পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

বৰ্ষান্ত-পৰ্যালোচনা

পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়

২০২০: আগুৱাই যোৱাৰ বছৰ

Posted On: 30 DEC 2020 12:40PM by PIB Guwahati

পথ পৰিবহন আৰু ঘাইপথ মন্ত্রালয়ে বিগত ৬ বছৰত ভালেমান আইন প্রণয়ন কৰিছে। মন্ত্রালয়ে জনস্বার্থৰ প্ৰতি গুৰুত্ব আৰোপ কৰি এই বৰ্ষসমূহত বহুতো গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰিছিল২০১৯-২০ চনত, প্ৰায় ৮৯৪৮ কি.মি. দৈৰ্ঘ্যৰ প্ৰকল্প প্ৰদান কৰা হৈছিল আৰু প্ৰায় ১০,২৩৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ সম্পূৰ্ণ কৰা হৈছিল। পথৰ বিকাশৰ হাৰ ২০১৩-১৪ চনৰ ভিতৰত প্ৰায় ১১.৭ কি.মি.ৰ পৰা এতিয়া প্ৰায় ২৮ কি.মি.লৈ যথেষ্ট বৃদ্ধি পাইছে। মন্ত্ৰালয়ৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে, ৰাষ্ট্ৰীয় পথৰ দৈৰ্ঘ্য এপ্ৰিল,২০১৪৯১,২৮৭ কি.মি.ৰ পৰা ২০ডিচেম্বৰ,২০২০তাৰিখলৈকে প্ৰায় ১,৩৬,১৫৫ কি.মি.লৈ বৃদ্ধি হৈছে।

 

ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ

 

২০২০-২১(নৱেম্বৰলৈকে) বৰ্ষত আৱণ্টিত ৬,৭৬৪ কি.মি. ৰাষ্ট্ৰীয় ঘাইপথৰ ৬,২০৭ কি.মি. নিৰ্মাণ সম্পূৰ্ণ হৈছে।

 

২০১৯-২০ বৰ্ষত আৱণ্টিত ৮,৯৪৮ কি.মি. ৰাষ্ট্ৰীয় ঘাইপথৰ ১০,২৩৭ কি.মি. নিৰ্মাণ সম্পূৰ্ণ হৈছে।

 

২০১৮-১৯ বৰ্ষত আৱণ্টিত ৫,৪৯৩ কি.মি. ৰাষ্ট্ৰীয় ঘাইপথৰ ১০,৮৫৫ কি.মি. নিৰ্মাণ সম্পূৰ্ণ হৈছে।

 

২০১৭-১৮ বৰ্ষত আৱণ্টিত ১৭,০৫৫ কি.মি. ৰাষ্ট্ৰীয় ঘাইপথৰ ৯,৮২৯ কি.মি. নিৰ্মাণ সম্পূৰ্ণ হৈছে।

 

২০১৬-১৭ বৰ্ষত আৱণ্টিত ১৫,৯৪৮ কি.মি. ৰাষ্ট্ৰীয় ঘাইপথৰ ৮,২৩১ কি.মি. নিৰ্মাণ সম্পূৰ্ণ হৈছে।

 

২০১৫-১৬ বৰ্ষত আৱণ্টিত ১০,০৯৮ কি.মি. ৰাষ্ট্ৰীয় ঘাইপথৰ ৬,০৬১ কি.মি. নিৰ্মাণ সম্পূৰ্ণ হৈছে।

 

২০১৪-১৫ বৰ্ষত আৱণ্টিত ৭,৯৭২ কি.মি. ৰাষ্ট্ৰীয় ঘাইপথৰ ৪,৪১০ কি.মি. নিৰ্মাণ সম্পূৰ্ণ হৈছে।

 

 

ঘাইপথৰ দ্ৰুত বিকাশ

 

