বিত্ত মন্ত্ৰালয়

ছভৰেইন গ'ল্ড বণ্ড স্কিম ২০২০-২১ (ছিৰিজ IX)-জাৰি মূল্য

Posted On: 26 DEC 2020 2:57PM by PIB Guwahati

ভাৰত চৰকাৰৰ অধিসূচনা সংখ্যা এফ. সংখ্যা ৪(৪)-বি/(ডব্লিউ এণ্ড এম)/২০২০ তাৰিখ ৯ অক্টোবৰ, ২০২০ অনুসৰি ছভৰেইন গ'ল্ড বণ্ড ২০২০-২১ (ছিৰিজ IX)ৰ জাৰি ২০ ডিচেম্বৰ, ২০২০ৰ পৰা ০১ জানুৱাৰী, ২০২১লৈকে মুকলি থাকিব আৰু নিষ্পত্তিৰ তাৰিখ ০৫ আগষ্ট, ২০২১। ক্ৰয় অৱধিৰ সময়ত বণ্ডৰ জাৰি মূল্য প্ৰতি গ্ৰামত ৫,০০০ টকা (পাঁচ হাজাৰ টকা) হ'ব, যেনেকৈ আৰবিআইৰ দ্বাৰা ২৪ ডিচেম্বৰ, ২০২০ত জাৰি নিজৰ প্ৰেছ বিজ্ঞপ্তিতো প্ৰকাশ কৰা হৈছে।

 

ভাৰত চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰামৰ্শ অনুসৰি সেই বিনিয়োগকৰ্তাসকলক জাৰি মূল্যত প্ৰতি গ্ৰামত ৫০ টকাৰ ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে যি অনলাইন আবেদন কৰিব আৰু ডিজিটেল ম'ডৰ জৰিয়তে পৰিশোধ কৰিব। এনেকুৱা বিনিয়োগকাৰীৰ বাবে গ'ল্ড বণ্ডৰ জাৰি মূল্য প্ৰতি গ্ৰামত ৪,৯৫০ টকা (চাৰি হাজাৰ নশ পঞ্চাশ টকা) হ'ব।

 

*****

RM/KMN



(Release ID: 1683948) Visitor Counter : 135


Read this release in: English , Urdu , Hindi , Tamil , Telugu