জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

ট্ৰাইবছ ইণ্ডিয়াৰ কলকাতা আৰু গোৱালিয়ৰৰ বিক্ৰী কেন্দ্ৰৰ উদ্বোধন কৰিলে শ্ৰী অৰ্জুন মুণ্ডা

বৰ্তমান সমগ্ৰ দেশতে আছে ১২৫ খনকৈ বিপনী

Posted On: 19 DEC 2020 7:36PM by PIB Guwahati

কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাই আজি কলকাতাত দুটা ট্ৰাইবছ ইণ্ডিয়া শ্ব’ৰূমৰ শুভ উদ্বোধন কৰে। ইয়াৰ এটা কলকাতাত আৰু আন এটা আছে গোয়ালিয়ৰত। অনুষ্ঠানত জনজাতীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী ৰেণুকা সিং, ট্ৰাইফেডৰ অধ্যক্ষ শ্ৰী ৰমেশ চাঁদ মীনা, জনজাতীয় পৰিক্ৰমা দপ্তৰৰ সচিব শ্ৰী দীপক খাণ্ডেকাৰ আৰু ট্ৰাইফেডৰ পৰিচালন সঞ্চালক শ্ৰী প্ৰবীৰ কৃষ্ণও উপস্থিত থাকে। কলকাতাত ট্ৰাইবছ ইণ্ডিয়াৰ নতুন শ্ব’ৰূমটো আছে ছল্টলেকত।

 

পৰম্পৰাগত পদ্ধতিৰে শ্ৰী মুণ্ডাই বন্তি প্ৰজ্বলন কৰি এই শ্ব’ৰূম উদ্বোধন কৰে। ইয়াৰ পিছতে তেওঁ এই বিক্ৰয় কেন্দ্ৰত জনজাতীয় লোকসকলৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী পৰিদৰ্শন কৰে আৰু কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। এই বিক্ৰয় কেন্দ্ৰত প্ৰাকৃতিক, জৈৱ ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পন্ন বিভিন্ন উপাদনৰ উপৰিও হস্তশিল্পৰ বিভিন্ন সামগ্ৰী আছে।

 

শ্ৰী মুণ্ডাই কয়, জনজাতীয় লোকসকলৰ দ্বাৰা উৎপাদিত পণ্য সামগ্ৰী ট্ৰাইবছ ইণ্ডিইয়াত বিক্ৰীৰ বাবে ৰখা হয়। ইয়াত লগতে আছে বন ধন প্ৰাকৃতিক আৰু ৰোগ প্ৰতিৰোধক্ষম বিভিন্ন সামগ্ৰী। আজি ট্ৰাইবছ ইণ্ডিয়াৰ ১২৪ আৰু ১২৫তম বিক্ৰয় কেন্দ্ৰৰ উদ্বোধন কৰা হৈছে। দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় ৮ শতাংশ লোক জনজাতীয় সম্প্ৰদায়ৰ। তেওঁলোকৰ শিল্পকলা সংৰক্ষণ আৰু প্ৰচাৰৰ গুৰুত্বৰ কথাও শ্ৰী মুণ্ডাই জনায়। সমাজৰ পিছ পৰা এইসকল লোকৰ আৰ্থ-সামাজিক উন্নয়নত ট্ৰাইফেডৰ বিভিন্ন উদ্যোগৰ বাবেও তেওঁ সন্তোষ প্ৰকাশ কৰে।

A picture containing text, person, indoorDescription automatically generated

জনজাতি পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী ৰেণুকা সিং, মহামাৰীৰ সময়ত ট্ৰাইফেডৰ সদস্যসকলে যি অভূতপূৰ্ব উদ্যোগ গ্ৰহণ কৰিছে, তাৰ বাবে তেওঁলোককো অভিনন্দন জনায় তেওঁ। তেওঁ স্থানীয় পণ্যৰ বাবে সকলোকে উৎসাহী হ’বৰ বাবে অনুৰোধ জনাইছে। ট্ৰাইফেডৰ অধ্যক্ষ শ্ৰী ৰমেশ চাঁদ মীনাই জনজাতীয় লোকসকলৰ উন্নয়নত সংস্থাৰ কৰ্মীসকলৰ ভূমিকাৰ প্ৰশংসা কৰে।

 

এই দুটা কেন্দ্ৰই সংশ্লিষ্ট চহৰ দুখনত ট্ৰাইবছ ইণ্ডিয়াৰ দ্বিতীয় কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। ১৯৯৯ চনত নতুন দিল্লীত ৯ নম্বৰ মহাদেও ৰোডত ট্ৰাইবছ ইণ্ডিয়াৰ প্ৰথমটো বিক্ৰয় কেন্দ্ৰ মুকলি কৰা হৈছিল। বৰ্তমান দেশৰ ২৭ খন ৰাজ্যৰ আটাইকেইখনতে মুঠ ১২৫ টা এই ধৰণৰ বিক্ৰয় কেন্দ্ৰ আৰম্ভ কৰা হৈছে। কলকাতা আৰু গোয়ালিয়ৰৰ এই দুটা কেন্দ্ৰত বন ধনৰ প্ৰয়োজনীয় আৰু ৰোগ প্ৰতিৰোধৰ পণ্য সামগ্ৰী পোৱা যাব, যি এই মহামাৰীৰ সময়ত অত্যন্ত সহায়ক বিবেচিত হ’ব।

A group of people in clothingDescription automatically generated with medium confidenceA picture containing person, group, standing, peopleDescription automatically generated

ট্ৰাইফেডৰ মহানিৰ্দেশক শ্ৰী প্ৰবীণ কৃষ্ণই, তেওঁৰ আদৰণি ভাষণত কয়, নতুন আৰু বিস্তৃত বজাৰত জনজাতীয় লোকসকলৰ দ্বাৰা উৎপাদিত বিভিন্ন সামগ্ৰী উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত এই সংস্থাই সহায় কৰিব। জনজাতীয় লোকসকলৰ সবলীকৰণৰ বাবে বিভিন্ন উদ্যোগ গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভোকেল ফৰ লোকেলৰ আহ্বানেৰে সংস্থাটোৱে জনজাতীয় লোকসকলৰ দ্বাৰা প্ৰস্তুত কৰা ৫ লাখ বিভিন্ন সামগ্ৰী ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত অনলাইনৰ মাধ্যমেৰে বিক্ৰীৰ ব্যৱস্থা কৰিছে।

জনজাতীয় শিল্পীসকলৰ জীৱিকাৰ সুবিধাৰ বাবে, তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বজাৰকৰণৰ কামত ট্ৰাইফেড সকলো সময়তে সচেষ্ট হৈ থাকে। পিছপৰা লোকসকলৰ সবলীকৰণৰ বাবে এই সংস্থাই ট্ৰাইবছ ইণ্ডিয়া বেণ্ডৰ অধীনত শিল্প আৰু কাৰুকলাৰ বিভিন্ন সামগ্ৰী সংগ্ৰহ কৰি সেইবোৰ বজাৰকৰণৰ কাম কৰে। দেশজুৰি জনজাতীয় লোকসকলৰ স্বাৰ্থ ৰক্ষাত এই সংস্থা অঙ্গীকাৰবদ্ধ – তেওঁলোকৰ সবলীকৰণ আৰু জীৱিকাৰ বাবে ইতিমধ্যে বিভিন্ন উদ্যোগো গ্ৰহণ কৰা হৈছে।

*****



(Release ID: 1682126) Visitor Counter : 147