শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

ইপিএফঅ’ পে’ৰুল তথ্যঃ ২০২০ ৰ অক্টোবৰত ১১.৫৫ লাখ মুঠ চাবচক্ৰাইবাৰ সংযোজিত

Posted On: 20 DEC 2020 6:37PM by PIB Guwahati

২০২০ ৰ ২০ ডিচেম্বৰত ইপিএফঅ’ৰ প্ৰভিজ্যনেল পে’ৰুল ডাটা মুকলি হয়। ইয়াত দেখা যায় যে ২০২০ ৰ অক্টোবৰ মাহটোত ইপিএফঅ’য়ে ১১.৫৫ লাখ মুঠ চাবচক্ৰাইবাৰ সংযোজিত কৰে। ক’ভিড-১৯ মহামাৰীটো সত্বেও, ইপিএফঅ’য়ে চলিত বিত্তীয় বৰ্ষটোত (২০২০ ৰ এপ্ৰিলৰপৰা অক্টোবৰলৈ) প্ৰায় ৩৯.৩৩ লাখ চাবচক্ৰাইবাৰ সংযোজিত কৰে। প্ৰকাশিত তথ্যই এই মাহটোত যোগদান কৰা সদস্য আৰু ৱেজ মাহটোৰ বাবে ইপিএফঅ’ৰদ্বাৰা গ্ৰহণ কৰা বৰঙণি আগবঢ়োৱা সদস্যসকলক সামৰি লৈছে।

বছৰভিত্তিক তুলনাত দেখা যায় যে ২০২০ ৰ অক্টোবৰত সুস্থ ৫৬% বিকাশ হৈছে। ২০১৯ ৰ অক্টোবৰ মাহত পঞ্জীকৃত ৭.৩৯ লাখ মুঠ চাবচক্ৰাইবাৰ বিকাশৰ তুলনাত এই মুঠ পে’ৰুল সংযোজন লাভ কৰা যায়, যিয়ে ক’ভিড-১৯ পূৰ্বৰ স্তৰৰ বলিষ্ঠ পুনৰ উদ্ধাৰ সূচিত কৰিছে।

২০২০ ৰ অক্টোবৰ মাহটোত, প্ৰায় ৭.১৫ লাখ নতুন সদস্যই ইপিএফঅ’ত যোগদান কৰে আৰু ২০২০ ৰ অক্টোবৰত প্ৰায় ২.৪০ লাখ সদস্যই প্ৰস্থান কৰে। মোটামুটিভাৱে ৬.৮০ লাখ সদস্যই প্ৰস্থান কৰে আৰু ইপিএফঅ’ত পুনৰ যোগদান কৰে, যিয়ে ইপিএফঅ’ৰদ্বাৰা সামৰি লোৱা প্ৰতিষ্ঠানসমূহৰ ভিতৰত চাবচক্ৰাইবাৰসকলৰদ্বাৰা নিয়োগ লাভকে সূচিত কৰিছে আৰু চূড়ান্ত নিষ্পত্তিৰ অৰ্থে পচ্ছন্দৰ বিপৰীতে পুঁজিৰ হস্তান্তৰৰদ্বাৰা চাবচক্ৰাইবাৰসকলে সদস্যতা বাহাল ৰাখিবলৈ পচ্ছন্দকে প্ৰতিফলিত কৰিছে। প্ৰস্থান কৰা সদস্যসকলৰ পুনৰ যোগদানে তদুপৰি ভাৰতত সক্ৰিয় ক’ভিড-১৯ ঘটনা হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত কৰ্মচাৰীসকলে তেওঁলোকৰ কৰ্মলৈ প্ৰত্যাৱৰ্তন কৰাটোকে সূচিত কৰিছে।

