প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোত্সৱ’ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণ

Posted On: 22 DEC 2020 6:25PM by PIB Guwahati

নমস্কাৰ,

মোৰ কেবিনেট সহযোগী  ড০ হৰ্ষ বৰ্দ্ধন জী, বিভাগীয় ৰাষ্ট্ৰীয় সভাপতি ড০ বিজয় ভটকৰ জী, সন্মানীয় বৈজ্ঞানিকসকল, উপস্থিত সুধীবৃন্দ।

উত্সৱ-পাৰ্বন, মহোত্সৱ, এইবোৰ ভাৰতৰ চৰিত্ৰতো হয়েই, ভাৰতৰ স্বভাৱো হয়,  আৰু ভাৰতৰ পৰম্পৰাও হয়। আজিৰ মহোত্সৱত আমি বিজ্ঞানক উদযাপন কৰিছো। আমি সেই মানৱীয় মননকো উদযাপন কৰিছো যি আমাক অহৰহ উদ্ভাৱনৰ বাবে উত্সাহিত কৰি থাকে।

বন্ধুসকল,

ভাৰতে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ এক গৌৰৱময় উত্তৰাধিকাৰিত্ব লাভ কৰিছে। আমাৰ বিজ্ঞানাসকলে নতুন পথ-সন্ধানকাৰী গৱেষণা সম্পন্ন কৰি আহিছে। গোলকীয় সমস্যাৱলীৰ সমাধানসূত্ৰ আৱিষ্কাৰৰ বাবে আমাৰ প্ৰযুক্তি-উদ্যোগখণ্ডই অগ্ৰণী ভূমিকা পালন কৰি আহিছে। ইমানৰ পিচতো কিন্তু ভাৰতে আৰু অধিক সম্পন্ন কৰিব বিচাৰিছে। আমি অতীতক নিশ্চয় গৌৰৱৰে ৰোমন্থন কৰিব বিচাৰো, কিন্তু ভৱিষ্যতকো আৰু অধিক উন্নত কৰি গঢ়িব বিচাৰো।

বন্ধুসকল,

ইয়াৰ বাবে ভাৰতে বুনিয়াদী বিষয়সমূহত গুৰুত্ব প্ৰদান কৰি আহিছে। আপোনালোকতকৈ এই কথা কোনে ভালকৈ জানিব যে, বিজ্ঞান-মনস্কতা বিকশিত কৰাৰ বাবে শৈশৱতকৈ উত্তম সময় আৰু কি হব পাৰে! সম্প্ৰতি ভাৰতৰ শিক্ষা পদ্ধতিৰ পদ্ধতিগত সংস্কাৰ সাধন কৰা হৈছে, যাতে কিতাপৰ জ্ঞানতকৈ আগুৱাই গৈ জিজ্ঞাসাৰ মানসিকতাক উত্সাহিত কৰিব পৰা যায়। তিনিটা দশকৰ দীঘলীয়া সময়ৰ পিচত দেশে ৰাষ্ট্ৰীয় শিক্ষা নীতি লাভ কৰিছে। এই নীতিয়ে শিক্ষা খণ্ডৰ দৃষ্টিভংগীকে সলাই পেলাইছে। 

বন্ধুসকল,

প্ৰথমে আউটলে-ৰ ওপৰত দৃষ্টি নিবদ্ধ কৰা হৈছিল, এতিয়া কিন্তু আউটকামৰ ওপৰতে দৃষ্টি নিবদ্ধ কৰা হৈছে। আগতে পাঠ্যপুথিৰ ওপৰত দৃষ্টি দিয়া হৈছিল, এতিয়া দিয়া হৈছে গৱেষণা আৰু প্ৰয়োগৰ ওপৰত। নতুন শিক্ষা নীতিয়ে দেশত  এনে এক বাতাবৰণ সৃষ্টিৰ বাবে গুৰুত্ব প্ৰদান কৰি আহিছে যাৰ জৰিয়তে উন্নত মানৰ শিক্ষকৰ এক মণ্ডলীক সাজু তুলিব পৰা যায়। এই প্ৰয়াসে আমাৰ নতুন আৰু উদীয়মান বিজ্ঞানীসকলকো সহযোগিতা আগবঢ়াব, উত্সাহিত কৰিব।

