পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

বৰ্ষান্ত পৰ্যালোচনা – ২০২০ পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

ক’ভিড-১৯ ৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ হিতাধিকাৰীসকললৈ ১৪.১৩ কোটি বিনামূলীয়া চিলিণ্ডাৰ উপলব্ধ কৰোৱা হৈছে

পঞ্চম ৰাউণ্ডৰ নিবিদাত OALP ৰ অধীনত ১৯,৭৮৯ বৰ্গকিলোমিটাৰ এলেকা সামৰি থকা ১১ টা খণ্ড আগবঢ়োৱা হৈছে

০১.০৪.২০২০ তাৰিখৰ পৰা প্ৰযোজ্য হোৱাকৈ বাহনৰ ইন্ধনৰ ক্ষেত্ৰত BS-VI কাৰ্যকৰী কৰা হৈছে

২০২০ চনত ৰাষ্ট্ৰীয় গেছ গ্ৰিডৰ অংশ হিচাপে ১৫৪৪ কিলোমিটাৰ পাইপলাইন স্থাপন কৰা হৈছে

Posted On: 31 DEC 2020 5:17PM by PIB Guwahati

1. প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা : ক’ভিড-১৯ ৰ পৰৱৰ্তী পৰ্যায়ৰ সাহায্যৰ বাবে আৰ্থিক পেকেজৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ উদ্যোগৰ অধীনত বিগত ৩১ ডিচেম্বৰ পৰ্যন্ত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ গ্ৰাহকসকললৈ বিনামূলীয়া তিনিটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ সৰবৰাহ কৰা হৈছে। এই কাৰ্যসূচীৰ অধীনত তেল বিপণন সংস্থাবোৰে বিগত ৩০ নৱেম্বৰ পৰ্যন্ত উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকললৈ ১৪১৩.৩৮ লাখ ৰিফিল ৰন্ধন গেছৰ চিলিণ্ডাৰ সৰবৰাহ কৰিছে। যোজনাৰ অধীনত ৭ কোটি ৫০ লাখতকৈও অধিক হিতাধিকাৰীয়ে বিনামূলীয়া ৰন্ধন গেছ চিলিণ্ডাৰৰ সুবিধা গ্ৰহণ কৰিছে।

  1. অপেন একৰেজ লাইছেন্সিং পলিচী (OALP) – নিলাম পৰ্ব : ২০২০ চনত ১৯ হাজাৰ ৭৮৯ বৰ্গ কিলোমিটাৰ অঞ্চলজুৰি বিস্তৃত বিগত অক্টোবৰ পৰ্যন্ত ১১ টা ব্লক নিলাম প্ৰক্ৰিয়াৰ অধীনত আবণ্টন দিয়া হৈছে।
  2. নন-মানিটাইজড ডিছকভাৰীৰ উত্তৰণ : ২০২০-২১ বিত্তবৰ্ষৰ সময়ছোৱাত মুঠ ০৫ ডিছকভাৰী নৱেম্বৰ ২০২০ লৈ মানিটাইজড কৰা হৈছে (ইয়াৰে ৪ টা মনোনয়ন পদ্ধতিৰে কৰা হৈছে – ১ টা অ’এনজিচিৰ পৰা, ১ টা অইলৰ পৰা আৰু ১ টা পিএছচিৰ পৰা)।
  3. ইণ্ডিয়া গেছ এক্সচেঞ্জৰ সূচনা জুন মাহত : ইণ্ডিয়া গেছ এক্সচেঞ্জ হৈছে এক গেছ বিপণন প্লেটফৰ্ম। এই ব্যৱস্থাৰ মাধ্যমেৰে প্ৰাকৃতিক গেছ সৰবৰাহ কৰা হয়। ইণ্ডিয়া গেছ এক্সচেঞ্জ ব্যৱস্থাত শীঘ্ৰেই গেছ উদ্যোগ ক্ষেত্ৰৰ পৰা ভালেমান কৌশলগত ক্ষেত্ৰত বিনিয়োগৰ সম্ভাৱনা আছে।

5. বজাৰত পৰিবহন হ’বলগীয়া ইন্ধনৰ বাবে প্ৰকাশ কৰা নতুন নীতিৰ অধীনত ৪ টা কোম্পানীলৈ অনুমোদন জনোৱা হৈছে আৰু ১ খন আবেদন মন্ত্ৰালয়ৰ বিবেচনাধীন হৈ আছে।

