসামৰিক সেৱালৈ নিৰ্বাচিত হৈছে। এই যুৱককেইজন ২০১৯ ৰ সন্মানীয় অসামৰিক সেৱালৈ নিৰ্বাচিত হয়। উল্লেখ্য যে ২০২০ ত ইয়াৰ ফলাফল ঘোষণা কৰা হয়। প্ৰসংগক্ৰমে, অসামৰিক সেৱালৈ নিৰ্বাচিত এই যুৱককেইজনে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰদ্বাৰা ৰূপায়ণ কৰা “নই উড়ান” আঁচনিৰ অধীনত বিনামূলীয়া প্ৰশিক্ষণ লাভ কৰিছিল।

প্ৰধান মন্ত্ৰী জন বিকাশ কাৰ্যক্ৰম” (PMJVK)

২০২০ ৰ ০৬ অক্টোবৰত কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী মুখটাৰ অব্বাচ নকভীয়ে কয় যে ইতিহাসত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ৯৯ খন জৱাহৰ নৱোদয় বিদ্যালয় সমগ্ৰ দেশৰ অনগ্ৰসৰ, পাছপৰা আৰু সংখ্যালঘু অধ্যুষিত অঞ্চলত নিৰ্মাণ কৰি আছে। ইয়াৰে কেইবাখনো জৱাহৰ নৱোদয় বিদ্যালয় কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয় আৰু কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে যুটীয়াভাৱে নিৰ্মাণ কৰিছে। ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ডঃ ৰমেশ পোখৰিয়াল “নিশাংক”ৰে শ্ৰী নকভীয়ে ঝাড়খণ্ডৰ পাকুৰিণত নতুন জৱাহৰ নৱোদয় বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। প্ৰধান মন্ত্ৰী জন বিকাশ কাৰ্যক্ৰম (PMJVK) ৰ অধীনত এই বিদ্যালয়খনি নিৰ্মাণ কৰিছে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে।

জম্মু-কাশ্মীৰ আৰু লেহ-কাৰ্গিলত ৱাকফ ব’ৰ্ড স্থাপনৰ অৰ্থে পদক্ষেপ গ্ৰহণৰ কথা ঘোষণা

২০২০ ৰ ০৪ ডিচেম্বৰত কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী মুখটাৰ অব্বাচ নকভীয়ে ঘোষণা কৰে যে শীঘ্ৰেই জম্মু-কাশ্মীৰ আৰু লেহ-কাৰ্গিলত ৱাকফ ব’ৰ্ড স্থাপন কৰা হ’ব আৰু ইয়াত ৱাকফ ব’ৰ্ড স্থাপনৰ অৰ্থে পদক্ষেপ গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰ আৰু লেহ-কাৰ্গিলত ৱাকফ ব’ৰ্ড স্থাপন কৰিবলৈ আগবঢ়া হৈছে আৰু সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিলৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে।

’ভিড-১৯ কেয়াৰ

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী মুখটাৰ অব্বাচ নকভীয়ে ২০২০ ৰ ১৭ আগষ্টত কয় যে মহামাৰীৰ বিপদ ভাৰতীয়ৰ বাবে “যতন, অংগীকাৰ আৰু বিশ্বাস”ৰ ইতিবাচক সময় হিচাপে পৰিগণিত হয়, যিয়ে সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ বাবে উদাহৰণ হৈ উঠে। নতুন দিল্লীৰ হ’লী ফেমিলী হাস্পতাললৈ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ এনএমডিএফচি ৰদ্বাৰা আগবঢ়োৱা এখনি ম’বাইল ক্লিনিকৰ তেওঁ ফ্লেগ অফ কৰে। এই ম’বাইল ক্লিনিকখন শেহতীয়া হেল্থ কেয়াৰ সা-সুবিধাৰে সমৃদ্ধ কৰা হৈছে। যাৰ জৰিয়তে দৰিদ্ৰ, দুৰ্বল শ্ৰেণীটোলৈ শেহতীয়া স্বাস্থ্য সা-সুবিধা আগবঢ়োৱা হয়। ইয়াত ইমাৰ্জেন্সী মাল্টি পেৰা মনিটৰ, অক্সিজেন ফেচেলিটী আৰু অট’ ল’ডিং ষ্ট্ৰেটচাৰ সংযোজন কৰা হয়, যি কোনো জৰুৰী ৰোগীৰ বাবে অত্যাৱশ্যকীয় আৰু জীৱনদায়িনী সুবিধা।