মন্ত্ৰালয়ে পৰৱৰ্তী পাঁচ বছৰত অতিৰিক্ত ৬০,০০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় পথ বিকশিত কৰাৰ প্ৰস্তাৱ দিছে, যাৰ ভিতৰত ২৫০০ কিলোমিটাৰ হৈছে এক্সপ্ৰেছৱে/এক্সেচ নিয়ন্ত্ৰিত ঘাইপথ, ৯,০০০কিলোমিটাৰ অৰ্থনৈতিক কৰিড’ৰ, ২,০০০কি.মি. উপকূলীয় আৰু বন্দৰ সংযোগী ঘাইপথ আৰু ২,০০০ কিলোমিটাৰ সীমান্ত পথ/কৌশলগত ঘাইপথ। মন্ত্ৰালয়ে ১০০টা পৰ্যটন স্থানৰ বাবে সংযোগ উন্নত কৰা আৰু এই সময়চোৱাত ৪৫খন চহৰৰ বাবে বাইপাছ নিৰ্মাণ কৰাৰ বাবেও পৰিকল্পনা কৰিছে।

 

মন্ত্ৰালয়ৰ ব্যয় ২০১৩-১৪ চনত ৩৩,৭৪৫ কোটি টকাৰ পৰা ২০১৯-২০ চনত ১,৫০,৮৪১ কোটি টকালৈ বৃদ্ধি হৈছে। লগতে ২০১৯-২০ চনত ২১,৯২৬ কোটি টকাৰ ব্যক্তিগত বিনিয়োগ প্ৰাপ্ত কৰা হৈছে। এনএইচএআইৰ আইইবিআৰক ধৰি চলিত বৰ্ষত ইতিমধ্যে নৱেম্বৰ, ২০২০লৈকে ৭৯,৪১৫ কোটি টকা ব্যয় কৰা হৈছে লগতে নৱেম্বৰ, ২০২০লৈকে ৮,১৮৬ কোটি টকাৰ ব্যক্তিগত বিনিয়োগ প্ৰাপ্ত কৰা হৈছে।

 

চিচিইএৰ দ্বাৰা অনুমোদিত ভাৰতমালা পৰিযোজনাত দেশজুৰি মন্ত্ৰালয়ৰ ফালৰ পৰা বিভিন্ন স্থানত ৩৫ টা মাল্টি মডেল লজিষ্টিক পাৰ্ক (এমএমএলপি)ৰ উন্নয়নৰ পৰিকল্পনা অন্তৰ্ভুক্ত হৈছেএই মাল্টি মডেল লজিষ্টিক পাৰ্কবোৰ 'হাব এণ্ড স্পক' মডেলত বিকশিত কৰা হৈছে আৰু এনএইচএআই আৰু এনএইচআইডিচিএল (উত্তৰ-পূৱ ভাৰতত)ৰ দ্বাৰা ৰূপায়ণ কৰা হৈছে।

 

মাল্টি মডেল লজিষ্টিক ৰক্ষণাবেক্ষণ কৰিবলৈ এনএইচএআইৰ অধীনত 'নেশ্যনেল হাইৱে লজিষ্টিকচ মেনেজমেণ্ট লিমিটেড'(এনএইচএলএমএল) নামৰ এটা পৃথক কোম্পানী গঠন কৰা হৈছে।

 

২০১৭ চনৰ পৰা মাল্টি মডেল লজিষ্টিক পাৰ্ক (এমএমএলপি) প্ৰকল্পবোৰ ৰূপায়ণত এনএইচএআই আৰু এনএইচআইডিচিএলৰ সহযোগত পথ পৰিবহন আৰু ঘাইপথ মন্ত্রালয়ে লক্ষ্যণীয়ভাৱে আগবাঢ়িছেঃ