বন্ধুসকল,

শিক্ষাখণ্ডত সম্পাদন কৰা সংস্কাৰক সহয়োগিতা কৰাৰ বাবে অটল ইনভেশ্যন মিছনও আৰম্ভ কৰা হৈছে। এই অভিযানে অনুসন্ধান, প্ৰতিষ্ঠান আৰু উদ্ভাৱনক এক অৰ্থত উদযাপন কৰিব। ইয়াৰ অধীনত দেশৰ বহু সংখ্যক বিদ্যালয়ত অটল টিংকাৰিং লেব স্থাপন কৰা হৈছে, যত উদ্ভাৱনৰ এক নতুন পৃষ্ঠভূমি তৈয়াৰ হৈ উঠিছে। এইসমূহ নিৰ্মাণাগাৰত আমাৰ বিদ্যালয়সমূহত বিজ্ঞানৰে জড়িত আন্তঃগাঁথনি অধিক উন্নত হৈ উঠিছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত অটল ইনকুবেশ্যন চেণ্টাৰসমূহ স্থাপন কৰা হৈছে, যাতে দেশত গৱেষণা আৰু উন্নয়ণৰে জড়িত পৰিৱেশটোক উন্নত কৰিব পৰা যায়। সেইদৰে অভিযান্ত্ৰিক মহাবিদ্যালয়, আইআইটি আদি স্থাপনৰো ব্যৱস্থা কৰা হৈছে।

বন্ধুসকল,

মান সম্পন্ন গৱেষণাৰ বাবে চৰকাৰে প্ৰধানমন্ত্ৰীৰ গৱেষণা ফেলশ্বিপ আঁচনি পৰিচালিত কৰি আহিছে। বিগত কেবাটাও মাহত মই বহুবাৰ বিজ্ঞানীসমাজৰে আলোচনাত মিলিত হৈছো। অলপতে ভাৰতে বৈভৱ শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰিছে। মাহ ধৰি চলা এই সন্মিলনত পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা ভাৰতীয় মূলৰ বিজ্ঞানী আৰু গৱেষকসকল সন্মিলিত হৈছিল। ইয়াত প্ৰায় ২৩,০০০ সতীৰ্থই অংশগ্ৰহণ কৰি ৭০০ ঘণ্টাৰো অধিক কাল আলোচনাত মিলিত হৈছিল।

ভাৰতক আটাইতকৈ বিশ্বাসভাজন বৈজ্ঞানিক শিক্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰেই এই সকলো প্ৰয়াস কৰা হৈছে। হেকাথন অনুষ্ঠিত কৰা, অংশগ্ৰহণৰ ক্ষেত্ৰত ভাৰতে বিশেষ কৃতিত্ব অৰ্জন কৰিছে। দেশৰ লগতে বিদেশতো অনুষ্ঠিত কৰা হৈছে হেকাথনইয়াৰ জৰিয়তে বিজ্ঞানীসকলে সুযোগ লাভ কৰাৰ লগতে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিব পাৰিছে। 

বন্ধুসকল,

বিজ্ঞান আৰু প্ৰযুক্তিক তেতিয়ালৈকে আধৰুৱা বুলিয়ে গণ্য কৰা হয় যেতিয়ালৈকে ইয়াৰ উপকাৰিতাসমূহ সকলোৰে বাবে সম্ভৱ কৰিব পৰা নাযায়। বিগত ৬বছৰত যুৱ-প্ৰজন্মক সুযোগৰে সংযুক্ত কৰাৰ বাবে দেশত বিজ্ঞান আৰু প্ৰযুক্তিৰ সদ্ব্যৱহাৰৰ পসৰ সম্প্ৰসাৰিত কৰা হৈছে। বিজ্ঞান আৰু প্ৰযুক্তিয়ে এতিয়া ভাৰতত অভাৱ আৰু প্ৰভাৱৰ মাজৰ দ-খাৱৈৰ ওপৰত সেঁতুবন্ধনৰ কাম কৰিছে। ইয়াৰ সহায়ত প্ৰথমবাৰৰ বাবে দুখীয়াৰো দুখীয়াসকলক চৰকাৰৰ লগত, ব্যৱস্থাৰ সৈতে প্ৰত্যক্ষ ভাবে সংযোজিত কৰা হৈছে। ডিজিটেল প্ৰযুক্তিয়ে সৰ্ব-সাধাৰণ ভাৰতীয়ক শক্তিতো দিছেই, চৰকাৰী সহযোগিতাকো পোণপতীয়াকৈ, দ্ৰুতগতিৰে প্ৰদানৰ ভৰষাও প্ৰদান কৰিছে।

