তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

বিশিষ্ট চলচ্চিত্র নির্মাতাসকল লৈ ৫১সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱৰ জুৰী ঘোষণা

Posted On: 04 JAN 2021 5:06PM by PIB Guwahati

ভাৰত আয়োজিত ৫১সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱৰ বাবে বিশ্বৰ বিশিষ্ট চলচ্চিত্র নির্মাতাসকলক লৈ আন্তঃৰাষ্ট্ৰীয় জুৰী ঘোষণা কৰা হৈছেজুৰী বোর্ডৰ অধ্যক্ষৰ দায়িত্ব আর্জেণ্টিনাৰ পাবলো ছিজাৰিচক দিয়া হৈছেবোর্ডৰ অন্যান্য সদস্যসকল হ’ল-শ্রীলংকাৰ প্রসন্ন ভিথানেজ, ষ্ট্ৰিয়াৰ আবু বকৰ ছাকি, ভাৰতৰ প্রিয়দর্শন আৰু বাংলাদেশৰ ৰুবাইয়াত হোছেইন

 

জুৰীৰ বিশিষ্ট ব্যক্তিসকলৰ বিষয়ে

পাবলো ছিজাৰিচ আর্জেণ্টিনাৰ এগৰাকী চলচ্চিত্র নির্মাতা। তেওঁৰ নির্মিত ইকুইনক্স, দ্য গড অফ দা ৰোজে, দ্য গড অফ দি পাৰফিউম উল্লেখযোগ্য ছবি।

প্রসন্ন ভিথানেজ হল শ্রীলংকাৰ এগৰাকী চলচ্চিত্র নির্মাতা। শ্ৰীলংকাত ৩ডি ছবি নির্মাণৰ ক্ষেত্র তেওঁৰ ভূমিকা উল্লেখযোগ্য। তেওঁ আঠখন পূর্ণদৈর্ঘ্যৰ ছবি নির্মাণ কৰিছেইয়াভিতৰত ডেথ অন এ ফুল মুন ডে, গষ্ট চা, ফ্লাৱাৰ্ছ অফ দা স্কাই আদি

 

আবু বকৰ ছাকি ইজিপ্সিয়ান-অষ্ট্ৰিয়ান এগৰাকী লেখক আৰু চলচ্চিত্র নির্মাতা। তেওঁৰ নির্মিত প্রথম পূর্ণদৈর্ঘ্যৰ ছবি ইয়োমেদদাইন ২০১৮ চনত কাঁ চলচ্চিত্র মহোৎসৱৰ বাবে মনোনীত হৈছিল৷

 

ৰুবাইয়াত হোছেইন বাংলাদেশৰ এগৰাকী মহিলা চলচ্চিত্র পৰিচালক, লেখক তথা প্রযোজক। তেওঁৰ নিৰ্মাণ কৰা ছবি মেহেৰজান বাংলাদেশৰ এক বিখ্যাত ছবি৷

 

প্রিয়দর্শন ভাৰতৰ এগৰাকী ছবি পৰিচালক আৰু প্রযোজক। বিগত তিনি দশক তামিল আৰু তেলেগুকে ধৰি ভাৰতৰ বিভিন্ন ভাষা তেওঁৰ ৯৫খন ছবি নির্মাণ কৰিছে৷

*****

Saurabh Singh/DB



(Release ID: 1686201) Visitor Counter : 173