প্ৰতিৰক্ষা মন্ত্ৰালয়

ভাৰতীয় সেনাই নতুন 'বৰোদা মিলিটেৰী ছেলাৰী পেকেজ'ৰ বাবে বেংক অফ বৰোদাৰ সৈতে বুজাবুজিত হস্তাক্ষৰ কৰে

Posted On: 22 DEC 2020 1:37PM by PIB Guwahati

ভাৰতীয় সেনা আৰু বেংক অফ বৰোদাই 'বৰোদা মিলিটেৰী ছেলাৰী পেকেজ'ৰ বাবে এক বুজাবুজি কৰিছে। মহানিৰ্দেশক (এমপি এণ্ড পিএছ) লেঃ জেনেৰেল ৰৱীন খোসলা আৰু বেংক অফ বৰোদাৰ কাৰ্যকৰী নিৰ্দেশক শ্ৰী বিক্ৰমাদিত্য সিংহ খীচীয়ে বুজাবুজিত হস্তাক্ষৰ কৰে। এই উপলক্ষে ভাৰতীয় সেনাৰ এডজ্যুটেণ্ট জেনেৰেল লেঃ জেনেৰেল হৰ্ষ গুপ্তা উপস্থিত আছিল, যি বৈঠকৰ অধ্যক্ষতাও কৰে। এই বুজাবুজিত সেই আধাৰৰ উল্লেখ কৰা হয়, যাৰ ওপৰত ভাৰতীয় সেনাৰ সেৱাৰত আৰু সেৱানিবৃত্ত কৰ্মচাৰীৰ বাবে বেংক অফ বৰোদাৰ দ্বাৰা বেংক সেৱা প্ৰদান কৰা হ'ব।

 

বেংক অফ বৰোদাৰ ৮,২০০তকৈ অধিক ঘৰুৱা শাখা তথা প্ৰায় ২০,০০০ বিজনেছ কৰেস্পণ্ডেণ্ট টাচপইণ্টৰ নেটৱৰ্কৰ মাধ্যমত ভাৰতীয় সেনাৰ সেৱাৰত তথা সেৱানিবৃত্ত কৰ্মীৰ বাবে 'বৰোদা মিলিটেৰী ছেলাৰী পেকেজ'ৰ জৰিয়তে সেৱা প্ৰদান কৰা হ'ব।

 

এই পেকেজত নিশুল্ক ব্যক্তিগত দুৰ্ঘটনা বীমা সুৰক্ষা, স্থায়ী সম্পূৰ্ণ দিব্যাংগতা সুৰক্ষা, আংশিক দিব্যাংগতা সুৰক্ষা আৰু পৰ্যাপ্ত ধনৰাশিযুক্ত বিমান দুৰ্ঘটনা বীমা সুৰক্ষাৰ লগতে সেৱাৰত কৰ্মীৰ মৃত্যুৰ স্থিতিত উচ্চতৰ শিক্ষা সুৰক্ষা তথা বালিকা বিবাহ সুৰক্ষা সহিতে অত্যাধিক আকৰ্ষণীয় লাভ প্ৰদান কৰা হৈছে। সকলো বেংকৰ এটিএমৰ পৰা নিশুল্ক অসীমিত ধনৰাশিৰ নিৰ্গমন, ক্ষুদ্ৰ ঋণত বিভিন্ন সেৱা শুল্কৰ ওপৰত সুত অথবা ৰেহাই, আৰটিজিএছ/এনএএফটিৰ মাধ্যমত নিশুল্ক জমাৰ সুবিধা, নিশুল্ক ডিমাণ্ড ড্ৰাফ্ট/বেংকাৰ চেক, লকাৰৰ ভাৰাত যথেষ্ট ৰেহাই আৰু কাৰ্ডৰ ব্যৱহাৰত অনেক অতিৰিক্ত লাভসহ পেকেজৰ জৰিয়তে অন্য সেৱাসমূহ দিয়া হৈছে।

 

*****

AA/BSC



(Release ID: 1682880) Visitor Counter : 105