বন্ধুসকল,

ভাৰতত বিশ্বমানৰ শিক্ষা, স্বাস্থ্য, সংযোগ, দুখীয়াৰো দুখীয়া লোকসকল, গঁৱে গাঁৱে বিস্তাৰিত কৰাৰ বাবে উচ্চ-প্ৰযুক্তিৰ ঘাইপথৰ বাবে, ডাটা, ডেমগ্ৰাফী, ডিমাণ্ড আৰু এই সকলোকে চম্ভালি লোৱাৰ বাবে, সন্তুলিত আৰু সংৰক্ষিত কৰাৰ বাবে ডেমক্ৰেচীও আছে। সেইকাৰণেই আজি পৃথিৱীয়ে ভাৰতক ইমানকৈ ভৰসা কৰিবলৈ লৈছে।

বন্ধুসকল,

শেহতীয়া ভাবে ডিজিটেল ইণ্ডিয়া অভিযানৰ আৰু অধিক সম্প্ৰসাৰণ কৰাৰ বাবে পিএম-ৱানী আঁচনিৰ শুভাৰম্ভ কৰা হৈছে। ইয়াৰ দ্বাৰা সমগ্ৰ দেশতে, ৰাজহুৱা স্থানতে, সকলোৰে বাবে মান সম্পন্ন ৱাই-ফাই-ৰ সংযোগ সম্ভৱ কৰিব পৰা যাব। ইয়াৰ প্ৰত্যক্ষ লাভ বিজ্ঞানৰে হব, কিয়নো দেশৰ গ্ৰাম্যাঞ্চলৰ যুৱক-যুৱতীয়েও পৃথিৱীৰ উত্তম বৈজ্ঞানিক জ্ঞানসমূহক অতি সহজেই উপলব্ধ কৰিব পাৰিব।

বন্ধুসকল,

আমাৰ দেশত পানীৰ নাটনি, প্ৰদূষণ, মাটিৰ মান, খাদ্য সুৰক্ষাৰ দৰে অনেক প্ৰত্যাহ্বান আছে যাৰ আধুনিক সমাধানসূত্ৰ বিজ্ঞানৰ হাতত মজুত আছে। আমাৰ সাগৰত থকা পানী, শক্তি আৰু খাদ্যৰ বিশাল ভাণ্ডাৰ, সেইবোৰৰ দ্ৰুত গতিৰে অনুসন্ধান কৰাৰ বাবেও বিজ্ঞানৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। যেনেদৰে আমি মহাকাশ অনুসন্ধানত সাফল্য অৰ্জন কৰিছো, সেইদৰেই আমি গভীৰ সমুদ্ৰ ক্ষেত্ৰতো সফলতা অৰ্জন কৰিব লাগিব। ভাৰতে ইয়াৰ বাবে ডীপ অচেন মিছন ৰূপায়িত কৰি আহিছে।