যোগীঘোপা (অসম)ৰ মাল্টি মডেল লজিষ্টিক পাৰ্ক (এমএমএলপি) হৈছে প্ৰথম প্ৰকল্প যাৰ বাবে বিকাশৰ কাম আৰম্ভ কৰা হৈছে। প্ৰকল্পটোৰ আধাৰশিলা পথ পৰিবহন আৰু ঘাইপথ মন্ত্রীয়ে ২০.১০.২০২০ত স্থাপন কৰিছিল আৰু ইয়াক অসমত এনএইচআইডিচিএলৰ দ্বাৰা ৰূপায়ণ কৰা হৈছে।

 

চেন্নাই, নাগপুৰ আৰু বাংগালোৰত মাল্টি মডেল লজিষ্টিক পাৰ্ক (এমএমএলপি) এছপিভি গঠনৰ উন্নত পৰ্বত আছে আৰু এমএমএলপি চুৰাট আৰু মুম্বাইৰ ক্ষেত্ৰত সংশ্লিষ্ট অংশীদাৰৰ পৰা ভূমিৰ বাবে প্ৰতিশ্ৰুতিৰ অপেক্ষা কৰা হৈছে।

 

 

ইয়াৰ লগতে মন্ত্রালয়ৰ ফালৰ পৰা বহুকেইটা বন্দৰত সামগ্ৰী পৰিবহন ব্যৱস্থা সুচল কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ ভালেমান সুনির্দিষ্ট  পৰিকল্পনা হাতত লোৱা হৈছে।

 

নেশ্যনেল হাইৱে অথৰিটী অৱ ইণ্ডিয়াই বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্প বাস্তৱায়নৰ বাবে অর্থসংগ্ৰহৰ উদ্দেশ্যে আগন্তুক পাঁচ বছৰত টোল অপাৰেট ট্রেন্সফাৰ মডেলৰ জৰিয়তে এক লাখ কোটি টকা সংগ্ৰহ কৰিব বিচাৰিছে। ইয়াৰ উপৰিও পৰিকাঠামোগত উন্নয়নৰ বাবেও একাধিক পৰিকল্পনা হাতত লৈছে। ইয়াৰ ভিতৰত আছে বিভিন্ন টোলপ্লাজাসমূহৰ পৰা টোল আদায়ৰ পৰিমাণ নিৰূপণৰ ব্যৱস্থা।

 

আত্মনির্ভৰ ভাৰত গঠনৰ উদ্দেশ্যে মন্ত্রালয়ৰ ফালৰ পৰা ভালেমান পদক্ষেপ গ্রহণ কৰা হৈছে। ইয়াৰ বাবে ঠিকা সংস্থাৰ পৰা আৰম্ভ কৰি নির্মাণকাৰী সংস্থাসমূহৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

 

মটৰ বাহন আইনৰ অধীনত মুখ্য উদ্যোগসমূহ

 

মটৰ বাহন অধিনিয়ম ১৯৮৮- পথ পৰিবহন আৰু ঘাইপথৰ দিশবোৰ নিয়ন্ত্ৰণ কৰে এই অধিনিয়মত মটৰ বাহনৰ পঞ্জীয়ন, চালকৰ অনুজ্ঞাপত্ৰ, নতুন শিক্ষাৰ্থীৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন, কণ্ডাক্টৰৰ অনুজ্ঞা, পাৰমিটৰ যোগেৰে মটৰ বাহন নিয়ন্ত্ৰণ, ট্ৰেফিক নিয়ম, বীমা, অপৰাধ আৰু জৰিমনা আদি সম্পৰ্কে আইনী ব্যৱস্থাসমূহ বিতংভাৱে প্ৰদান কৰা হৈছে আইনৰ আইনী বিধানসমূহ প্ৰয়োগ কৰাৰ বাবে ভাৰত চৰকাৰে ১৯৮৯ চনত কেন্দ্ৰীয় মটৰ বাহন নিয়ম তৈয়াৰ কৰিছিল

 

