বিত্ত মন্ত্ৰালয়

আয় কৰ বিৱৰণী দাখিলৰ বাবে সময়সীমাৰ সম্প্ৰসাৰণ

Posted On: 30 DEC 2020 7:08PM by PIB Guwahati

ভিড-১৯য়ে সৃষ্টি কৰা সংকটৰ বাবে কৰদাতাসকলে ন্যায়ীক আৰু নিয়ামক বাধ্যবাধকতাসমূহ পালন কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ৩১ মাৰ্চ ২০২০ত কৰ বলবত্কৰণ আৰু অন্যন্য আইন(কেতবোৰ দফাৰ সকাহ) সম্পৰ্কীয় অধ্যাদেশ,২০২০ জাৰি কৰি ইয়াৰ জৰিয়তে অন্যন্য কেতবোৰ প্ৰসংগৰ লগতে বিভিন্ন ধৰণৰ সময় সীমাৰ সম্প্ৰসাৰণ কৰিছিল। অধ্যাদেশখনক পৰৱৰ্তি সময়ত কৰ বলবত্কৰণ আৰু অন্যন্য আইন(কেতবোৰ দফাৰ সকাহ আৰু সংশোধন)আইনখনে প্ৰতিস্থাপিত কৰিছিল।

পৰৱৰ্তি সময়ত অধ্যাদেশখনৰ অধীনত চৰকাৰে যোৱা ২৪ জুন ২০২০ত জাৰি কৰা অধিসূচনাৰ জৰিয়তে ২০১৯-২০(বিত্তীয় বৰ্ষ)(সমীক্ষণ বৰ্য-২০২০-২১)ৰ আয় কৰ বিৱৰণী দাখিলৰ সময় সীমা ৩০ নৱেম্বৰ ২০২০ পৰ্যন্ত সম্প্ৰসাৰিত কৰিছিল।

কৰদাতাসকল কৰ বিৱৰণী দাখিলৰ বাবে আৰু অধিক সময় দান কৰাৰ লক্ষ্যৰে ৮৮-২০২০-এফ, নং ৩৭০১৪২-৩৫-২০২০-টিপিএল তাৰিখ ২৯ অক্টোবৰ ২০২০ নং অধিসূচনা জাৰি কৰিছিল

কৰদাতাসকলে সন্মুখীন হৈ অহা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি, বিবাদ চে বিশ্বাস আঁচনিৰ অধীনত আয়কৰ বিৱৰণী, পৰীক্ষণ প্ৰতিবেদন আৰু ঘোষণা আদি দাখিলৰ বাবে আৰু অধিক সময় আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি:

  1. যিসকল কৰদাতা(তেওঁলোকৰ অংশীদাৰসহ)ৰ একাউণ্ট পৰীক্ষা কৰোৱাৰ প্ৰয়োজন হয় আৰু প্ৰতিষ্ঠান(আয় কৰ আইন, ১৯৬১ৰ ১৩৯নং দফাৰ আধাৰত যাৰ সমীক্ষণ বৰ্ষ ২০২০-২১ৰ বাবে কৰ বিৱৰণী দাখিলৰ নিৰ্দ্ধাৰিত দিন আছিল ৩১ অক্টোবৰ, ২০২০ আৰু যি ৩০ নৱেম্বৰ ২০২০ পৰ্যন্ত সম্প্ৰসাৰিত কৰা হৈছিল আৰু পৰৱৰ্তি সময়ত ৩১ জানুৱাৰী ২০২১লৈ ইয়াৰ সম্প্ৰসাৰণ ঘটোৱা হৈছিল)ৰ কৰ বিৱৰণী দাখিলৰ সময় সীমা ১৫ ফেব্ৰুৱাৰী, ২০২১লৈ সম্প্ৰসাৰিত কৰা হৈছে।

 

