কৃষি মন্ত্ৰালয়

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ২০২০ বৰ্ষান্তৰ পৰ্যালোচনা

Posted On: 02 JAN 2021 1:19PM by PIB Guwahati

নব্বৈৰ দশকৰ আৰম্ভণিতে অর্থনৈতিক উদাৰীকৰণ সত্বেও কৃষিক্ষেত্রখন বাদ পৰি আছিল। চৰকাৰে পৰৱর্তী কালত উপলব্ধি কৰিব পাৰে যে এই ক্ষেত্রখনক উন্নত কৰিবলৈ হ'লে কৃষকসকলৰ বাবে সংস্কাৰ অপৰিহার্য।

 

 

কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ৰ ২০২০ চনৰ উল্লেখযোগ্য পদক্ষেপসমূহ হৈছে-

 

১) বাজেট আৱণ্টনত অভূতপূর্ব বৃদ্ধি। ২০২০-২১-ত বাজেট আৱণ্টন প্রায় ছয় গুণ বৃদ্ধি কৰি ১,৩৪,৩৯৯.৭৭ কোটি টকা কৰা হৈছে। য'ত ২০১৩-১৪ত ইয়াৰ পৰিমাণ আছিল মাত্র ২১৯৩৩.৫০ কোটি টকা।

 

২) ৰেকর্ড সংখ্যক খাদ্যশস্যৰ উপাদন। ২০১৫-১৬ত খাদ্যশস্য উপাদনৰ পৰিমাণ আছিল ২৫১.৫৪ লক্ষ টন। ২০১৯-২০ত সেয়া বাঢ়ি হৈছে ২৯৬.৬৫ লক্ষ টন।

 

৩) চৰকাৰে খাৰিফ, ৰবি আৰু অন্যান্য বাণিজ্যিক ফচলৰ ক্ষেত্রত কৃষকৰ বাবে সহায়ক মূল্যৰ পৰিমাণ বহুলাংশে বৃদ্ধি কৰিছে‌।

 

৪) কৃষকসকলৰ ওচৰৰ পৰা ফচল সংগ্রহৰ পৰিমাণ বৃদ্ধি। কৃষকসকলৰ ওচৰৰ পৰা ধান সংগ্রহৰ পৰিমাণ ২.৪ শতাংশ বৃদ্ধি কৰা হৈছে। বিগত পাঁচ বছৰত য'ত ২.০৬ লক্ষ কোটি টকা ধান সংগ্রহৰ বাবত কৃষকসকলক দিয়া হৈছিল বর্তমান সেয়া বাঢ়ি হৈছে ৪.৯৫ লক্ষ কোটি টকা। একেদৰেই গম, মাহ শস্য, তৈলবীজ আৰু খাৰিফ বতৰত ধান সংগ্রহৰ পৰিমাণ বহুলাংশে বৃদ্ধি পাইছে।

 

৫) প্রধানমন্ত্রী কিষান সম্মান নিধি যোজনাৰ মাধ্যমত কৃষকসকলক আর্থিক সহায়তা প্রদান কৰা হৈছে। এই পর্যন্ত এই যোজনাত ১,১০,০০০ কোটি টকা ব্যয় কৰা হৈছে। উপকৃত হৈছে ১০.৫৯ লক্ষ কৃষক পৰিয়াল।

 

৬) প্রধানমন্ত্রী ফচল বীমা যোজনাৰ চতুর্থ বর্ষ অতিক্রান্ত হৈছে। এই প্রকল্পত ২৩ কোটি কৃষক নথিভূক্ত হৈছে।

 

৭) কিষান ক্রেডিট কার্ডৰ মাধ্যমত ২.৫ কোটি কৃষক উপকৃত হৈছে।

 

৮) কৃষকসকলৰ বাবে মাটিৰ স্বাস্থ্য পৰীক্ষাৰ কার্ড বিতৰণৰ পৰিমাণ বৃদ্ধি কৰা হৈছে।

 

৯) দেশত জৈৱ কৃষি প্রয়োগৰ ক্ষেত্রত উদ্যোগ গ্রহণ।

 

১০) নিম যুক্ত ইউৰিয়া প্রয়োগৰ মাধ্যমত ৰাসায়নিক সাৰৰ ব্যৱহাৰ কম কৰি মাটিৰ স্বাস্থ্য বৃদ্ধি।

 

১১) চৰকাৰে ২০২০-ৰ ৯ আগষ্টত কৃষি পৰিকাঠামো উন্নয়ন তহবিল গঠন কৰিছে। যি এটা উল্লেখযোগ্য পদক্ষেপ।

 

১২) দহ হাজাৰ এফপিঅ' গঠনৰ বাবে বাজেটত ৬,৮৬৫ কোটি টকাৰ সংস্থান।

 

১৩) জাতীয় মৌ পালক আৰু মধু মিছন আত্মনির্ভৰ ভাৰত অভিযানৰ এটা অংশ হিচাপে গঠন কৰা হৈছে। ইয়াৰ বাবে ৫০০ কোটি টকা আৱণ্টন দিয়া হৈছে।

 

১৪) প্রধানমন্ত্রী কৃষি সিঞ্চন যোজনাৰ মাধ্যমত জলসিঞ্চন ব্যৱস্থাৰ উন্নয়নত সহায়তা প্রদান।

 

১৫) ক্ষুদ্রসিঞ্চন তহবিল গঠন। ইয়াৰ বাবত নাবার্ডক ৫ হাজাৰ কোটি টকা প্রদান। যি বিভিন্ন ৰাজ্যত ক্ষুদ্র সিঞ্চন ব্যৱস্থাৰ উন্নয়নত সহায়তা কৰিব।

 

 ১৬) কৃষি যান্ত্রিকীকৰণৰ মাধ্যমত বিভিন্ন ৰাজ্যত উন্নয়নমূলক প্রকল্প গ্রহণ।

 

১৭) প্রাকৃতিক দুর্যোগত ফচলৰ ক্ষতি হ'লে ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধি।

 

১৮) দেশৰ ১৮খন ৰাজ্য আৰু ৩টা কেন্দ্রশাসিত অঞ্চলৰ এক হাজাৰখন বজাৰত ই-নাম পৰিসেৱাৰ ব্যৱস্থা।

 

১৯) কিষাণ ৰে'ল পৰিসেৱাৰ মাধ্যমত ফচল আৰু পণ্য পৰিবহনৰ ব্যৱস্থা।

 

২০) বাস্তু তন্ত্রৰ সূচনাৰ প্রতি গুৰুত্ব আৰোপ কৰি ৪৫.৩৮ কোটি টকা আৱণ্টন দিয়া হৈছে। যাৰ প্রথম পর্যায়ত ১৯.৭০ কোটি টকা মঞ্জুৰ কৰা হৈছে।

 

 

********************



(Release ID: 1685740) Visitor Counter : 199