ওপৰোক্ত নিয়মবোৰ প্ৰৱন্ধন কৰিবলৈ, পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে বাহন আৰু সাৰথি নামৰ দুটা প্ৰণালী সৃষ্টি কৰিছে এই প্ৰণালীবোৰ হৈছে দেশত ব্যৱহাৰ কৰা ১৫টাৰো অধিক বিভিন্ন এপ্লিকেচনৰ মেৰুদণ্ড চিএনজি মেকাৰ, এছএলডি মেকাৰ, হোমোলেগেচন, ৰাষ্ট্ৰীয় পাৰ্মিট, এনআৰ সেৱা, ভিএলটি আৰু ইএএছ, -চালান, ফেন্সী নম্বৰ বুকিং, পিইউচিচি আদি প্ৰণালী আৰম্ভ কৰা হৈছে যিয়ে বিভিন্ন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত -শাসনৰ ক্ষেত্ৰত প্লৱিক পৰিৱৰ্তন সাধন কৰিছে

 

() বাহ -পৰিবহন মিছন মোড প্ৰকল্পৰ অধীনত বাহ হৈছে এক মহত্বপূৰ্ণ এপ্লিকেশ্যন। ইয়াৰ অধীনত বাহন পঞ্জীয়ন, পাৰ্মিট, কৰ, ফিটনেছ আৰু সহযোগী প্ৰক্ৰিয়াৰ সৈতে সম্পৰ্কিত সেৱা উপলব্ধ বৰ্তমানে ইয়াক সমগ্ৰ দেশ ৩৩ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৰূপায়ণ কৰা ৈছে

 

জুন, ২০১৫ আৰম্ভ কৰা ইয়াৰ শেহতীয়া সংস্কৰণ বাহান ৪.০হৈছে এক কেন্দ্ৰীয় যোজনা যাক ৱেব আধাৰিত এপ্লিকেচনৰ জৰিয়তে কাৰ্যকৰী কৰা হয়। বৰ্তমানে ইয়াক দেশৰ ৩৩ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ১৩০০ৰো অধিক আৰটিঅ' ৰূপায়ণ কৰা হৈছে ইয়াৰ উপৰিও, ২৫,০০০ৰো অধিক বাহন লাৰ আৰু প্ৰায় ২০,০০০ পিইউচিচি কেন্দ্ৰও বাহন ৪.০ সৈতে সংযোজিত হৈ আছে

 

() সাৰথি -পৰিবহন মিছন মোড প্ৰকল্পৰ অধীনত ৰথি হৈছে ড্ৰাইভিং অনুজ্ঞা সম্পৰ্কীয় সেৱাৰ কম্পিউটাৰকৰণৰ বাবে সুবিধা কৰা এক গুৰুত্বপূৰ্ণ এপ্লিকেচন হৈছে পৰিবহন বিভাগে জাৰি কৰা সকলো প্ৰকাৰৰ অনুজ্ঞাপত্ৰৰ অধীনত ড্ৰাইভিং অনুজ্ঞাপত্ৰ, শিক্ষাৰ্থী অনুজ্ঞা পত্ৰৰ সৈতে জড়িত বিভিন্ন সেৱাৰ এখন মঞ্চত সমাধান

 

ইয়াৰ শেহতীয়া সংস্কৰণ সাৰথি ৪.০ ২জুন, ২০১৫ আৰম্ভ কৰা হৈছিল।

 

() -চালানঃ মাননীয় মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে ১০জানুৱাৰী, ২০১৭তাৰিখে আৰম্ভ কৰা -চালানক বিস্তৃত প্ৰণালীকৰণ সমাধানৰ বাবে এণ্ড্ৰইড প্লেটফৰ্মত বিকশিত কৰা হৈছিল আৰু এক ৱেব এপ্লিকেচনৰ সৈতেও জড়িত প্ৰধান ব্যৱহাৰকাৰীসকল হৈছে পৰিবহন প্ৰণয়ন বিষয়া আৰু ট্ৰেফিক পুলিচ কৰ্মী এই এপৰ জৰিয়তে যিকোনো প্ৰকাৰৰ ট্ৰেফিক উলংঘনৰ বাবে থিতাতে চালান জাৰি কৰিব পাৰি আৰু বিভিন্ন প্ৰক্ৰিয়াকৰ মাধ্যমেৰে ইয়াক অনুসৰণ কৰিব পাৰি এই প্ৰণালীটো ২৪খন ৰাজ্যই গ্ৰহণ কৰিছে আৰু এই প্ৰণালী ব্যৱহাৰ কৰি সমগ্ৰ দেশত এতিয়ালৈকে ৪.২ কোটিৰো অধিক চালান জাৰি কৰা হৈছে

