গৃহ মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকক সম্বোধন কৰি থকাৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীত আজি কৃষকৰ এটা দলক সংগ দিয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ কৃষকৰ কল্যাণৰ বাবে দৃঢ়বদ্ধ

‘গ্ৰামাঞ্চলত সকলো কৃষকে মোদী চৰকাৰৰ কৃষক কল্যাণ নীতি আৰু কৃষি সংস্কাৰক উৎসাহ আৰু উদ্দীপনাৰে সমৰ্থন জনাইছে’

‘যোৱা ৬ বছৰত মোদী চৰকাৰে দেশৰ দৰিদ্ৰ, কৃষক আৰু পিছপৰা শ্ৰেণীৰ কথা মনত ৰাখি প্ৰতিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, যিয়ে তেওঁলোকক প্ৰাপ্য অধিকাৰ দিছে আৰু তেওঁলোকৰ জীৱন-ধাৰণৰ মান উন্নত কৰিছে’

পিএম কিষাণ হ’ল এনেকুৱা এক অভিনৱ আঁচনি, যাৰ জৰিয়তে মোদী চৰকাৰে কৃষকৰ একাউণ্টলৈ বছৰি ৬,০০০টকা প্ৰেৰণ কৰে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পিএম কিষাণ আঁচনিৰ আন এক কিস্তি হিচাপে ৯কোটি কৃষকৰ বাবে ১৮,০০০কোটি টকা মুকলি কৰি দিছে, যাতে কৃষকসকলে তেওঁলোকৰ কৃষিজনিত প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পাৰে

কৃষকৰ সৱলীকৰণৰ প্ৰতি থকা দায়বদ্ধতা আৰু নিষ্ঠাৰ বাবে মই প্ৰধানমন্ত্ৰী মোদীজীক অভিনন্দন জনাব বিচাৰো
ইউপিএ চৰকাৰে ১০বছৰত ৬০,০০০ কোটিৰ কৃষি ঋণ ৰেহাই দিছিল, কিন্তু মোদী চৰকাৰে মাত্ৰ আঢ়ৈ বছৰৰ ভিতৰত ১০কোটি কৃষকৰ বেংক একাউণ্টলৈ প্ৰত্যক্ষভাৱে ৯৫,০০০কোটি প্ৰেৰণ কৰিছে

২০১৩-১৪ত কৃষি বাজেট আছিল মাত্ৰ ২১,৯৩৩কোটি, ইয়াৰ বিপৰীতে প্

Posted On: 25 DEC 2020 8:56PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকক সম্বোধন কৰি থকাৰ সময়ত কৃষকৰ এটা দলক সংগ দিয়ে। অনুষ্ঠানত শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ কৃষকৰ কল্যাণৰ বাবে সংকল্পবদ্ধ। তেওঁ কয়, ‘গ্ৰামাঞ্চলত সকলো কৃষকে মোদী চৰকাৰৰ কৃষক কল্যাণ নীতি আৰু কৃষি সংস্কাৰক উসাহ আৰু উদ্দীপনাৰে সমৰ্থন জনাইছে। যোৱা ৬ বছৰত মোদী চৰকাৰে দেশৰ দৰিদ্ৰ, কৃষক আৰু পিছপৰা শ্ৰেণীৰ কথা মনত ৰাখি প্ৰতিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, যিয়ে তেওঁলোকক প্ৰাপ্য অধিকাৰ দিছে আৰু তেওঁলোকৰ জীৱন-ধাৰণৰ মান উন্নত কৰিছে। পিএম কিষাণ হ’ল এনেকুৱা এক অভিনৱ আঁচনি, যাৰ জৰিয়তে মোদী চৰকাৰে কৃষকৰ একাউণ্টলৈ বছৰি ৬,০০০টকা প্ৰেৰণ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পিএম কিষাণ আঁচনিৰ আন এক কিস্তি হিচাপে ৯কোটি কৃষকৰ বাবে ১৮,০০০কোটি টকা মুকলি কৰি দিছে, যাতে কৃষকসকলে তেওঁলোকৰ কৃষিজনিত প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পাৰে’।

 

ইফালে, কৃষকৰ সৱলীকৰণৰ প্ৰতি থকা দায়বদ্ধতা আৰু নিষ্ঠাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনায়। তেওঁ উল্লেখ কৰে যে ইউপিএ চৰকাৰে ১০বছৰত ৬০,০০০ কোটিৰ কৃষি ঋণ ৰেহাই দিছিল, কিন্তু মোদী চৰকাৰে মাত্ৰ আঢ়ৈ বছৰৰ ভিতৰত ১০কোটি কৃষকৰ বেংক একাউণ্টলৈ প্ৰত্যক্ষভাৱে ৯৫,০০০কোটি প্ৰেৰণ কৰিছে।

 

শ্ৰী শ্বাহে কয়, ২০১৩-১৪ত কৃষি বাজেট আছিল মাত্ৰ ২১,৯৩৩কোটি, ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজিৰ দিনত কৃষি বাজেট ১,৩৪,৩৯৯ কোটিলৈ বৃদ্ধি হৈছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে কেইবাবাৰো এই কথা স্পষ্ঠ কৰিছে আৰু আজিও ক’ব বিচাৰে এমএছপি পূৰ্বেও আছিল, এতিয়াও আছে আৰু ভৱিষ্যতলৈও থাকিব।

 

চৰকাৰে কৃষকৰ কল্যাণৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ আলোকপাত কৰি শ্ৰী শ্বাহে পুনৰ কয় যে

২০০৯-২০১৪ৰ ভিতৰত ধান আৰু ঘেহু ক্ৰয়ৰ বাবে মাত্ৰ ৩,৭৪,০০০কোটি টকা ব্যয় কৰা হৈছিল আৰু ২০১৪-২০১৯ৰ সময়ছোৱাত ৮,২২,০০০কোটি টকা মূল্যৰ ধান আৰু ঘেহু ক্ৰয় কৰা হৈছে।

 

তিনিখন কৃষি আইন কৃষকৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি প্ৰণয়ন কৰা হৈছে, ই কৃষকক ক্ষতি নকৰে, মাণ্ডীও বন্ধ নহয় আৰু কোনেও কৃষকৰ এক ইঞ্চি ভূমিও দখল কৰিব নোৱাৰে বুলিও কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কৃষকক আশ্বাস দিয়ে। ‘শ্ৰী নৰেন্দ্ৰ মোদীজী যেতিয়ালৈকে দেশৰ প্ৰধানমন্ত্ৰী হৈ থাকিব, তেতিয়ালৈ কোনো কৰ্প’ৰেটে কৃষক বন্ধুৰ ভূমি কাঢ়ি নিব নোৱাৰে’। শ্ৰী শ্বাহে এইদৰে কয়।

 

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে যদি কৃষক সংগঠনসমূহে অনুভৱ কৰিছে যে এই কৃষি আইনৰ যিকোনো এটা ব্যৱস্থাই কৃষকক আঘাত হানিছে, তেন্তে তেনে ব্যৱস্থাক লৈ কৃষক সংগঠনৰ সৈতে মুক্ত মনেৰে আলোচনাত বহিবলৈ চৰকাৰে সাজু আছে।

*****

NW/RK/PK/AD/DDD/MS



(Release ID: 1683769) Visitor Counter : 151