বন্ধুসকল,

বিজ্ঞানৰ জৰিয়তে আমি নতুনকৈ যিখিনি সম্ভৱ কৰিব পাৰিছো তাৰ লাভ বাণিজ্য, বেহা-বেপাৰেও লাভ কৰিব। এতিয়া যেনেকৈ মহাকাশ খণ্ডত সংস্কাৰ সাধন কৰা হৈছে, ইয়াৰ জৰিয়তে আমি আমাৰ যুৱ-প্ৰজন্মক, দেশৰ ব্যক্তিগতখণ্ডক কেৱল আকশেই নহয়, বৰঞ্চ অসীম অন্তৰীক্ষৰ শিখৰ স্পৰ্শ কৰাৰ বাবে উত্সাহিত কৰাৰ প্ৰয়াস কৰিছো। প্ৰডাকশ্যন লিংকড ইনচেণ্টিঊ স্কীম’-ৰ দৰে আঁচনিৰ দ্বাৰা বিজ্ঞান আৰু প্ৰযুক্তিৰে জড়িত খণ্ডসমূহৰ ওপৰত নজৰ ৰখা হৈছে। এনেবোৰ পদক্ষেপৰ সুবাদত বিজ্ঞানী-সমাজে উত্সাহ লাভ কৰিব, বিজ্ঞান আৰু প্ৰযুক্তিৰে জড়িত বাতাবৰণটো আৰু অধিক উন্নত হব। ইয়াৰ ফলত উদ্ভাৱনৰ বাবে অধিক সম্পদ সৃষ্টি কৰিব পৰা যাব। ইয়াৰ জৰিয়তে বিজ্ঞান আৰু উদ্যোগখণ্ডৰ মাজত অংশীদাৰিত্বৰ এক নতুন সংস্কৃতিয়ে গঢ় লৈ উঠিব। হাইদ্ৰজেন অৰ্থনীতিয়েই হওক কিম্বা নীল-অৰ্থনীতিয়েই হওক অথবা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ব্যৱহাৰেই হওক, নতুন পৃষ্ঠপোষকতাৰে নতুন পথ উন্মোচিত হব। মই বিশ্বস কৰো, এই মহোত্সৱে বিজ্ঞান আৰু উদ্যোগৰ মাজত সমন্বয়ৰ মানসিকতা আৰু পৃষ্ঠপোষকতাৰ এক নতুন দিগন্ত উন্মোচিত কৰিব।

ভিড মহামাৰীৰ প্ৰতিষেধক আজিৰ তাৰিখত বিজ্ঞানৰ বাবে আটাইতকৈ বৃহত্ প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈছে। যি কি নহওক, এয়া সাময়িক প্ৰত্যাহ্বান। পিচে, বিজ্ঞানে সন্মুখীন হোৱা দীৰ্ঘকালীন প্ৰত্যাহ্বানটো হৈছে উচ্চ মেধা-সম্পন্ন যুৱক-যুৱতীক আকৰ্ষিত কৰা, তেওঁলোকক জড়িত কৰি ৰখাটো। বিশুদ্ধ বিজ্ঞানতকৈ প্ৰযুক্তি অথবা আভিযান্ত্ৰিক খণ্ডইহে যুৱ প্ৰজন্মক অধিক আকৰ্ষিত কৰি অহা প্ৰায়েই দেখিবলৈ পোৱা যায়। যিকি নহওক, যি কোনো এখন দেশে যদি প্ৰগতি কৰিব খোজে তেন্তে, বিজ্ঞানৰ শক্তিক অধিক মহত্ব প্ৰদান কৰিবই লাগিব। কাৰণ, তেওঁলোকে কোৱাৰ দৰে, আজি যাক বিজ্ঞান বুলি কোৱা হৈছে, সেয়া কাইলৈ প্ৰযুক্তি হব আৰু তাৰ পিচত সেয়াই ৰূপ লব এক অভিযান্ত্ৰিক সমাধানৰ

সেয়ে, বিজ্ঞানৰ পৰিমণ্ডললৈ মেধাৱীসকলক আকৰ্ষিত কৰাৰ প্ৰয়াসৰে এই পৰিক্ৰমাৰ আৰম্ভণী হব লাগিব। তাকে সম্ভৱ কৰিবলৈ চৰকাৰে বিভিন্ন পৰ্যায়ত বৃত্তি-জলপানীৰ দিহা কৰিছে। পিচে, ইয়াক আৰু অৰ্থবহ কৰিবলৈ হলে বিজ্ঞান-সমাজেও অধিক তত্পৰতা গ্ৰহণ কৰিব লাগিব। চন্দ্ৰযান অভিযানক লৈ সৃষ্টি হোৱা উত্সাহ এক আশাব্যঞ্জক আৰম্ভণী আছিল। আমি বহু সংখ্যক যুৱক-যুৱতীয়ে প্ৰদৰ্শন কৰা আগ্ৰহত অভিভূত হৈছিলো। তাৰে পৰাই আমি আমাৰ ভৱিষ্যতৰ বিজ্ঞানীৰ সন্ধান লাভ কৰিম। এতিয়া আমি তেওঁলোকক উত্সাহিত কৰাত মনোনিৱেশ কৰিব লাগিব।