 

()এম-পৰিবহন মাননীয় মন্ত্ৰী শ্ৰী নীতিন ডকাৰীয়ে জানুৱাৰী, ২০১৭ আৰম্ভ কৰা এম-পৰিবহন নাগৰিক আৰু পৰিবহন অপাৰেটৰৰ বাবে বিকশিত কৰা হৈছিল যি সকলে পথ কৰ পৰিশোধ, বিভিন্ন সেৱাৰ বাবে আৱেদন কৰা, আৰটিঅ' সৈতে সাক্ষাৎকাৰ, নথি-পত্ৰ আপলোড কৰা আদি বিভিন্ন পৰিবহন সম্পৰ্কীয় সেৱা প্ৰাপ্ত কৰিব পাৰে

 

ৰূপায়ণৰ স্থিতিঃ

 

৪.০ কোটিৰো অধিক ডাউনলোড

দেশজুৰি প্ৰযোজ্য

এণ্ড্ৰইড আৰু আইঅ’এছ সংস্কৰণত উপলব্ধ

 

ইয়াৰ কেন্দ্ৰীয় ভঁৰাল(নেশ্যনেল ৰেজিষ্ট্ৰি) প্ৰায় ২৮ কোটি বাহন ৰেকৰ্ড আৰু ১৭ কোটি অনুজ্ঞাপত্ৰ ৰেকৰ্ড উপলব্ধ একত্ৰিত ডাটাই বৃহৎ সংখ্যক অনলাইন নাগৰিক কেন্দ্ৰিক এপ্লিকেচন আৰু তথ্য সেৱাৰ ভিত্তি হিচাপে কাম কৰে পথ আৰু ৰাজহুৱা সুৰক্ষা সম্পৰ্কীয় অতিৰিক্ত বিশেষত্বৰ একত্ৰীকৰণ আৰম্ভ কৰিবলৈ এই ৰাষ্ট্ৰীয় ভঁৰালটো ব্যৱহাৰ কৰা হৈছে

 

মটৰ বাহন (সংশোধনী) আইন, ২০১৯ মুখ্য ব্যৱস্থাঃ

 

স্বচালিত কেন্দ্ৰসমূহৰ জৰিয়তে বাধ্যতামূলক ফিটনেছ পৰীক্ষা

ইএলভি বাবে নতুন ব্যৱস্থা

বাহন ৰিকলৰ ওপৰত নতুন শাখা

পথচাৰী আৰু -মটৰবিহীন পৰিবহনৰ সুৰক্ষা

যাতায়াতৰ সময়ত শিশুৰ সুৰক্ষা

পথ সুৰক্ষাৰ ইলেক্ট্ৰনিক নিৰীক্ষণ আৰু প্ৰণয়ন

 

 

২১০ এ ধাৰা অধীনত ৰাজ্য চৰকাৰৰ দ্বাৰা গুণক মটৰ বাহন (সংশোধন) অধিনিয়ম ২০১৯-ৰ অধীনত মটৰ বাহন সম্পৰ্কীয় অপৰাধৰ শাস্তিৰ বাবে ৰাজ্য চৰকাৰে ১০ গুণলৈকে জৰিমণা বিহিব পাৰিব

 