উল্লেখযোগ্য যে, ২০২০ ৰ অক্টোবৰৰ বাবে্ মুঠ চাবচক্ৰাইবাৰৰ সৰ্বাধিক সংখ্যা ১৮-২৫ এজ-ব্ৰেকেটৰপৰা হৈছে, ভাৰতৰ জনগাঁথনিৰ প্ৰকৃতিৰ বাবে সম্ভৱতঃ এনে হৈছে। লেবাৰ মাৰ্কেটত ১৮-২৫ এজ-গ্ৰুপৰ সদস্যসকলক ফ্ৰেছ হেণ্ড হিচাপে গণ্য কৰিব পাৰি আৰু ই ২০২০ ৰ অক্টোবৰৰ কাৰণে মুঠ চাবচক্ৰাইবাৰ সংযোজনৰ ৫০% বৰঙণি যোগান ধৰিছে।

পে’ৰুল সংখ্যাৰ ৰাজ্য-ভিত্তিক বন্টনে দেখুৱাই যে মহাৰাষ্ট্ৰ, কৰ্ণাটক, তামিল নাডু, গুজৰাট আৰু হাৰিয়ানা এমপ্লইমেন্ট ৰিক’ভাৰী চাইকলৰ আগশাৰীতেই অৱস্থান কৰি আহিছে যিয়ে সকলো এজ গ্ৰুপ নিৰ্বিশেষে ২০২০ ৰ এপ্ৰিলৰপৰা অক্টোবৰলৈ চলিত বিত্তীয় বছৰটোৰ প্ৰথম সাত মাহত মুঠ পে’ৰুল সংযোজন (মুঠ ৩৯.৩৩ লাখ) ৰ প্ৰায় ৫৩% সংযোজন ঘটাইছে।

উদ্যোগৰ পৰ্যায়-ভিত্তিক বিশ্লেষণে সূচিত কৰিছে যে ‘এক্সপাৰ্ট ছাৰ্ভিচ’ পৰ্যায়ে ইয়াৰ পুনৰ উদ্ধাৰৰ দিশত ধাৱমান হৈ আছে, যিয়ে চলিত বিত্তীয় বৰ্ষটোৰ মুঠ পে’ৰুলৰ ৬০% সংযোজন ঘটাইছে। তথাপি, বিল্ডিং এণ্ড কনচট্ৰাকশ্যন, ট্ৰেডিং-কমাৰ্ছিয়েল এছটাবলিচমেন্ট, ইঞ্জিনিয়াৰ্ছ এণ্ড ইঞ্জিনিয়াৰিং কনট্ৰেক্টৰ্ছ আৰু ইলেকট্ৰিকেল, মেকানিকেল ও সাধাৰণ ইঞ্জনিয়াৰিং প্ৰডাক্টৰ দৰে আন উদ্যোগ শ্ৰেণী-বিভাজনত প্ৰদৰ্শনে সূচিত কৰিছে যে আন খণ্ডসমূহতো একেদৰে পুনৰ উদ্ধাৰে গতি লাভ কৰিছে।

লিংগ-ভিত্তিক বিশ্লেষণে প্ৰদৰ্শন কৰিছে যে ২০২০ ৰ অক্টোবৰত প্ৰায় ২.০৮ লাখ মহিলা চাবচক্ৰাইবাৰৰ সংযোজন ঘটে। ২০২০ ৰ অক্টোবৰত নতুন চাবচক্ৰাইবাৰৰ ২১% হৈছে মহিলা।

ইপিএফঅ’ হৈছে এটা সামাজিক সুৰক্ষা সংস্থা যিয়ে ইপিএফ ও এমপি আইন, ১৯৫২ ৰ আউটিৰ অধীনত সদস্যসকললৈ ভিন্ন সেৱা আগবঢ়ায়। ইয়াত অন্তৰ্ভুক্ত হৈছে প্ৰভিডেন্ট ফাণ্ড, অৱসৰত পেন্সন আৰু সদস্যৰ অকাল মৃত্যুত পৰিয়াল পেন্সন/বীমা। এই পে’ৰুল তথ্য অস্থায়ী কিয়নো কৰ্মচাৰীৰ ৰেকৰ্ড আপডেটিং এটা নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া আৰু মাহৰ পাছত মাহ অনুসৰি আপডেট কৰা হৈ থাকে।

****

RCJ/RNM/IA/SB



(Release ID: 1682330) Visitor Counter : 148