বন্ধুসকল,

এই সমাৱেশৰ জৰিয়তে মই গোলকীয়-পৰিমণ্ডলক ভাৰতীয় মেধা-ৰ ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ আৰু ভাৰতত উদ্ভাৱনৰ মহাযজ্ঞ অনুষ্ঠিত কৰিবলৈ আমন্ত্ৰণ জনাব বিচাৰিছো। ভাৰতত উজ্জ্বলতম মেধাৰ ভাণ্ডাৰ আছে। আজিৰ ভাৰতে মুক্ত আৰু স্বচ্ছতাৰ এক সাংস্কৃতি উদযাপন কৰিছে। গৱেষণাৰ বাতাবৰণ আৰু অধিক উন্নত কৰাৰ বাবে ভাৰত চৰকৰে যি কোনো প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ নিজকে সাজু কৰি ৰাখিছে।

বন্ধুসকল,

বিজ্ঞানে ব্যক্তিৰ অভ্যন্তৰৰ সামৰ্থ্য, ব্যক্তিৰ ভিতৰত সমাহিত হৈ থকা উত্তমখিনিক বাহিৰলৈ উলিয়াই আনে। এই স্পীৰিটেই কভিড-ৰ প্ৰতিষেধকৰ বাবে কাম কৰি থকা আমাৰ বিজ্ঞানীসকলৰ ক্ষেত্ৰত দেখিবলৈ পাইছো। কৰোনা-ৰে যুঁজাৰ সময়ত আমাৰ বিজ্ঞানীসকলে আমাক আগত ৰাখিছে, উন্নত স্থিতিত ৰাখিছে।

বন্ধুসকল,

দুহাজাৰ বছৰৰ আগতে মহান তামিল সন্ত আৰু সমাজ সংস্কাৰক থিৰুৱল্লুৰ জীয়ে যি সূত্ৰ-বাক্য, যি মন্ত্ৰ দি থৈ গৈছিল, সেয়া আজিও সিমানেই সংগত হৈয়ে আছে, ৰিলেভেণ্ট হৈ আছে। তেওঁ কৈছিল-'In sandy soil, when deep you delve, you reach the springs below; The more you learn, the freer streams of wisdom flow.' অৰ্থাত, বালিময় ভূমিখণ্ডত যিমানেই গভীৰলৈ খান্দিবা, তলত তুমি পানীৰ নিজৰাৰ সন্ধান পাবা; যিমানেই শিকিবা, তুমি জ্ঞানৰ মুক্ত প্ৰবাহ অনুভৱ কৰিবা

মই আপোনালোকক আহ্বান জনাব খুজিছো, শিক্ষণৰ এই প্ৰক্ৰিয়াক, লাৰ্ণিঙৰ এই প্ৰচেছক কেতিয়াও স্থবিৰ হবলৈ নিদিব। আপোনালেকে যিমানেই শিকিব, আপোনালোকৰ দক্ষতাক যিমানেই বিকশিত কৰিব, সিমানেই আপোনালোকৰো বিকাশ হব। এই স্পীৰিটেইহে আগলৈকো সমৃদ্ধ কৰিব। বিজ্ঞানে ভাৰতৰ, সমগ্ৰ পৃথিৱীৰ বিকাশক উজ্জীৱিত কৰি আহিছে। এই কামনা, এই বিশ্বাসকে সাৰোগত কৰি আপোনালোক আটাইলৈকে বহুত বহুত শুভকামনা জনাই সামৰিছো।

ধন্যবাদ! বহুত বহুত ধন্যবাদ!!

***



(Release ID: 1682902) Visitor Counter : 198