দুচকীয়া বাহনৰ বাবে সুৰক্ষিত হেলমেট দুচকীয়া হেলমেটটো দেশত বিআইএছ প্ৰমাণীকৰণৰ বাধ্যতামূলক শাসনৰ অধীনলৈ আনিবলৈ মন্ত্ৰালয়ে 'দুচকীয়া বাহনৰ আৰোহীসকলৰ বাবে হেলমেট(গুণগত নিয়ন্ত্ৰণ) আদেশ, ২০২০' জাৰি কৰিছে য়ে ভাৰতত কেৱল দুচকীয়া বাহন বিআইএছ প্ৰমাণিত হেলমেটহে নিৰ্মাণ আৰু বিক্ৰী কৰিবলৈ সক্ষম কৰিব দুচকীয়া হেলমেটৰ মানদণ্ড উন্নত কৰিব আৰু পথ সুৰক্ষাৰ পৰিস্থিতি উন্নত কৰিব

 

বাহনৰ অধীনত বাহন পঞ্জীয়ন/ফিটনেছ বাবে ফাষ্টটেগ চিএমভিআৰ ১৯৮৯ত সংশোধনৰ জৰিয়তে মন্ত্ৰালয়ে নিৰ্দেশ দিছে যে ডিচেম্বৰ, ২০১৭তাৰিখে আৰু পিছত বিক্ৰী কৰা বাহনবোৰ বাহন নিৰ্মাতা বা ইয়াৰ কৰ্তৃত্বশীল ডিলাৰৰ দ্বাৰা ফাষ্টটেগ লগোৱা ' ইয়াৰ উপৰিও, বাহনৰ সৈতে ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক টোল সংগ্ৰহ (এনইটিচি)একত্ৰীকৰণ এপিআইৰ জৰিয়তে ১৪ মে ২০২০ তাৰিখৰ পৰা আৰম্ভ কৰা হৈছে, ' বাহ প্ৰণালীয়ে ভিআৰএন/ভিআইএনৰ আধাৰত এনইটিচি প্ৰণালীৰ পৰা ফাষ্টটেগ বিৱৰণ সফলতাৰে লাভ কৰি আছে

 

ফাষ্টটেগ বাধ্যতামূলক কৰাৰ ব্যৱস্থা আৰু অধিক প্ৰভাৱশীল কৰাৰ বাবে তৃতীয় পক্ষ বীমা কৰাৰ সময়ত প্ৰ-পত্ৰ ৫১ (বীমাৰ প্ৰমাণপত্ৰ) সংশোধন কৰা হৈছে। এয়া এপ্ৰিল ২০২১ তাৰিখৰ পৰা প্ৰযোজ্য '

 

নিশ্চিত কৰাৰ বাবে এক পদক্ষেপ ' যে টোল প্লাজাত মাচুল পৰিশোধ কেৱল ইলেক্ট্ৰনিক উপায়ৰ যোগেৰে আৰু বাহনবোৰ ফি প্লাজাৰ মাজেৰে নিৰবিচ্ছিন্নভাৱে পাৰ হৈ যাব প্লাজাত কোনো অপেক্ষা কৰিব নালাগিব, আৰু ইন্ধন ৰক্ষা কৰিব

 

পথ সুৰক্ষাঃ পথ সুৰক্ষা কোষে ইলেক্ট্ৰনিক আৰু ছপা মাধ্যমৰ জৰিয়তে আৰু লগতে পথ ব্যৱহাৰকাৰী, যেনে খোজকাঢ়ি যোৱা লোক, চাইকেল আৰোহ, স্কুলৰ শিশু আৰু গধুৰ মটৰ বাহন চালক আদিৰ বাবে পথ সুৰক্ষাৰ ওপৰত কৰ্মশালা আৰু সন্মিলন অনুষ্ঠিত কৰিব পথ সুৰক্ষা কোষে সাধাৰণ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে এনজিঅ আৰু অন্যান্য অংশীদাৰীসকলক সহযোগী কৰিব

 

********

 



(Release ID: 1685899) Visitor Counter : 304