  1. মটৰ গাড়ীৰ ইন্ধন সংক্ৰান্তীয় পৰিকল্পনা আৰু নীতি : বিশুদ্ধ ইন্ধনৰ যোগান বৃদ্ধি আৰু ভাৰত ষ্টেজ-৬ (বিএছ-VI) মান্যতাসম্পন্ন ইন্ধনৰ যোগান সুনিশ্চিত কৰিবলৈ বিগত ১ এপ্ৰিলৰ পৰা মটৰ গাড়ীৰ ইন্ধনৰ ক্ষেত্ৰত (বিএছ-VI) মান সমগ্ৰ দেশতে কাৰ্যকৰী হৈছে।
  2. ৰাষ্ট্ৰীয় গেছ গ্ৰিড : ২০২০ চনত ৰাষ্ট্ৰীয় গেছ গ্ৰিডৰ অংশ হিচাপে মুঠ ১ হাজাৰ ৫৪৪ কিলোমিটাৰ দীঘল পাইপ লাইন বহোৱা হৈছে।
  3. আন্তৰ্জাতিক সহযোগিতা/গুৰুত্বপূৰ্ণ চুক্তি/বুজাবুজি/বিনিয়োগ :
  • শক্তি নিৰাপত্তা ব্যৱস্থাক আৰু সুদৃঢ়কৰণৰ অংশ হিচাপে ভাৰতে দীৰ্ঘম্যাদী ভিত্তিত অপৰিশোধিত তেল আমদানিৰ উৎস হিচাপে ৰাছিয়া আৰু এঙ্গোলোক অন্তৰ্ভুক্ত কৰিছে। শক্তি ক্ষেত্ৰত কৌশলগত অংশীদাৰীত্ব আৰু বৃদ্ধি কৰিবৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰ, ৰাছিয়া, ছৌদি আৰৱ আৰু সংযুক্ত আৰৱ আমীৰশ্বাহীৰ সৈতে মন্ত্ৰী পৰ্যায়ৰ বৈঠক হৈছে।
  •  
  • পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীয়ে জি-২০ দেশবোৰৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিছে। অ’পেক সংগঠনৰ উচ্চস্তৰীয় বৈঠকত আৰু আন্তৰ্জাতিক শক্তি ফ’ৰামৰ সভাতো অংশগ্ৰহণ কৰিছে।
  •  
  • প্ৰধানমন্ত্ৰীয়ে বিগত অক্টোবৰ মাহত ইণ্ডিয়া এনাৰ্জী ফ’ৰাম শীৰ্ষক সপ্তাহজোৰা চতুৰ্থ চিইআৰএ সন্মিলন প্ৰথমবাৰ উদ্বোধন কৰে।
  •  

9. ইথানল মিশ্ৰিত পেট্ৰ’ল কাৰ্যসূচী : ২০১৯-২০ ইথানল সৰবৰাহ বৰ্ষত ৰাষ্ট্ৰীয় তেল বিপণন সংস্থাবোৰে মিশ্ৰণৰ উদ্দেশ্যে ১৭২.৪৩ কোটি লিটাৰ ইথানল সংগ্ৰহ কৰে। ইথানল মিশ্ৰণ কাৰ্যসূচীৰ অধীনত বিভিন্ন প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য স্থিৰ কৰা হৈছে। চৰকাৰে এই প্ৰথম অতিৰিক্ত ইথানল উৎপাদনৰ অনুমতি দিছে।

  1. পাইপ লাইনবাহিত গেছৰ মাচুল যুক্তিসঙ্গত কৰা : পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ নিয়ন্ত্ৰণ পৰিষদে বিগত ছেপ্টেম্বৰ মাহত পাইপবাহিত প্ৰাকৃতিক গেছৰ মাচুল ব্যৱস্থা নিৰ্ধাৰণ কৰিবলৈ সংশ্লিষ্ট আইনত খচকা সংশোধনীৰ প্ৰস্তাৱ আগবঢ়ায়, যাতে সমগ্ৰ আন্তঃসংযুক্ত পাইপ লাইনবোৰক মাচুল ব্যৱস্থাৰ অধীনলৈ আনিব পৰা যায়।
  2. সুলভ পৰিবহণৰ লক্ষ্যৰে বিকল্প সুস্থায়ী পন্থা : ২০১৮ ৰ পহিলা অক্টোবৰত সুলভ পৰিবহণৰ লক্ষ্যৰে বিকল্প সুস্থায়ী পন্থা বা ‘সতত’ কাৰ্যসূচীৰ সূচনা কৰা হয়। এই কাৰ্যসূচীৰ অধীনত ২০২০-ৰ ডিচেম্বৰ পৰ্যন্ত ৭ টা প্লান্টৰ পৰা আৰু ১৩ টা বিক্ৰয় কেন্দ্ৰৰ পৰা চিবিজি বা ঘনীভূত জৈৱ গেছ সৰবৰাহৰ উদ্যোগ গ্ৰহণ কৰা হৈছে।

12. আত্মনিৰ্ভৰ ভাৰত উদ্যোগক আৰু উৎসাহিত কৰাৰ বাবে পিপি-এলচি নীতিৰ সংশোধন কৰা হৈছে, যাতে স্থানীয়ভাৱে পণ্য সামগ্ৰীৰ উৎপাদনত আৰু প্ৰসাৰ ঘটাব পৰা যায়।

13. প্ৰবাসী শ্ৰমিকসকলৰ বাবে সুলভ আবাসৰ ভাড়া কাৰ্যসূচীৰ অধীনত তেল আৰু গেছ বিপণনকাৰী ৰাষ্ট্ৰীয় সংস্থা/সংগঠনবোৰৰ সৈতে পৰামৰ্শ অনুযায়ী পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ৫০ হাজাৰ আবাসগৃহ নিৰ্মাণৰ পৰিকল্পনা হাতত লৈছে।

*****

YB/SK/RD



(Release ID: 1685547) Visitor Counter : 219