শ্ৰী নকভীয়ে কয় যে এনএমডিএফচি এ তদুপৰি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ম’হালিস্থিত পেৰাপ্লেজিক ৰিহেবিলাইটেশ্যন চেন্টাৰ (PRC) লৈ সহায় আগবঢ়াইছে। যুদ্ধত আহত হোৱা জোৱানসকলৰ চিকিসাৰ অৰ্থে ম’ডিফাউড স্কুটাৰ, ফিজিঅ’থেৰাপী সা-সৰঞ্জাম আৰু আন আহিলা আগবঢ়োৱা হয়। এই আহিলাসমূহে জোৱানসকলক এটা সাধাৰণ জীৱন-যাপন কৰাত সহায় আগবঢ়ায়।

সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ দক্ষতা বিকাশ কাৰ্যক্ৰমৰ অধীনত প্ৰশিক্ষণ লাভ কৰা ১৫০০ ৰোধিক হেল্থ কেয়াৰ সহকাৰীয়ে ক’ৰোনা ৰোগীসকলৰ চিকিসা আৰু কল্যাণত সহায় আগবঢ়ায়। এই সন্দৰ্ভত কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰীজনে কয় যে ৫০ শতাংশ যুৱতীৰ অন্তৰ্ভুক্তিৰে এই হেল্থ কেয়াৰ সহকাৰীসকলে সমগ্ৰ দেশৰ ভিন্ন চিকিসালয় আৰু হেল্থ কেয়াৰ কেন্দ্ৰসমূহত ক’ৰোনা ৰোগীসকলৰ চিকিসাত সহায় আগবঢ়াই আছে। এই বৰ্ষত, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰদ্বাৰা ২০০০ ৰোধিক আন হেল্থ কেয়াৰ সহকাৰীক প্ৰশিক্ষণ প্ৰদান কৰা হয়। মন্ত্ৰালয়টোৱে সমগ্ৰ দেশৰ ভিন্ন স্বাস্থ্য সংস্থা আৰু বিশিষ্ট চিকিসালয়সমূহৰ জৰিয়তে হেল্থ কেয়াৰ সহকাৰীসকললৈ এবছৰীয়া প্ৰশিক্ষণ আগবঢ়াই আহিছে।

শ্ৰী নকভীয়ে কয় যে ক’ৰোনা মহামাৰীৰ অৰ্থে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ সমগ্ৰ দেশৰ ভিন্ন ৱাকফ ব’ৰ্ডসমূহে ৫১ কোটি টকাৰ বৰঙণি আগবঢ়ায়। ৱাকফ ব’ৰ্ডসমূহে ভিন্ন ধৰ্মীয়, সামাজিক আৰু শৈক্ষিক সংস্থাসমূহৰ সহযোগত এই বৰঙণি আগবঢ়াবলৈ সক্ষম হয়। ইয়াৰোপৰি, সমগ্ৰ দেশৰ ৱাকফ ব’ৰ্ডসমূহে অভাৱী লোকসকলৰ মাজত খাদ্য আৰু আন নিত্যব্যৱহাৰ্য্য সামগ্ৰীসমূহ বিতৰণ কৰে।

শ্ৰী নকভীয়ে কয় যে ক’ৰোনাত আক্ৰান্ত হোৱা লোকসকলৰ কোৱাৰেন্টাইন আৰু আইছ’লেশ্যন ব্যৱস্থাৰ অৰ্থে ৰাজ্য চৰকাৰসমূহলৈ সমগ্ৰ দেশৰ ১৬ হজ ভৱন আগবঢ়োৱা হয়। ভিন্ন ৰাজ্য চৰকাৰসমূহে তেওঁলোকৰ প্ৰয়োজনীয়তা অনুসৰি এই হজ ভৱনসমূহ উক্ত ব্যৱস্থাৰ অৰ্থে ব্যৱহাৰ কৰে।

শ্ৰী নকভীয়ে জনাই যে “পিএম-কেয়াৰ্ছ” ফাণ্ডলৈ আলিগড় মুছলিম বিশ্ববিদ্যালয়ে ১.৪০ কোটি টকাৰ বৰঙণি আগবঢ়ায়। তদুপৰি, আলিগড় মুছলিম বিদ্যালয় চিকিসা মহাবিদ্যালয়ে ক’ৰোনা ৰোগীসকলৰ চিকিসাৰ অৰ্থে ১০০ খন বিচনাৰ ব্যৱস্থা কৰে। এএমইউ এ তদুপৰি ক’ৰোনা টেষ্টৰ ব্যৱস্থা কৰে।

*****

NB/KGS/(MoMA inputs)/SB



(Release ID: 1686414) Visitor Counter : 142