  1. কৰদাতা যিসকলে আন্তঃৰাষ্ট্ৰীয়-নিৰ্দিষ্ট ঘৰুৱা লেন-দেন সন্দৰ্ভত সমীক্ষণ বৰ্ষ ২০২০-২১ৰ বাবে বিৱৰণী দাখিলৰ প্ৰয়োজন হয় (আয় কৰ আইন, ১৯৬১ৰ ১৩৯নং দফাৰ আধাৰত যাৰ নিৰ্দ্ধাৰিত দিন আছিল ৩০ নৱেম্বৰ ২০২০ আৰু পৰৱৰ্তি সময়ত ৩১ জানুৱাৰী ২০২১লৈ ইয়াৰ সম্প্ৰসাৰণ ঘটোৱা হৈছিল) কৰ বিৱৰণী দাখিলৰ সময় সীমা ১৫ ফেব্ৰুৱাৰী, ২০২১লৈ সম্প্ৰসাৰিত কৰা হৈছে।

 

  1. যিসকল কৰদাতাৰ একাউণ্ট পৰীক্ষা কৰোৱাৰ প্ৰয়োজন হয় (আয় কৰ আইন, ১৯৬১ৰ ১৩৯নং দফাৰ আধাৰত যাৰ সমীক্ষণ বৰ্ষ ২০২০-২১ৰ বাবে কৰ বিৱৰণী দাখিলৰ নিৰ্দ্ধাৰিত দিন আছিল ৩১ জুলাই, ২০২০ আৰু যি ৩০ নৱেম্বৰ ২০২০ পৰ্যন্ত সম্প্ৰসাৰিত কৰা হৈছিল আৰু পৰৱৰ্তি সময়ত ৩১ ডিচেম্বৰ ২০২০লৈ ইয়াৰ সম্প্ৰসাৰণ ঘটোৱা হৈছিল)কৰ বিৱৰণী দাখিলৰ সময় সীমা ১০ জানুৱাৰী, ২০২১লৈ সম্প্ৰসাৰিত কৰা হৈছে।
  2. আইনখনৰ অধীনত সমীক্ষণ বৰ্ষ ২০২০-২১ৰ বাবে দাখিল কৰিব লগা কৰ পৰীক্ষণ বিৱৰণীকে ধৰি বিভিন্ন পৰীক্ষণ বিৱৰণী আৰু আন্তঃৰাষ্ট্ৰীয়-নিৰ্দিষ্ট ঘৰুৱা লেন-দেন সম্পৰ্কীয় বিৱৰণী দাখিলৰ সময় সীমা ১৫ ফেব্ৰুৱাৰী, ২০২১ পৰ্যন্ত সম্প্ৰসাৰিত কৰা হৈছে।

 

  1. বিবাদ চে বিশ্বাস আঁচনিৰ অধীনত দাখিল কৰিব লগা ঘোষণাৰ বাবে নিৰ্দ্ধাৰিত অন্তিম তাৰিখ ৩১ ডিচেম্বৰ ২০২০ৰ পৰা ৩১ জানুৱাৰী ২০২১ লৈ সম্প্ৰসাৰিত কৰা হৈছে।
  2. বিবাদ চে বিশ্বাস আঁচনিৰ অধীনত দিব লগা নিৰ্দেশৰ বাবে নিৰ্দ্ধাৰিত অন্তিম তাৰিখ ৩০ জানুৱাৰী ২০২১ৰ পৰা ৩১ জানুৱাৰী ২০২১ লৈ সম্প্ৰসাৰিত কৰা হৈছে।
  3. প্ৰত্যক্ষ কৰ তথা বেনামী আইনৰ অধীনত দিব লগা নিৰ্দেশ অথবা জাননী জাৰি কৰাৰ বাবে নিৰ্দ্ধাৰিত অন্তিম তাৰিখ ৩০ মাৰ্চ ২০২১ৰ পৰা ৩১ মাৰ্চ ২০২১ লৈ সম্প্ৰসাৰিত কৰা হৈছে।

ইফালে কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ আইন, ২০১৭ৰ ৪৪নং দফাৰ অধীনত ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে দাখিল কৰিব লগা বাৰ্ষিক প্ৰতিবেদন দাখিলৰ অন্তিম দিন ৩১ ডিচেম্বৰৰ পৰা ২৮ ফেব্ৰুৱাৰী ২০২১লৈ সম্প্ৰসাৰিত কৰা হৈছে।

এই সন্দৰ্ভত প্ৰয়োজনীয় জাননী উপযুক্ত সময়ত জাৰি কৰা হব।

****

RM/KMN/KB



(Release ID: 1685014) Visitor Counter : 215